পৃথিৱীত এনেকৈ বসবাস কৰা যেনিবা তুমি এজন অচিনাকি ব্যক্তি বা এজন ভ্ৰমণকাৰী।
Choose an available translation of this Hadeeth
Hadeeth text
আব্দুল্লাহ ইবনু ওমৰ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে মোৰ কান্ধত ধৰি কৈছেঃ "পৃথিৱীত এনেকৈ বসবাস কৰা যেনিবা তুমি এজন অচিনাকি ব্যক্তি বা এজন ভ্ৰমণকাৰী।" ইবনে ওমৰ ৰাদ্বিয়াল্লাহু ‘আনহুমাই কৈছেঃ "সন্ধিয়াত উপনীত হ’লে প্ৰভাতৰ অপেক্ষা নকৰিবা আৰু প্ৰভাতত উপনীত হ’লে সন্ধ্যিয়াৰ অপেক্ষা নকৰিবা। অসুস্থতাৰ আগতে সুস্থতাক কামত লগোৱা, আৰু মৃত্যুৰ আগতে জীৱিত অৱস্থাৰ পৰা (পাথেয়) সংগ্ৰহ কৰি লোৱা।"
Explanation
ইবনু ওমৰে এই উপদেশৰ ওপৰত আমল কৰিছিল আৰু তেওঁ কৈছেঃ পুৱাৰ ভাগত উপনীত হ'লে সন্ধিয়াৰ অপেক্ষা নকৰিবা আৰু সন্ধিয়াত উপনীত হ'লে প্ৰভাতৰ কাৰণে অপেক্ষা নকৰিবা। নিজকে কবৰৰ অধিবাসীৰ সৈতে গণনা কৰিবা। কাৰণ বেমাৰ-আজাৰ আৰু সুস্থতাৰ সমষ্টিয়ে হৈছে আয়ু। গতিকে বেমাৰ-আজাৰ হোৱাৰ আগতে সুস্থ অৱস্থাত বেছি বেছি ইবাদত কৰা। এইদৰে অসুস্থ হোৱাৰ আগতে নেক আমলৰ জৰিয়তে সুস্থতাৰ সদ্ব্যৱহাৰ কৰা। পাৰ্থিৱ জীৱনক সৎকৰ্মত নিয়োগ কৰা। ইয়াত কেৱল সেই কাম কৰা যিটোৱে মৃত্যুৰ পিছত তোমাক উপকৃত কৰিব।
Benefits
সেই ব্যক্তিকো প্ৰথমে উপদেশ আৰু দিশ-নিৰ্দেশনা দিয়া উচিত, যিয়ে এইটো নিবিচাৰে।
নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰশিক্ষণ পদ্ধতি অত্যন্ত প্ৰশংসনীয় আছিল, তেখেতে উপযুক্ত উদাহৰণৰ জৰিয়তে বুজাই দিছিল। যেনে- তেখেতে কৈছেঃ "পৃথিৱীত এনেকৈ জীৱন-যাপন কৰা, যেনিবা তুমি এজন অচিনাকি অঘৰী ব্যক্তি অথবা ভ্ৰমণত থকা ব্যক্তি।"
আখিৰাতৰ প্ৰতি ভ্ৰমণৰ ক্ষেত্ৰত মানুহৰ শ্ৰেণী বিভিন্ন ধৰণৰ। পৃথিৱীৰ মোহ-মায়া পৰিত্যাগৰ ক্ষেত্ৰত অচিনাকি অঘৰী লোকৰ তুলনাত ভ্ৰমণকাৰীৰ ধাপ সৰ্বোচ্চ।
আশা-আকাংখা সীমিত ৰখা আৰু মৃত্যুৰ বাবে প্ৰস্তুতি লোৱা।
হাদীছটোৰ দ্বাৰা এইটো বুজোৱা হোৱা নাই যে, জীৱিকা উপাৰ্জন কৰা পৰিত্যাগ কৰিব লাগে তথা পাৰ্থিৱ উপভোগ্য সামগ্ৰী হাৰাম। বৰং পাৰ্থিৱ সামগ্ৰীৰ প্ৰতি থকা লোভ-লালসা এৰি আখিৰাতমুখী হ'বলৈ উৎসাহিত কৰা হৈছে।
অক্ষম হোৱাৰ আগতে নেক আমল সোনকালে কৰা উচিত। অন্যথা বেমাৰ-আজাৰে অথবা মৃত্যুৱে প্ৰাচীৰ হিচাপে থিয় দিব পাৰে।
আব্দুল্লাহ বিন ওমৰৰ ফজীলত, তেওঁ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ এই উপদেশৰ দ্বাৰা প্ৰভাৱিত হৈ ইয়াৰ প্ৰতি আমল কৰিছিল।
মুমিনসকলৰ প্ৰকৃত বাসস্থান হৈছে জান্নাত, পৃথিৱীত তেওঁলোক হৈছে অচিনাকি ব্যক্তিৰ দৰে। মুমিন ব্যক্তি হৈছে আখিৰাতৰ প্ৰতি ভ্ৰমণকাৰী। গতিকে অচিনাকি দেশত তেওঁৰ অন্তৰ কেতিয়াও মোহিত নহয়। বৰং তেওঁ সদায় নিজৰ প্ৰকৃত বাসস্থান সম্পৰ্কে চিন্তা কৰে, য'ত তেওঁ উভতি যাব লাগিব। পৃথিৱীৰ জীৱন হৈছে তেওঁৰ প্ৰয়োজন পূৰণৰ কাৰণে, তথা নিজৰ প্ৰকৃত বাসস্থানলৈ উভতি যোৱাৰ বাবে সম্বল একত্ৰিত কৰাৰ কাৰণে।
Attribution
Categories
Share hadeeth
Sharing options · 0 Total shares

