তুমি কেৱল নিজৰ দুই হাতেৰে এনেকৈ কৰিলেই যথেষ্ট আছিল।" তেখেতে দেখুৱাই দিবলৈ নিজৰ দুয়ো হাত মাটিত এবাৰ স্পৰ্শ কৰিলে, তাৰ পিছত ইটো হাতেৰে সিটো হাতৰ পৃষ্ঠভাগ মছেহ কৰিলে আৰু মুখমণ্ডল মছেহ কৰিলে।
আম্মাৰ বিন য়াছিৰ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে মোক কিবা কামত বাহিৰলৈ প্ৰেৰণ কৰিলে, (ভ্ৰমণ অৱস্থাতে) মোৰ ওপৰত গোছল ফৰজ হৈ পৰিল, কিন্তু পৱিত্ৰতা অৰ্জন কৰিবলৈ মই পানী বিচাৰি নাপালোঁ। ফলত মই মাটিত জন্তুৰ দৰে বাগৰি বাগৰ…

