HadeethEnc · 1.16.0
যিজন মুছলিমে সুন্দৰকৈ অজু কৰি, মনে প্ৰাণে আন্তৰিকতাৰে থিয় হৈ দুই ৰাকাত নামাজ পঢ়ে, তাৰ বাবে জান্নাত ওৱাজিব হৈ যায়।
Available translations
Choose an available translation of this Hadeeth
01
Hadeeth text
উক্ববা বিন আমিৰ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ আমাৰ দায়িত্ব আছিল উট চৰোৱা। যেতিয়া মোৰ পাল আহিল, আৰু সন্ধিয়া যেতিয়া মই সেইবোৰকলৈ উভতি আহিলোঁ তেতিয়া দেখা পালোঁ যে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে থিয় মানুহক হাদীছ বৰ্ণনা কৰি আছে। মই শুনিলোঁ তেখেতে কৈ আছিলঃ "যিজন মুছলিমে সুন্দৰকৈ অজু কৰি, মনে প্ৰাণে আন্তৰিকতাৰে থিয় হৈ দুই ৰাকাত নামাজ পঢ়ে, তাৰ বাবে জান্নাত ওৱাজিব হৈ যায়।" তেওঁ কৈছে যে, মই ক'লোঁঃ কিমান সুন্দৰ কথা। এই কথা শুনি সন্মুখৰ এজন ব্যক্তিয়ে ক'লেঃ ইয়াৰ আগৰ কথাখিনি আৰু অধিক উত্তম আছিল। মই ভালকৈ চোৱাত দেখিলোঁ তেওঁ আছিল ওমৰ ৰাদ্বিয়াল্লাহু আনহু। তেওঁ ক'লেঃ মই দেখিছোঁ তুমি এইমাত্ৰহে আহিলা। ইয়াৰ পূৰ্বে তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "তোমালোকৰ মাজৰ যিয়ে সুন্দৰকৈ ঘঁহি ঘঁহি পৰিপূৰ্ণৰূপে অজু কৰিব, আৰু তাৰ পিছত ক'বঃ أَشْهَدُ أَنْ لَا إِلَهَ إِلَّا اللهُ وَأَنَّ مُحَمَّدًا عَبْدُ اللهِ وَرَسُولُهُ (অৰ্থঃ মই সাক্ষ্য দিওঁ যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই আৰু মুহাম্মদ হৈছে আল্লাহৰ বান্দা আৰু তেওঁৰ ৰাছুল।) তাৰ বাবে জান্নাতৰ আঠটা দুৱাৰে খোলা হ'ব, যিটোৰে ইচ্ছা সেইটোৰে প্ৰৱেশ কৰিব পাৰিব।"
02
Explanation
হাদীছটোত বৰ্ণিত হৈছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মানুহক দুটা ডাঙৰ ফজিলত সম্পৰ্কে অৱগত কৰিছে।
প্ৰথমঃ যিয়ে সুন্দৰকৈ ছুন্নতি নিয়ম অনুসৰি পৰিপূৰ্ণৰূপে অজু কৰিব, অজুৰ প্ৰতিটো অংগ পানীৰে ভালকৈ ধুই ল'ব আৰু তাৰ পিছত ক'বঃ (أَشْهَدُ أَنْ لَا إِلَهَ إِلَّا اللهُ وَأَنَّ مُحَمَّدًا عَبْدُ اللهِ وَرَسُولُهُ) (অৰ্থঃ মই সাক্ষ্য দিওঁ যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই আৰু মুহাম্মদ হৈছে আল্লাহৰ বান্দা আৰু তেওঁৰ ৰাছুল।) তাৰ বাবে জান্নাতৰ আঠটা দুৱাৰে খোলা হ'ব, যিটোৰে ইচ্ছা সেইটোৰে তেওঁ প্ৰৱেশ কৰিব পাৰিব।
দ্বিতীয়ঃ যিয়ে এইদৰে পৰিপূৰ্ণৰূপে অজু কৰিব আৰু তাৰ পিছত থিয় হৈ দুই ৰাকাত নামাজ পঢ়িব। য'ত তেওঁ ইখলাচৰ সৈতে বিনয়ী হৈ থিয় হ'ব, লগতে শৰীৰৰ সকলো অংগ আল্লাহৰ বাবে নত কৰিব, তাৰ বাবে জান্নাত অনিবাৰ্য হৈ যায়।

03
Benefits
এইটো মহান আল্লাহৰ এটা মহা অনুগ্ৰহ যে তেওঁ সৰু সুৰা কামৰো ডাঙৰ ছোৱাব প্ৰদান কৰে।
পৰিপূৰ্ণৰূপে তথা অজুৰ অংগবোৰ ভালকৈ ধুবলৈ চৰীয়তে নিৰ্দেশনা দিছে। ইয়াৰ পিছত দুই ৰাকাত নামাজ পঢ়িলে মহা ছোৱাব অৰ্জন হয়।
পৰিপূৰ্ণৰূপে অজু কৰি এই দুআ পাঠ কৰাটো হৈছে জান্নাতত প্ৰৱেশৰ অন্যতম এটা উপায়।
গোছল কৰাৰ পিছতো এই দুআটো পাঠ কৰা মুস্তাহাব।
ইল্ম শিকা আৰু প্ৰচাৰ-প্ৰসাৰ কৰাৰ দৰে কল্যাণৰ ক্ষেত্ৰত চাহাবাসকল অত্যন্ত আগ্ৰহী আছিল। লগতে এই ক্ষেত্ৰত তেওঁলোকে ইজনে সিজনক সহায়ো কৰিছিল আৰু তেওঁলোকে জীৱিকা অৰ্জনৰ কামতো সহায়-সহযোগিতা আগবঢ়াইছিল।
যিদৰে অজু কৰিলে শৰীৰ পৱিত্ৰ হয় ময়লা-আৱৰ্জনাৰ পৰা, ঠিক সেইদৰে এই দুআটো পাঠ কৰিলে শ্বিৰ্কৰ পৰা অন্তৰ পৱিত্ৰ হয়।

Attribution
[(মুছলিম)]
Categories
Share
Share hadeeth
Sharing options
4Views0Cards0Shares