افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم.
#8378[ছহীহ]
HadeethEnc · 1.16.0

পৰিপূৰ্ণৰূপে অজু কৰিবা, আঙুলি ফাকে ফাকে খিলাল কৰিবা, আৰু যদি তুমি ৰোজা অৱস্থাত নাথাকা তেন্তে নাকৰ ভিতৰত পানী টানিলৈ ভালদৰে নাক পৰিষ্কাৰ কৰিবা।

Available translations

Choose an available translation of this Hadeeth

01

Hadeeth text

লাক্বীত বিন চাবুৰা ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ মই বনী মুন্তাফিকৰ প্ৰতিনিধি দলৰ নেতা হৈ অথবা তেওঁ কৈছিল সেই প্ৰতিনিধি দলৰ সদস্য হৈ ৰাছুলুল্লাহ্ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ গৈছিলোঁ। যেতিয়া আমি ৰাছুলুল্লাহ্ চাল্লাল্লাহু আলাইহি ওঅছাল্লামৰ ঘৰত আহি উপস্থিত হ'লোঁ, তাত আমি তেখেতক লগ নাপালোঁ, কিন্তু তাত উম্মুল মু'মিনীন আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাক লগ পালোঁ। তেওঁ আমাৰ বাবে খাঝিৰাহ (এক প্ৰকাৰ খাদ্য) তৈয়াৰ কৰিবলৈ নিৰ্দেশ দিলে। ফলত আমাৰ বাবে খাদ্য প্ৰস্তুত কৰা হ'ল আৰু আমাৰ সন্মুখত ক্বিনা (খেজুৰ ভৰ্তি এটা পাত্ৰ) পৰিৱেশন কৰা হ'ল। ইয়াৰ পিছত ৰাছুলুল্লাহ্ চাল্লাল্লাহু আলাইহি অছাল্লাম আহি উপস্থিত হ'ল আৰু তেখেতে সুধিলে, "তোমালোকক কিবা খাবলৈ দিয়া হৈছিলনে?" অথবা তেখেতে কৈছিলঃ তোমালোকৰ আপ্যায়নৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়া হৈছিলনে? আমি ক'লোঁ, "হয়, হে আল্লাহৰ ৰাছুল।" বৰ্ণনাকাৰীয়ে কৈছেঃ আমি তেখেতৰ সৈতে বহি আছিলোঁ, এনেতে এজন ৰাখোৱালে ভেৰা ছাগলী লৈ গোহালীত আহি উপস্থিত হ'ল। সেইবোৰৰ লগত এটা পোৱালিও আছিল যিটো চিঞৰি আছিল। ৰাছুলুল্লাহ্ চাল্লাল্লাহু আলাইহি অছাল্লামে সুধিলে, "হে অমুক! কি পোৱালি হৈছে?" ৰখীয়াই ক'লে, "মাইকী পোৱালী।" তেতিয়া ৰাছুলুল্লাহ্ চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লে, "তেন্তে আমাৰ বাবে ইয়াৰ পৰিবৰ্তে বেলেগ এটা ছাগলী জবেহ কৰা।" ইয়াৰ পিছত তেখেতে ক'লে, "এইটো নাভাবিবা যে, এইটো তোমাৰ বাবে জবেহ কৰা হৈছে। বৰং আমাৰ এশটা ভেৰা ছাগলী আছে, আমি ইয়াৰ সংখ্যা অধিক বৃদ্ধি কৰিব বিচৰা নাই। সেয়ে যেতিয়াই কোনো এটা পোৱালী জন্ম হয়, তেতিয়াই আমি সেইটোৰ বিপৰীতে এটা ছাগলী জবেহ কৰোঁ।"
বৰ্ণনাকাৰীয়ে কৈছে, মই ক'লোঁ, "হে আল্লাহৰ ৰাছুল! মোৰ এগৰাকী পত্নী আছে, তাই কেতিয়াবা অশ্লীল ভাষা কয়।" তেখেতে ক'লে, "তেন্তে তাইক তালাক দি দিয়া।" মই ক'লোঁ, "তাইৰ সৈতে মোৰ বহু বছৰৰ সংসাৰ আৰু তাইৰ পৰা মোৰ সন্তানো আছে।" তেতিয়া তেখেতে ক'লে, "তেন্তে তাইক উপদেশ দিয়া। যদি তাইৰ মাজত কোনো ভাল গুণ থাকে, তেন্তে তাই সংশোধন হৈ যাব, আৰু শুনা! স্ত্ৰীক কেতিয়াও দাসীৰ দৰে প্ৰহাৰ নকৰিবা।"
ইয়াৰ পিছত মই সুধিলোঁ, "হে আল্লাহৰ ৰাছুল! মোক অজুৰ বিষয়ে কওক।" তেখেতে ক'লে, "পৰিপূৰ্ণৰূপে অজু কৰিবা, আঙুলি ফাকে ফাকে খিলাল কৰিবা, আৰু যদি তুমি ৰোজা অৱস্থাত নাথাকা তেন্তে নাকৰ ভিতৰত পানী টানিলৈ ভালদৰে নাক পৰিষ্কাৰ কৰিবা।
02

