HadeethEnc · 1.16.0
(ৰহমতৰ) ফিৰিস্তাহ সেই ভ্ৰমণকাৰী দলৰ সৈতে নাথাকে যিসকলৰ লগত কুকুৰ আৰু ঘণ্টা থাকে।
Available translations
Choose an available translation of this Hadeeth
01
Hadeeth text
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "(ৰহমতৰ) ফিৰিস্তাহ সেই ভ্ৰমণকাৰী দলৰ সৈতে নাথাকে যিসকলৰ লগত কুকুৰ আৰু ঘণ্টা থাকে।"
02
Explanation
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, ৰহমতৰ ফিৰিস্তা সেইসকল ভ্ৰমণকাৰী লোকৰ সৈতে নাথাকে যিসকলে ভ্ৰমণকালত নিজৰ সৈতে কুকুৰ আৰু ঘণ্টা লৈ যায়। ঘণ্টা সিহঁতে সিহঁতৰ লগত থকা জন্তুবোৰৰ ডিঙিত ওলমাই দিয়ে যাতে খোঁজকাঢ়িলে শব্দ কৰে।
03
Benefits
কুকুৰ ৰাখিবলৈ তথা পালিবলৈ নিষেধ কৰা হৈছে। আনহাতে চিকাৰ কৰাৰ বাবে বা পহৰাৰ বাবে কুকুৰ ৰখাত কোনো বাধা নাই।
এই সময়ত কেৱল ৰহমতৰ ফিৰিস্তাহে লগত নাথাকে। আনহাতে সংৰক্ষণকাৰী ফিৰিস্তাসকলে কেতিয়াও বান্দাৰ লগ নেৰে, স্ব-স্থানতে হওক বা ভ্ৰমণ অৱস্থাতে হওক।
ঘণ্টা নিষেধ কৰাৰ কাৰণ হৈছে, ঘণ্টা হৈছে চয়তানৰ এটা বাধ্যযন্ত্ৰ। লগতে ইয়াৰ সৈতে খ্ৰীষ্টানসকলৰ ঘণ্টাৰ সাদৃশ্য আছে।
প্ৰতিজন মুছলিমে এনেকুৱা সকলো কামৰ পৰা নিজকে আঁতৰাই ৰখা উচিত যিটো কৰিলে ফিৰিস্তাসকল আঁতৰি যায়।

Attribution
[(মুছলিম)]
Categories
Share
Share hadeeth
Sharing options · 0 Total shares