“যি ব্যক্তিয়ে মোৰ এই উযুৰ দৰে উযু কৰিব, আৰু তাৰ পিছত দুই ৰাক‘আত চালাত আদায় কৰিব, য’ত তেওঁ পৃথিৱীৰ প্ৰতি কোনো ধৰণৰ মনোযোগ নিদিব, তাৰ পূর্বৰ গুনাহসমূহ ক্ষমা কৰি দিয়া হ’ব”।
Choose an available translation of this Hadeeth
Hadeeth text
উছমানৰ সঙ্গী হুমৰানৰ পৰা বৰ্ণিত। তেওঁ ‘উছমান ইবনে আফফান ৰাদ্বিয়াল্লাহু ‘আনহুক দেখিছে যে, তেওঁ পানী আনিবলৈ আদেশ দিলে আৰু সেই পানী তেওঁ দুয়ো হাতৰ তালুত তিনিবাৰ ঢালি দুয়ো হাত ধুই ল’লে। ইয়াৰ পিছত তেওঁ সোঁহাত পাত্রৰ ভিতৰত সোমাই দিলে। ইয়াৰ পিছত কুলি কৰিলে আৰু নাকত পানী দি নাক পৰিস্কাৰ কৰিলে। ইয়াৰ পিছত তেওঁ তিনিবাৰ মুখমণ্ডল ধুলে আৰু দুয়োহাত কিলাকুটিলৈকে তিনিবাৰ ধুলে। ইয়াৰ পিছত মূৰ মছেহ কৰিলে। তাৰ পিছত দুই ভৰি সৰুগাঁঠিলৈকে তিনিবাৰ ধুলে। ইয়াৰ পিছত তেওঁ ক’লেঃ মই আল্লাহৰ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক মোৰ এই উযুৰ দৰে উযু কৰা দেখিছোঁ। আৰু ক’লেঃ “যি ব্যক্তিয়ে মোৰ এই উযুৰ দৰে উযু কৰিব, আৰু তাৰ পিছত দুই ৰাক‘আত চালাত আদায় কৰিব, য’ত তেওঁ পৃথিৱীৰ প্ৰতি কোনো ধৰণৰ মনোযোগ নিদিব, তাৰ পূর্বৰ গুনাহসমূহ ক্ষমা কৰি দিয়া হ’ব”।
Explanation
তেওঁ অজু সম্পূৰ্ণ কৰি লোকসকলক জনাই ক'লে যে, তেওঁ নবী চাল্লাল্লাহু আলাইহি অছাল্লামক এইদৰেই অজু কৰা দেখিছে। লগতে তেওঁ লোকসকলক এই সুসংবাদ দিলে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ যিয়ে তেখেতৰ এই অজুৰ দৰে অজু কৰি বিনয় সহকাৰে আল্লাহৰ সন্মুখত উপস্থিত মনে দুই ৰাকাত নামাজ পঢ়িব, তেন্তে আল্লাহে এই পৰিপূৰ্ণ অজু আৰু নিৰ্ভেজাল নামাজৰ বিনিময়ত তাৰ পূৰ্বৱৰ্তী গুনাহসমূহ ক্ষমা কৰি দিব।
Benefits
শিক্ষকে বুজাবলৈ একেবাৰে সহজ পন্থা অৱলম্বন কৰা উচিত, যাতে ছাত্ৰসকলৰ ভালকৈ মনত থাকে। তাৰে অন্যতম এটা উপায় হৈছে কাৰ্যকৰী কৰি দেখুৱা।
নামাজত বাধা সৃষ্টি কৰিব পৰা দুনিয়াবী সকলো বিষয়ৰ পৰা মুচল্লীয়ে নিজকে মুক্ত কৰি লোৱা উচিত। কাৰণ পৰিপূৰ্ণৰূপে নামাজ পঢ়িবলৈ অন্তৰ উপস্থিত থকাটো বাঞ্চনীয়। অন্যথা বিভিন্ন চিন্তাই নামাজত বিঘিনি সৃষ্টি কৰিব। গতিকে এই ক্ষেত্ৰত অন্তৰৰ সৈতে সংগ্ৰাম কৰা উচিত, ইয়াত অৱহেলা কৰা উচিত নহয়।
অজু কৰাৰ ক্ষেত্ৰত সোঁফালক প্ৰাধান্য দিয়া মুস্তাহাব।
কুলি কৰা, নাকত পানী দিয়া আৰু নাক চাফ কৰা, এই তিনিটা যথাক্ৰমে পালন কৰাৰ বৈধতা।
মুখমণ্ডল, দুয়ো হাত আৰু দুয়ো ভৰি তিনিবাৰকৈ ধোৱা মুস্তাহাব। কিন্তু নিম্নতম এবাৰ ধোৱা ওৱাজিব।
হাদীছটোত উল্লেখিত পদ্ধতি অনুযায়ী অজু কৰিলে আৰু দুই ৰাকাত নামাজ পঢ়িলে পূৰ্বৱৰ্তী গুনাহসমূহ মাফ হৈ যায়।
অজুৰ প্ৰতিটো অংগ ধোৱাৰ এটা সীমা আছে। মুখমণ্ডলৰ সীমা হৈছেঃ দৈৰ্ঘ্য হিচাপে মূৰৰ চুলি গজা ঠাইৰ পৰা দাড়ি গজা থুতুৰিৰ তললৈকে, আৰু প্ৰশস্ত হিচাপে সোঁ কাণৰ পৰা বাওঁ কাণলৈকে। হাতৰ সীমা হৈছেঃ আঙুলিৰ মূৰৰ পৰা কিলাকুটিৰ সংযোগলৈকে। মূৰৰ সীমা হৈছেঃ কপালৰ ফালে মূৰৰ চুলি গজা ঠাইৰ পৰা পিছফালে ঘাৰৰ ওপৰিভাগত মূৰৰ চুলিৰ শেষ সীমালৈকে। কাণ মছেহ কৰাটো হৈছে মূৰৰ অন্তৰ্ভুক্ত। ভৰিৰ সীমা হৈছেঃ ভৰিৰ সৰুগাঁঠিক সামৰিলৈ তলফালৰ গোটেইখিনি অংশ।
Attribution
Categories
Share hadeeth
Sharing options · 0 Total shares

