তেওঁ কৈছে আমাক ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লামে হাদীছ বৰ্ণনা কৰিছে— যিজন সত্যবাদী আৰু যাৰ কথাক সত্য বুলি মানি লোৱা হয়— তেখেতে আমাক কৈছে: মাতৃগৰ্ভত তোমালোকৰ সৃষ্টি চল্লিশ দিন আৰু চল্লিশ ৰাতিলৈকে শুক্ৰৰূপে জমা হোৱাৰ মাধ্যমত আৰম্ভ হয়
Choose an available translation of this Hadeeth
Hadeeth text
আব্দুল্লাহ বিন মাছউদ -ৰাদ্বিয়াল্লাহু আনহু-ৰ পৰা বৰ্ণিতঃ তেওঁ কৈছে আমাক ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লামে হাদীছ বৰ্ণনা কৰিছে— যিজন সত্যবাদী আৰু যাৰ কথাক সত্য বুলি মানি লোৱা হয়— তেখেতে আমাক কৈছে: মাতৃগৰ্ভত তোমালোকৰ সৃষ্টি চল্লিশ দিন আৰু চল্লিশ ৰাতিলৈকে শুক্ৰৰূপে জমা হোৱাৰ মাধ্যমত আৰম্ভ হয়, পৰৱৰ্তী চল্লিশ দিন জমাট বন্ধা ৰক্তপিণ্ড হিচাপে থাকে, তাৰ পিছৰ চল্লিশ দিন মাংসপিণ্ড ৰূপে থাকে, তাৰ পিছত তাৰ ওচৰলৈ এজন ফিৰিস্তা প্ৰেৰণ কৰা হয়। সেই ফিৰিস্তাক চাৰিটা কথা লিখিবলৈ নিৰ্দেশ দিয়া হয়। ফলত তেওঁ তাৰ জীৱিকা, বয়স, কৰ্ম আৰু সি সৌভাগ্যৱান হ'ব নে দুৰ্ভগীয়া হ'ব সেইটো লিখি দিয়ে। ইয়াৰ পিছত তেওঁ তাৰ মাজত ৰূহ প্ৰৱেশ কৰায়।
এতেকে তোমালোকৰ মাজৰ কোনোবাই জান্নাতবাসীৰ দৰে কাম কৰে - আনকি তাৰ আৰু জান্নাতৰ মাজত কেৱল এক হাত পৰিমাণ ব্যৱধান থাকে, এনে অৱস্থাত তাৰ (ভাগ্যৰ) লিখনে তাৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে, ফলত সি জাহান্নামীসকলৰ দৰে কাম কৰা আৰম্ভ কৰে আৰু ইয়াৰ ফলত সি তাত প্ৰৱেশ কৰে।
এইদৰে তোমালোকৰ মাজৰ কোনোবাই জাহান্নামীসকলৰ দৰে কাম কৰে- আনকি তাৰ আৰু জাহান্নামৰ মাজত মাত্ৰ এক হাত পৰিমাণ ব্যৱধান থাকে, এনে অৱস্থাত তাৰ (ভাগ্যৰ) লিখনে তাৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে, ফলত সি জান্নাতবাসীসকলৰ দৰে কাম কৰা আৰম্ভ কৰে আৰু সি তাত প্ৰৱেশ কৰে।
Explanation
Benefits
আমল দেখি প্ৰৱঞ্চনাৰ চিকাৰ হোৱাৰ পৰা সতৰ্ক কৰা হৈছে, কাৰণ (জীৱনৰ) সৰ্বশেষ আমলেই হৈছে আচল আমল।
Attribution
Categories
Share hadeeth
Sharing options · 0 Total shares

