নামাজত থকা ব্যক্তিৰ সন্মুখেৰে পাৰ হোৱা ব্যক্তিয়ে যদি জানিলেহেঁতেন যে, এইটো কিমান ডাঙৰ অপৰাধ, তেন্তে সি মুচল্লীৰ সন্মুখেৰে পাৰ হোৱাতকৈ ৪০ (দিন, মাহ বা বছৰ) ৰখি থকাটোকে উত্তম বুলি গণ্য কৰিলেহেঁতেন।
বুছৰ ইবনে ছাঈদৰ পৰা বৰ্ণিত যে, যায়েদ ইবনে খালিদ আল-জুহানী ৰাদ্বিয়াল্লাহু আনহুৱে তেওঁক আবূ জুহায়ম ৰাদ্বিয়াল্লাহু আনহুৰ ওচৰলৈ প্ৰেৰণ কৰিলে, এইটো সুধিবলৈ যে, নামাজীৰ সন্মুখেৰে পাৰ হোৱাৰ বিষয়ত তেওঁ ৰাছুলুল্লাহ্ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা কি শুনিছে? আবূ জুহায়মে ক'লেঃ…

