তোমালোকে পৰস্পৰে হিংসা নকৰিবা, ইজনে সিজনৰ বাবে দালালি কৰি দাম বৃদ্ধি নকৰিবা, পৰস্পৰে বিদ্বেষ পোষণ নকৰিবা, এজনে আনজনৰ পৰা সম্পৰ্কচ্ছেদ নকৰিবা, এজনে ক্ৰয় কৰাৰ ওপৰত আন জনে ক্ৰয় নকৰিবা। হে আল্লাহৰ বান্দাসকল! পৰস্পৰে ভাতৃ হৈ যোৱা।
Choose an available translation of this Hadeeth
Hadeeth text
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "তোমালোকে পৰস্পৰে হিংসা নকৰিবা, ইজনে সিজনৰ বাবে দালালি কৰি দাম বৃদ্ধি নকৰিবা, পৰস্পৰে বিদ্বেষ পোষণ নকৰিবা, এজনে আনজনৰ পৰা সম্পৰ্কচ্ছেদ নকৰিবা, এজনে ক্ৰয় কৰাৰ ওপৰত আন জনে ক্ৰয় নকৰিবা। হে আল্লাহৰ বান্দাসকল! পৰস্পৰে ভাতৃ হৈ যোৱা। এজন মুছলিম হৈছে আন এজন মুছলিমৰ ভাতৃ, সি যেন তাৰ ওপৰত যুলুম নকৰে আৰু তাক সঙ্গীহীন আৰু সহায়হীনভাৱে এৰি নিদিয়ে, আৰু যেন তাক অপমান অপদস্থ নকৰে। তাক্বৱা হৈছে- ইয়াত"। তেখেতে নিজৰ বুকুৰ ফালে তিনিবাৰ ইঙ্গিত কৰিলে। "কোনো মানুহক অনিষ্ট কৰিবলৈ এইখিনিয়ে যথেষ্ট যে, সি তাৰ মুছলিম ভাতৃক নিম্ন আৰু হীন বুলি ভাবে। প্ৰতিজন মুছলিমৰে তেজ, সম্পদ আৰু মান-সন্মান অন্যান্য মুছলিমৰ ওপৰত হাৰাম।"
Explanation
Benefits
অন্তৰত থকা আল্লাহৰ জ্ঞান, তেওঁৰ ভয়, তেওঁৰ নিৰীক্ষণ আদি হৈছে তাক্বৱাৰ ভেটি। এই তাক্বৱাৰ ফলতেই নেক আমল কৰাটো সহজ হৈ পৰে।
বাহ্যিক বিভ্ৰান্তি হৈছে অন্তৰত থকা তাক্বৱাৰ দুৰ্বলতাৰ পৰিচয়।
কথা অথবা কৰ্মৰ দ্বাৰাই হওক, সকলো প্ৰকাৰে মুছলিমক অনিষ্ট কৰাৰ পৰা নিষেধ কৰা হৈছে।
কোনোবাই কোনো মুছলিমৰ সমতুল্য হোৱাৰ কামনা কৰাটো কোনো ঈৰ্ষা নহয়। ইয়াক আৰবীত গিবতাহ বোলে। এইটো বৈধ, কাৰণ কল্যাণৰ ক্ষেত্ৰত প্ৰতিযোগিতা কৰিব পাৰি। কিন্তু যদি সি আনৰ ক্ষতি বিচাৰি সেইটো কামনা কৰে তেন্তে সেইটো হ'ব হাছাদ বা ঈৰ্ষা।
মানুহে স্বভাৱগতভাৱে এইটো কামনা কৰে যে, কোনোৱে যেন তেওঁক পিছ পেলাই আগবাঢ়ি যাব নোৱাৰে। কিন্তু যদি সি আনৰ ক্ষতি কামনা কৰি নিজৰ উন্নতি বিচাৰে তেন্তে এইটো হৈছে নিকৃষ্ট হাছাদ। আনহাতে যদি আনৰ ক্ষতি নিবিচাৰি নিজৰ উন্নতি কামনা কৰি প্ৰতিযোগিতা কৰে তেন্তে এইটো হৈছে গিবতাহ, এইটো জায়েজ।
মুছলিমে নিজৰ ভায়েকৰ বিক্ৰীৰ ওপৰত বিক্ৰী কৰাটো উচিত নহয়। উদাহৰণস্বৰূপে যদি তেওঁ ক্ৰেতাক কয় যে তেওঁক প্ৰতাৰণা কৰা হৈছে, তেন্তে এইটো হৈছে সদুপদেশৰ অন্তৰ্ভুক্ত। কিন্তু যদি তেওঁৰ উদ্দেশ্য ক্ৰেতাক পৰামৰ্শ দিয়া নহয়, বৰং বিক্ৰেতাৰ ক্ষতি কৰাৰ উদ্দেশ্যে হয়, তেন্তে এইটো নিষেধ কৰা হৈছে। কাৰণ আমল নিৰ্ভৰ কৰে নিয়্যতৰ ওপৰত।
যদি ক্ৰেতা আৰু বিক্ৰেতাই কোনো সিদ্ধান্তত উপনীত হোৱা নাই আৰু দামো নিৰ্ধাৰণ কৰা নাই তেন্তে তেনে ক্ষেত্ৰত বেলেগ কোনোবাই কৰা দৰদামক তেওঁৰ ভাতৃৰ দৰদামৰ বিৰুদ্ধে কৰা দৰদাম বুলি গণ্য কৰা নহ'ব।
হাদীছটোত যিটো বিদ্বেষৰ পৰা নিষেধ কৰা হৈছে, আল্লাহৰ বাবে কাৰোবাৰ প্ৰতি শত্ৰুতা পোষণ কৰাটো সেই বিদ্বেষৰ অন্তৰ্ভুক্ত নহয়। কাৰণ এইটো হৈছে ওৱাজিব তথা ঈমানৰ এটা অন্যতম মজবুত বন্ধন।
Attribution
Categories
Share hadeeth
Sharing options · 0 Total shares

