افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم.
#3461[ছহীহ]
HadeethEnc · 1.16.0

তুমি কেৱল নিজৰ দুই হাতেৰে এনেকৈ কৰিলেই যথেষ্ট আছিল।" তেখেতে দেখুৱাই দিবলৈ নিজৰ দুয়ো হাত মাটিত এবাৰ স্পৰ্শ কৰিলে, তাৰ পিছত ইটো হাতেৰে সিটো হাতৰ পৃষ্ঠভাগ মছেহ কৰিলে আৰু মুখমণ্ডল মছেহ কৰিলে।

Available translations

Choose an available translation of this Hadeeth

01

Hadeeth text

আম্মাৰ বিন য়াছিৰ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে মোক কিবা কামত বাহিৰলৈ প্ৰেৰণ কৰিলে, (ভ্ৰমণ অৱস্থাতে) মোৰ ওপৰত গোছল ফৰজ হৈ পৰিল, কিন্তু পৱিত্ৰতা অৰ্জন কৰিবলৈ মই পানী বিচাৰি নাপালোঁ। ফলত মই মাটিত জন্তুৰ দৰে বাগৰি বাগৰি পৱিত্ৰতা অৰ্জনৰ চেষ্টা কৰিলোঁ। যেতিয়া মই নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহিলোঁ তেতিয়া সেই বিষয়টো বৰ্ণনা কৰিলোঁ। তেখেতে ক'লেঃ "তুমি কেৱল নিজৰ দুই হাতেৰে এনেকৈ কৰিলেই যথেষ্ট আছিল।" তেখেতে দেখুৱাই দিবলৈ নিজৰ দুয়ো হাত মাটিত এবাৰ স্পৰ্শ কৰিলে, তাৰ পিছত ইটো হাতেৰে সিটো হাতৰ পৃষ্ঠভাগ মছেহ কৰিলে আৰু মুখমণ্ডল মছেহ কৰিলে।
02

Explanation

এবাৰ আম্মাৰ বিন য়াছিৰ ৰাদ্বিয়াল্লাহু আনহুক নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কিবা কামত ভ্ৰমণলৈ প্ৰেৰণ কৰিলে। তেওঁ সেই ভ্ৰমণতে জুনুবী হ'ল (অৰ্থাৎ তেওঁৰ ওপৰত গোছল ফৰজ হ'ল), বীৰ্য স্খলন হোৱাৰ ফলত। কিন্তু গোছল কৰিবলৈ তেওঁ পানী বিচাৰি নাপালে। গোছল ফৰজ হ'লে কেনেকৈ তায়াম্মুম কৰিব লাগে তেওঁ সেইটো জনা নাছিল। তেওঁ কেৱল অজু ভংগ হ'লে কৰিবলগীয়া তায়াম্মুমৰ বিধান সম্পৰ্কে অৱগত আছিল। গতিকে তেওঁ ইজতিহাদ কৰিলে যে, যিহেতু অজু ভংগ হোৱা অৱস্থাত তায়াম্মুম কৰিবলৈ কেৱল অজুৰ কেইটামান অংগ মছেহ কৰিব লাগে, তেনেহ'লে গোছল ফৰজ হ'লে হয়তো গোটেই শৰীৰত মাটি স্পৰ্শ কৰিব লাগিব। তেওঁ পানীৰ ওপৰত কিয়াছ কৰি এইটো চিন্তা কৰিছিল। সেয়ে তেওঁ মাটিত বাগৰি বাগৰি শৰীৰত মাটি লগাইছিল আৰু তাৰ পিছত নামাজ পঢ়িছিল। ইয়াৰ পিছত তেওঁ যেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহিল, তেতিয়া তেখেতক সেই সম্পূৰ্ণ ঘটনা বিৱৰি ক'লে, যাতে তেওঁ জানিব পাৰে যে, সেইটো কৰা তেওঁৰ বাবে ঠিক হৈছে নে নাই? ঘটনা শুনি নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদাছে আচগাৰ (প্ৰস্ৰাৱ, পায়খানা আদি) আৰু হাদাছে আকবাৰ (গোছল ফৰজ হোৱা অৱস্থাৰ) পৰা পৱিত্ৰতা অৰ্জনৰ নিয়ম শিকাই দিলে যে, নিজৰ দুয়ো হাত মাটিত এবাৰ স্পৰ্শ কৰিব লাগে আৰু তাৰ পিছত ইটো হাতেৰে সিটো হাতৰ পৃষ্ঠভাগক মছেহ কৰিব লাগে আৰু মুখমণ্ডল মছেহ কৰিব লাগে।
03

Benefits

তায়াম্মুম কৰাৰ আগত পানী অনুসন্ধান কৰি চোৱাটো অনিবাৰ্য।
যদি পানী নাথাকে তেন্তে গোছল ফৰজ হ'লেও তায়াম্মুম কৰিব পাৰি।
অজুৰ পৰিবৰ্তে যিদৰে তায়াম্মুম কৰা হয়, গোছল ফৰজ হ'লেও সেইদৰেই তায়াম্মুম কৰিব লাগে।

Attribution

[(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})]

Categories

Share

Share hadeeth

Sharing options · 0 Total shares

Share

← Back to encyclopedia
Shopping Basket

Loading...