সিহঁতৰ সেই সত্য কথাটো জিনে (ফিৰিস্তাসকলৰ পৰা) অকস্মাৎ চোৰকৈ শুনি লৰ মাৰে আৰু সেইটো মানুহৰ মাজত থকা তাৰ প্ৰিয়জনক মুৰ্গীৰ মাতৰ দৰে শব্দৰে জনাই দিয়ে। ফলত সেই ব্যক্তিজনে এই এটা সত্য কথাৰ সৈতে আৰু এশটা মিছা কথা মিশ্ৰিত কৰি প্ৰচাৰ কৰে।
Choose an available translation of this Hadeeth
Hadeeth text
আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ কিছুমান লোকে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক জ্যোতিষিৰ বিষয়ে প্ৰশ্ন কৰিলে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁলোকক ক'লেঃ "সিহঁতৰ কথাত কোনো সত্যতা নাই।" তেওঁলোকে ক'লেঃ হে আল্লাহৰ ৰাছুল! সিহঁতে কোৱা কিছুমান কথা কেতিয়াবা কেতিয়াবা সত্য প্ৰমাণিত হয়। এই কথা শুনি ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ "সিহঁতৰ সেই সত্য কথাটো জিনে (ফিৰিস্তাসকলৰ পৰা) অকস্মাৎ চোৰকৈ শুনি লৰ মাৰে আৰু সেইটো মানুহৰ মাজত থকা তাৰ প্ৰিয়জনক মুৰ্গীৰ মাতৰ দৰে শব্দৰে জনাই দিয়ে। ফলত সেই ব্যক্তিজনে এই এটা সত্য কথাৰ সৈতে আৰু এশটা মিছা কথা মিশ্ৰিত কৰি প্ৰচাৰ কৰে।"
Explanation
এই কথা শুনি চাহাবাসকলে ক'লে যে, কেতিয়াবা সিহঁতৰ কথাৰ সৈতে বাস্তৱতাৰ মিল পোৱা যায়। অৰ্থাৎ কেতিয়াবা সিহঁতে কয় যে, অমুক মাহৰ অমুক তাৰিখে এইটো ঘটনা ঘটিব আৰু সেইটো সঁচাকৈয়ে হয়।
ইয়াৰ উত্তৰত তেখেতে কৈছেঃ দৰাচলতে জিনসকলে আকাশৰ পৰা কিছুমান কথা কাণ পাতি শুনাৰ চেষ্টা কৰে, তাৰে দুই এটা কথা শুনি সিহঁতে সিহঁতৰ মানৱ বন্ধুৰ মাজৰ পৰা জ্যোতিষিসকলক জনাই দিয়ে, ইপিনে সেই জ্যোতিষিয়ে সেই এটা সঁচা কথাৰ লগতে আৰু এশটা মিছা কথা মিশ্ৰিত কৰি প্ৰচাৰ কৰি দিয়ে।
Benefits
নবী চাল্লাল্লাহু আলাইহি অছাল্লাম নবী হোৱাৰ পিছৰ পৰা আকাশক চয়তানৰ পৰা সুৰক্ষিত কৰা হৈছে, যাতে অহী সম্পৰ্কীয় কথা শুনিব নোৱাৰে। কিন্তু তথাপিও যদি কোনোবাই উল্কাপিণ্ডৰ পৰা সুৰক্ষিত থাকি চোৰকৈ কিবা শুনি পেলায় সেয়া সুকীয়া কথা।
জিনসকলে কিছুমান মানুহক নিজৰ বন্ধু বনাই লয়।
Attribution
Categories
Share hadeeth
Sharing options · 0 Total shares

