মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক (নাৰীৰ প্ৰতি) হঠাতে হোৱা দৃষ্টিপাত সম্পৰ্কে সুধিলোঁ, তেখেত মোক নিৰ্দেশ দিলে যে, লগে লগে দৃষ্টি ওভোতাই ল'বা।
Choose an available translation of this Hadeeth
Hadeeth text
জাৰীৰ বিন আব্দুল্লাহ ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বৰ্ণিত, তেওঁ কৈছেঃ মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক (নাৰীৰ প্ৰতি) হঠাতে হোৱা দৃষ্টিপাত সম্পৰ্কে সুধিলোঁ, তেখেত মোক নিৰ্দেশ দিলে যে, লগে লগে দৃষ্টি ওভোতাই ল'বা।
Explanation
Benefits
যিটোৰ প্ৰতি দৃষ্টিপাত কৰা হাৰাম, তেনেকুৱা বস্তুৰ প্ৰতি যদি অনিচ্ছাকৃতভাৱে আকস্মিক দৃষ্টি পৰে তেন্তে সেই দৃষ্টি অব্যাহত ৰখাৰ পৰা সতৰ্ক কৰা হৈছে।
নাৰীসকলৰ প্ৰতি দৃষ্টিপাত কৰাটো যে হাৰাম এই বিষয়টো চাহাবাসকলৰ ওচৰতো এটা পৰিচিত বিষয় আছিল। ইয়াৰ প্ৰমাণ জাৰীৰ ৰাদ্বিয়াল্লাহু আনহুৰ এই হাদীছ যে, তেওঁ নবী চাল্লাল্লাহু আলাইহি অছাল্লামক আকস্মিক নাৰী ওপৰত পৰা দৃষ্টি সম্পৰ্কে সুধিছিল যে, অনিচ্ছাকৃতভাৱে কোনো নাৰীৰ প্ৰতি দৃষ্টি পৰিলে তাৰ বিধান কি?
ইয়াত বান্দাসকলৰ স্বাৰ্থত চৰীয়তে অত্যন্ত গুৰুত্ব দিছে। এতেকে নাৰীসকলৰ প্ৰতি দৃষ্টিপাত কৰিবলৈ হাৰাম কৰিছে, কাৰণ ইয়াৰ ভিতৰত দ্বিনী আৰু দুনিয়াৱী ক্ষতি আছে।
চাহাবাসকলে যেতিয়াই কোনো কঠিন পৰিস্থিতিৰ সন্মুখীন হৈছিল তেতিয়াই তেওঁলোকে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ তাৰ সমাধান বিচাৰি গৈছিল। এইদৰে সাধাৰণ লোকেও উলামাসকলৰ প্ৰতি প্ৰত্যাৱৰ্তন কৰা উচিত যেতিয়া কোনো এনেকুৱা পৰিস্থিতিৰ সন্মুখীন হয়।
Attribution
Categories
Share hadeeth
Sharing options · 0 Total shares

