মই আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাক সুধিলোঁ, ইয়াৰ কাৰণটো কি যে, হায়েজ (মাহেকীয়া) অৱস্থাত থকা নাৰীসকলে ৰোজাৰ কাজা কৰিব লাগে আৰু নামাজ কাজা কৰিব নালাগে?
Choose an available translation of this Hadeeth
Hadeeth text
মুআজাৰ সূত্ৰত বৰ্ণিত, তেওঁ কৈছেঃ মই আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাক সুধিলোঁ, ইয়াৰ কাৰণটো কি যে, হায়েজ (মাহেকীয়া) অৱস্থাত থকা নাৰীসকলে ৰোজাৰ কাজা কৰিব লাগে আৰু নামাজ কাজা কৰিব নালাগে? তেওঁ ক'লেঃ তুমি হাৰুৰিয়্যা নেকি (অৰ্থাৎ খাৰিজি নেকি)? মই ক'লোঁ, নহয়, মই হাৰুৰিয়্যা নহয়। কিন্তু মই সুধিছোঁহে। তেওঁ ক'লেঃ শুনা! (নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ যুগত) আমাৰ যেতিয়া মাহেকীয়া হৈছিল, তেতিয়া আমাক কেৱল ৰোজা কাজা কৰাৰ নিৰ্দেশ দিয়া হৈছিল, নামাজ কাজা পালন কৰাৰ নিৰ্দেশ দিয়া হোৱা নাছিল।
Explanation
Benefits
কুফা নগৰৰ ওচৰত অৱস্থিত হাৰুৰা নামক চহৰৰ সৈতে সম্পৰ্ক ৰাখি খাৱাৰিজসকলৰ এটা দলক হাৰূৰিয়্যা নামেৰে নামকৰণ কৰা হৈছে। কাৰণ সিহঁতে নিজৰ ওপৰত অত্যন্ত কঠোৰতা অৱলম্বন কৰিছিল, আৰু আঁকোৰগোজ হৈ বহুত প্ৰশ্ন কৰিছিল।
শিকিবলৈ অহা তথা দিশ-নিৰ্দেশনা ল'বলৈ অহা শিক্ষাৰ্থীক শিক্ষকে ব্যাখ্যা কৰি শিকোৱা উচিত।
দলিলৰ দ্বাৰা উত্তৰ দিয়াটোৱে হৈছে উত্তম। কাৰণ আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাই এই হাদীছটোত ভাৱাৰ্থ উল্লেখ কৰা নাই। কিয়নো প্ৰমাণাদিৰ দ্বাৰা উত্তৰ দিয়াটোৱে হৈছে প্ৰতিবাদীক বাকৰুদ্ধ কৰাৰ সঠিক উপায়।
আল্লাহ আৰু তেওঁৰ ৰাছুলৰ নিৰ্দেশনাৰ প্ৰতি আত্মসমৰ্পণ কৰাটো বাধ্যতামূলক, যদিও বান্দাই সেইটোৰ হিকমত সম্পৰ্কে অৱগত হওক বা নহওক।
ইমাম নাৱাৱীয়ে কৈছেঃ আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ এই কথাটো কোৱাৰ অৰ্থ হৈছে, খাৱাৰিজসকলে মাহেকীয়া অৱস্থাত থকা নাৰীসকলে এৰি দিয়া নামাজবোৰ কাজা কৰাৰ নিৰ্দেশ দিয়ে, যিটো মুছলিমসকলৰ ইজমা (ঐক্যমত)ৰ পৰিপন্থী। সেই কাৰণে তেওঁ প্ৰশ্ন কৰি বিষয়টোক অস্বীকাৰ কৰিছিল। তেওঁ এইটো বুজাব বিচাৰিছিল যে, এইটো হৈছে হাৰূৰিয়্যাসকলৰ নীতি, এইটো অত্যন্ত নিকৃষ্ট নীতি।
Attribution
Categories
Share hadeeth
Sharing options · 0 Total shares

