“যি ব্যক্তিয়ে মোৰ এই উযুৰ দৰে উযু কৰিব, আৰু তাৰ পিছত দুই ৰাক‘আত চালাত আদায় কৰিব, য’ত তেওঁ পৃথিৱীৰ প্ৰতি কোনো ধৰণৰ মনোযোগ নিদিব, তাৰ পূর্বৰ গুনাহসমূহ ক্ষমা কৰি দিয়া হ’ব”।
উছমানৰ সঙ্গী হুমৰানৰ পৰা বৰ্ণিত। তেওঁ ‘উছমান ইবনে আফফান ৰাদ্বিয়াল্লাহু ‘আনহুক দেখিছে যে, তেওঁ পানী আনিবলৈ আদেশ দিলে আৰু সেই পানী তেওঁ দুয়ো হাতৰ তালুত তিনিবাৰ ঢালি দুয়ো হাত ধুই ল’লে। ইয়াৰ পিছত তেওঁ সোঁহাত পাত্রৰ ভিতৰত সোমাই দিলে। ইয়াৰ পিছত কুলি কৰিলে আৰু নাকত পানী দি নাক…

