افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم.
#66537[ছহীহ]
HadeethEnc · 1.16.0

চাৰিটা দোষ যাৰ ভিতৰত আছে, সি হৈছে প্ৰকৃত মুনাফিক। যাৰ মাজত এই চাৰিটা দোষৰ যিকোনো এটা আছে, সি সেইটো পৰিত্যাগ নকৰালৈকে তাৰ ভিতৰত মুনাফিকৰ এটা স্বভাৱ থাকি যায়। (সেই দোষ চাৰিটা হৈছে) যেতিয়া সি কথা কয়, মিছা মাতে, আৰু যেতিয়া সন্ধি বা চুক্তি কৰে তেতিয়া সেয়া অমান্য কৰে, এইদৰে যেতিয়া প্ৰতিশ্ৰুতি দিয়ে তেতিয়া ভঙ্গ কৰে, লগতে কাজিয়া লাগিলে গালি শপনি পাৰে।

Available translations

Choose an available translation of this Hadeeth

01

Hadeeth text

আব্দুল্লাহ ইবনু আমৰ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "চাৰিটা স্বভাৱ যাৰ মাজত থাকিব, সি হৈছে প্ৰকৃত মুনাফিক। আনহাতে যাৰ মাজত ইয়াৰ কোনো এটা স্বভাৱ থাকিব, সি এইটো পৰিত্যাগ নকৰালৈকে তাৰ মাজত মুনাফিকৰ এটা স্বভাৱ থাকি যাব। সেয়া হৈছেঃ কথা ক'লে, মিছা কথা কয়, প্ৰতিশ্ৰুতি দিলে ভংগ কৰে, বিবাদত লিপ্ত হ'লে অশ্লীল গালি শপনি পাৰে, চুক্তি কৰিলে বিশ্বাসঘাতকতা কৰে।"
02

Explanation

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এই হাদীছটোত সতৰ্ক কৰিছে যে, যদি চাৰিটা দোষ কোনো মুছলিমৰ ভিতৰত পোৱা যায়, তেন্তে ইয়াৰ কাৰণে সি মুনাফিকৰ দৰে গণ্য হয়। কিন্তু এই দোষবোৰে যদি তাক বেছি প্ৰভাৱিত কৰে তেতিয়াহে সি ইয়াৰ অন্তৰ্ভুক্ত হ'ব, অন্যথা কেতিয়াবা কেতিয়াবা এনেকুৱা দোষ হ'লে সেইটো ইয়াৰ অন্তৰ্ভুক্ত নহয়। সেই দোষবোৰ হৈছেঃ

প্ৰথমঃ জানি বুজি মিছা কথা কোৱা, সত্য কথা নোকোৱা।

দ্বিতীয়ঃ যেতিয়া কোনো চুক্তি কৰে তেতিয়া সেইটো পূৰা নকৰে, বিশ্বাসঘাতকতা কৰে।

তৃতীয়ঃ যেতিয়া কোনো প্ৰতিশ্ৰুতি দিয়ে, তেতিয়া সেইটো পালন নকৰে, বৰং ভংগ কৰে।

চতুৰ্থঃ যেতিয়া কাৰোবাৰ লগত তৰ্কত লিপ্ত হয় বা কাজিয়া কৰে তেতিয়া গালি শপনি পাৰিবলৈ ধৰে, আৰু সত্যৰ পৰা আঁতৰি যায়। আনকি প্ৰতিপক্ষক পৰাজিত কৰিবলৈ বাতিলৰ সহায় লয়, লগতে অসত্য আৰু মিছা কথা কয়।

নিফাক হৈছে, ভিতৰত এটা আৰু বাহিৰত এটা প্ৰকাশ কৰা, এইবোৰ বৈশিষ্ট্য থকা লোকৰ ক্ষেত্ৰতো এইটো অৰ্থই প্ৰযোজ্য, কাৰণ সি কথা কোৱাৰ ক্ষেত্ৰত, প্ৰতিশ্ৰুতিৰ ক্ষেত্ৰত, আমানতৰ ক্ষেত্ৰত আৰু মানুহৰ লগত কৰা চুক্তিৰ ক্ষেত্ৰত এইটোৱে কৰে। আনহাতে ইছলামত মুনাফিক কোৱা হয় সেই ব্যক্তিক, যিয়ে অন্তৰত কুফৰী গোপন ৰাখে আৰু নিজকে মুছলিম বুলি পৰিচয় দিয়ে। এতেকে এনেকুৱা বৈশিষ্ট্যবোৰ যদি কোনো এটা বৈশিষ্ট্য কাৰো ভিতৰত থাকে তেন্তে সেইটো নিফাকৰ বৈশিষ্ট্য থকা বুলি বিবেচিত হ'ব, যেতিয়ালৈকে সি সেইটো পৰিত্যাগ নকৰে।
03

