যদি তোমালোকে বিচৰা তেন্তে মই তোমালোকক দিব পাৰোঁ, কিন্তু এই সম্পদত ধনী আৰু কৰ্মক্ষম ব্যক্তিৰ কোনো অংশ নাই।
উবাইদুল্লাহ ইবনু আদী ইবনুল খিয়াৰৰ দ্বাৰা বৰ্ণিত, তেওঁ কৈছেঃ মোক দুজন ব্যক্তিয়ে জনাইছে যে, তেওঁলোকে বিদায়ী হজ্জৰ দিনা নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত গৈ উপস্থিত হয়, সেই সময়ত তেখেতে চাদাক্বাহ বিতৰণ কৰি আছিল। তেওঁলোকে তেখেতৰ পৰা সেই বিতৰণকৃত চাদাক্বাৰ পৰা কিছু ধন বি…

