এইটো এটা সিৰাৰ তেজ। কেৱল সেই পৰিমাণ দিন নামাজ ত্যাগ কৰিবা যিমান পৰিমাণ দিন ইতিপূৰ্বে তোমাৰ হায়েজ হৈছিল। সেই কেইদিন পাৰ হোৱাৰ পিছত গোছল কৰিবা আৰু নামাজ পঢ়িবা।
উম্মুল মুমিনীন আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ দ্বাৰা বৰ্ণিত, ফাতিমা বিন্তে আবি হুবাইশ্বে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহি ক'লে যে, মোৰ অতিমাত্ৰা ৰক্তক্ষৰণ হয়, পৱিত্ৰ হ'বই নোৱাৰোঁ। এনে অৱস্থাত মই নামাজ পৰিত্যাগ কৰিব পাৰিমনে? তেখেতে ক'লেঃ "নহয়, এইটো এটা সিৰাৰ তেজ।…