Explanation

লাক্বীত বিন চাবুৰা ৰাদ্বিয়াল্লাহু আনহুৱে হাদীছটোত জনাইছে যে, তেওঁ বনীল মুন্তাফিক গোত্ৰৰ প্ৰতিনিধি দলৰ সৈতে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ গৈছিল। তেওঁ কৈছেঃ আমি তেখেতৰ ঘৰত গৈ তেখেতক লগ নাপালোঁ। ঘৰত আমি উম্মুল মুমিনীন আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাক পালোঁ। তেওঁ আমাৰ বাবে আটা আৰু ঘিউৰ দ্বাৰা এটা তৰল খাদ্য প্ৰস্তুত কৰাৰ নিৰ্দেশ দিলে। লগতে আমাৰ সন্মুখত খেজুৰ ভৰা এটা পাত্ৰ পৰিৱেশন কৰা হ'ল। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে আহি উপস্থিত হ'ল আৰু তেখেতে ক'লেঃ তোমালোকক খাবলৈ কিবা দিয়া হৈছিলনে? আমি ক'লোঁঃ হয়। লাক্বীতে কৈছেঃ আমি তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে বহি আছিলোঁ, সেই সময়তে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ভেৰা ছাগলীৰ ৰখীয়াই ভেৰা ছাগলীবোৰক গোহালিৰ ফালে লৈ যোৱা পৰিলক্ষিত হ'ল, সেই ভেৰা ছাগলীৰ পালত আছিল এটি সৰু পোৱালীও, যিটো চিঞৰি আছিল। তেতিয়া তেখেতে ক'লেঃ কি পোৱালী হৈছে? ৰখীয়াই উত্তৰত ক'লেঃ মাইকী। তেখেতে ক'লেঃ তেন্তে ইয়াৰ বিপৰীতে এটা পূৰ্ণ বয়স্ক ছাগলী জবেহ কৰা। ইয়াৰ পিছত তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে (লাক্বীতক উদ্দেশ্যি) ক'লেঃ তোমালোকে এইটো নাভাবিবা যে, আমি অসুবিধা স্বীকাৰ কৰি এইটো তোমালোকৰ বাবে জবেহ কৰিলোঁ। বৰং আমাৰ এশটা ভেৰা ছাগলী আছে, আমি এই সংখ্যা বঢ়াব বিচৰা নাই। সেয়ে যেতিয়া কোনো এটা নতুন পোৱালী জন্ম হয়, আমি তাৰ বিপৰীতে বেলেগ এটাক জবেহ কৰোঁ। ইয়াৰ পিছত লাক্বীতে এটা প্ৰশ্ন কৰিলেঃ হে আল্লাহৰ ৰাছুল! মোৰ স্ত্ৰীৰ জিভা সীমা চেৰাই গৈছে, অনায়াসে অশ্লীল ভাষা প্ৰয়োগ কৰে। মই তাইৰ সৈতে কেনেকুৱা ব্যৱহাৰ কৰিম? তেখেতে ক'লেঃ তেন্তে তুমি তাইক তালাক্ব দিয়া। তেওঁ কৈছেঃ মই ক’লোঁ: হে আল্লাহৰ ৰাছুল! তাইৰ সৈতে মোৰ দীৰ্ঘদিনৰ সংসাৰ আছে আৰু তাইৰ পৰা মোৰ সন্তানো আছে। তেখেতে ক’লে: তেন্তে তাইক উপদেশ দিয়া। যদি তাইৰ মাজত কোনো ভাল গুণ থাকে, তেন্তে তাই তোমাৰ উপদেশ মানি ল’ব। যদি নামানে, তেন্তে তাইক লঘু শাস্তি বিহিবা, কিন্তু দাস-দাসীৰ দৰে প্ৰহাৰ নকৰিবা। ইয়াৰ পিছত লাক্বীতে ক’লে: হে আল্লাহৰ ৰাছুল! মোক অজুৰ বিষয়ে কওক। তেখেতে ক’লে: অজুৰ সময়ত অজুৰ প্ৰতিটো অংগত পৰিপূৰ্ণৰূপে পানীৰে ধুই ল'বা, যাতে প্ৰতিটো অংগৰ হক আদায় হয়। ইয়াৰ ফৰজ আৰু ছুন্নত এটাও যাতে বাদ নপৰে। লগতে হাত-ভৰি ধোৱাৰ সময়ত আঙুলিবোৰৰ মাজত ঘঁহি ল'বা, লগতে অজুৰ সময়ত নাকৰ ভিতৰত পানী টানি লৈ সেই পানী সজোৰে উলিয়াই আনিবা আৰু ভালদৰে পৰিষ্কাৰ কৰিবা। কিন্তু যদি ৰোজা অৱস্থা থাকা তেন্তে এইদৰে নকৰিবা।
03

