HadeethEnc · 1.16.0
যদি তোমালোকে বিচৰা তেন্তে মই তোমালোকক দিব পাৰোঁ, কিন্তু এই সম্পদত ধনী আৰু কৰ্মক্ষম ব্যক্তিৰ কোনো অংশ নাই।
Available translations
Choose an available translation of this Hadeeth
01
Hadeeth text
উবাইদুল্লাহ ইবনু আদী ইবনুল খিয়াৰৰ দ্বাৰা বৰ্ণিত, তেওঁ কৈছেঃ মোক দুজন ব্যক্তিয়ে জনাইছে যে, তেওঁলোকে বিদায়ী হজ্জৰ দিনা নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত গৈ উপস্থিত হয়, সেই সময়ত তেখেতে চাদাক্বাহ বিতৰণ কৰি আছিল। তেওঁলোকে তেখেতৰ পৰা সেই বিতৰণকৃত চাদাক্বাৰ পৰা কিছু ধন বিচাৰিলে। (তেওঁলোকে কৈছে) তেখেতে আমাৰ ফালে দৃষ্টিপাত কৰি আকৌ তলমূৰ কৰিলে। তেখেতে দেখিলে যে, আমি দুয়ো স্বাস্থ্যৱান। সেয়ে তেখেতে ক'লেঃ "যদি তোমালোকে বিচৰা তেন্তে মই তোমালোকক দিব পাৰোঁ, কিন্তু এই সম্পদত ধনী আৰু কৰ্মক্ষম ব্যক্তিৰ কোনো অংশ নাই।"
02
Explanation
হাদীছটোত উল্লেখ হৈছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাজ্জাতুল বিদাৰ সময়ত চাদাক্বা বিতৰণ কৰি আছিল, সেই সময়ত দুজন ব্যক্তি আহি উপস্থিত হয়, আৰু তেওঁলোকে সেই চাদাক্বাৰ পৰা অংশ বিচাৰে। তেতিয়া তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে সিহঁতৰ ফালে দৃষ্টিপাত কৰে আৰু সিহঁতৰ অৱস্থা সম্পৰ্কে অৱগত হয় যে, সিহঁত আচলতেই চাদাক্বা খোৱাৰ উপযুক্ত হয় নে নহয়? তেখেতে দুয়োকে সক্ষম যুৱক হিচাপে দেখি ক'লেঃ যদি তোমালোকে বিচৰা তেন্তে মই তোমালোকক চাদাক্বাৰ ধন দিব পাৰোঁ, কিন্তু যিসকলৰ ওচৰত নিজৰ প্ৰয়োজন পূৰণ কৰিব পৰা ধন আছে, সিহঁতে চাদাক্বা খোৱাৰ যোগ্য নহয়। এইদৰে যিসকলে শ্ৰম কৰি আয় কৰিবলৈ সক্ষম সিহঁতৰো ইয়াত কোনো অংশ নাই। যদিও তাৰ ওচৰত ধনী বুলি গণ্য হ'ব পৰা সম্পদ নাই।
03
Benefits
ধনী ব্যক্তি বা কৰ্ম কৰি খাব পৰা ব্যক্তিয়ে খুজি মাগি খোৱা হাৰাম।
যিসকলৰ সম্পদ সম্পৰ্কে জানিব পৰা নাযায়, সিহঁত দৰিদ্ৰ হিচাপে গণ্য হ'ব, আৰু চাদাক্বা লোৱাৰ যোগ্য বুলি বিবেচিত হ'ব।
কেৱল শাৰীৰিক সক্ষমতাই চাদাক্বা লোৱাৰ পৰা বঞ্চিত হোৱাৰ কাৰণ হ'ব নোৱাৰে। বৰং ইয়াৰ বাবে উপাৰ্জনৰ সক্ষমতা থকাটো অনিবাৰ্য্য।
যিয়ে প্ৰয়োজন অনুসৰি উপাৰ্জন কৰিবলৈ সক্ষম, তাৰ বাবে দান খয়ৰাত তথা যাকাতৰ ধন লোৱা বৈধ নহয়। কাৰণ সি উপাৰ্জনৰ দ্বাৰা সচ্ছল, যিদৰে ধনী ব্যক্তি সম্পদ থকাৰ কাৰণে সচ্ছল।
নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ মহান শিক্ষাই মুছলিম ব্যক্তিক আত্মমৰ্যাদা আৰু দানশীলতাৰ প্ৰতি উৎসাহিত কৰে। পক্ষান্তৰে সহায় বিচৰা, আনৰ ওচৰত হাত পতা আৰু অলসতা আদি কেতিয়াও ভাল লক্ষণ নহয়।

Attribution
[رواه أبو داود والنسائي]
Categories
Share
Share hadeeth
Sharing options · 0 Total shares