Benefits

অতিথি আপ্যায়ন চৰীয়ত সন্মত।
ইছবাগ (পূৰ্ণাঙ্গ অজু) হৈছে দুই প্ৰকাৰ: ১. ওৱাজিব ইছবাগ: যিটো অবিহনে অজু সম্পূৰ্ণ নহয় – ইয়াৰ দ্বাৰা বুজোৱা হৈছে অজুৰ অংগসমূহ সম্পূৰ্ণৰূপে ধোৱা। ২. মুস্তাহাব ইছবাগ: যিটো নকৰিলেও অজু হয় – ইয়াৰ দ্বাৰা বুজোৱা হৈছে ওৱাজিবৰ অতিৰিক্ত দ্বিতীয় বা তৃতীয় বাৰ ধোৱা। এইটো হৈছে মুস্তাহাব আমল।
হাত-ভৰি ধোৱাৰ সময়ত আঙুলিবোৰৰ মাজত খিলাল কৰা মুস্তাহাব, যাতে আঙুলিবোৰৰ মাজৰ স্থানত পানী প্ৰৱেশ কৰিব পাৰে।
তীবীয়ে কৈছে: নবী চাল্লাল্লাহু আলাইহি অছাল্লামে উত্তৰত অজুৰ কিছুমান ছুন্নতৰ কথাও উল্লেখ কৰিছে, কিয়নো প্ৰশ্ন কৰা ব্যক্তিজন অজুৰ মৌলিক নিয়ম সম্পৰ্কে অৱগত আছিল।
নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ অন্যতম এটা সুন্দৰ ভাল দিশ আছিল এই যে, তেখেত আনৰ অনুভূতি আৰু মানসিকতাৰ প্ৰতি সদায় সচেতন আছিল।
হাদীছটোৱে প্ৰমাণ কৰে যে, অজুৰ ক্ষেত্ৰত মাজমাজা (মুখৰ ভিতৰত পানীলৈ মুখ চাফ) কৰা অনিবাৰ্য্য।
এই হাদীছটোৱে প্ৰমাণ কৰে যে, অজু কৰাৰ সময়ত নাকত পানী টানি লৈ ভালদৰে পৰিষ্কাৰ কৰা (ইস্তিনশাকৰ ক্ষেত্ৰত মুবালাগা কৰা) মুস্তাহাব; কিন্তু ৰোজাদাৰৰ বাবে এইটো মুস্তাহাব নহয়, কাৰণ ইয়াৰ ফলত পানী নাকৰ পৰা ডিঙিলৈ যোৱাৰ সম্ভাৱনা থাকে, ফলত ৰোজা ভংগ হ'ব পাৰে।
এই হাদীছটোৱে প্ৰমাণ কৰে যে, প্ৰতিগৰাকী মুছলমানৰ বাবে হিজৰত (ধৰ্মীয় কাৰণত স্থানান্তৰ) কৰাটো বাধ্যতামূলক নহয়। কাৰণ বনী মুন্তাফিক আৰু অন্যান্য গোত্ৰসমূহে হিজৰত কৰা নাছিল, বৰঞ্চ তেওঁলোকে প্ৰতিনিধি দল প্ৰেৰণ কৰিছিল। এই একে নীতি প্ৰযোজ্য হয় সেইসকল লোকৰ ক্ষেত্ৰতো, যিসকলে এনেকুৱা ঠাইত বসবাস কৰে, য'ত তেওঁ নিজৰ ধৰ্ম কোনো বাধাৰ সন্মুখীন নোহোৱাকৈ পালন কৰাৰ সুযোগ পায়।

Attribution

[رواه أبو داود والترمذي والنسائي وابن ماجه]

Categories

Share

Share hadeeth

Sharing options · 0 Total shares

Share

← Back to encyclopedia
Shopping Basket

Loading...