Benefits

মুনাফিকৰ কেইটামান আলামত বৰ্ণনা কৰা হৈছে, মানুহক সতৰ্ক কৰিবলৈ তথা ভয় দেখুৱাবলৈ, যাতে সিহঁতে ইয়াত পতিত নহয়।
হাদীছটোৰ সাৰাংশ হৈছে এই যে, এইবোৰ হৈছে মুনাফিকৰ বৈশিষ্ট্য। এনেকুৱা বৈশিষ্ট্যৰ অধিকাৰী ব্যক্তি হৈছে মুনাফিক সদৃশ আৰু সি সিহঁতৰ চৰিত্ৰৰ অনুসৰণ কৰে। কাৰণ ইছলামত প্ৰকৃত মুনাফিক হৈছে সেইজন, যিয়ে ইছলাম প্ৰকাশ কৰি অন্তৰত কুফৰী গোপন ৰাখে। কিছুমানে কৈছেঃ সেই ব্যক্তিকো ইয়াৰ অন্তৰ্ভুক্ত কৰা হয়, যিয়ে এইবোৰ বৈশিষ্ট্যৰ দ্বাৰা অভ্যস্থ হৈ পৰিছে, তথা এনেকুৱা ক্ষেত্ৰত অৱহেলা কৰে আৰু বিষয়টোক লঘু বুলি গণ্য কৰে। যিয়ে এনেকুৱা ধাৰণা পোষণ কৰে, সি দৰাচলতে বেয়া আক্বীদাৰ অধিকাৰী।
গাজ্জালীয়ে কৈছেঃ মূল ধৰ্ম তিনিটা বিষয়ত সীমাবদ্ধ। কথা, কৰ্ম আৰু নিয়্যত। সেয়ে বেয়া কথা অৰ্থাৎ মিছা কথাৰ পৰা, বেয়া কৰ্ম অৰ্থাৎ বিশ্বাসঘাতকতাৰ পৰা আৰু বেয়া নিয়্যত অৰ্থাৎ প্ৰতিশ্ৰুতি ভংগৰ পৰা সতৰ্ক কৰা হৈছে। কিন্তু যদি তেওঁ প্ৰতিশ্ৰুতি পালনত দৃঢ়প্ৰতিজ্ঞ আছিল, তাৰ পিছত কিবা বাধাৰ সন্মুখীন হোৱাৰ বাবে অথবা কোনো বিশেষ মতামত প্ৰকাশ হোৱাৰ বাবে প্ৰতিশ্ৰুতি ৰক্ষা কৰা নাই, তেন্তে সেইটো নিফাকৰ বৈশিষ্ট্য বুলি গণ্য নহ'ব।
নিফাক দুই প্ৰকাৰঃ আক্বীদাগত নিফাক, ইয়াৰ ফলত ঈমানৰ পৰা বহিষ্কাৰ হৈ যায়। সেয়া হৈছে, নিজকে মুছলিম বুলি পৰিচয় দিয়া আৰু অন্তৰত কুফৰী গোপন ৰখা। দ্বিতীয়টো হৈছে, আমলী নিফাকঃ এইটো হৈছে মুনাফিকসকলৰ চৰিত্ৰৰ সৈতে দিয়া সাদৃশ্যমূলক নিফাক। ইয়াৰ ফলত বান্দা ঈমানৰ পৰা বহিষ্কৃত নহয়। বৰং এইটো হৈছে এটা ডাঙৰ গুনাহ বা মহাপাপ।
ইবনু হাজাৰে কৈছেঃ উলামসকল এই কথাত একমত যে, যদি কোনো ব্যক্তি অন্তৰেৰে ঈমান পোষণ কৰে, আৰু মুখেৰে স্বীকৃতি দিয়ে, লগতে তেওঁ যদি এনেকুৱা বৈশিষ্ট্যৰো অধিকাৰী হয় তেন্তে তাৰ ওপৰত কুফৰীৰ বিধান প্ৰয়োগ কৰা নহ'ব, আৰু তেওঁক চিৰস্থায়ীভাৱে জাহান্নামত নিক্ষিপ্ত হ'বলগীয়া মুনাফিক বুলিও গণ্য কৰা নহ'ব।
নাৱাৱীয়ে কৈছেঃ উলামাসকলৰ এটা গোষ্ঠিয়ে কৈছে, ইয়াৰ দ্বাৰা সেইসকল মুনাফিকক বুজোৱা হৈছে যিসকল নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ যুগত আছিল, সিহঁতে নিজকে মুমিন বুলি প্ৰকাশ কৰিছিল কিন্তু সেয়া আছিল মিছা কথা। সিহঁতক ধৰ্মীয় আমানত দিয়া হৈছিল কিন্তু সিহঁতে বিশ্বাসঘাতকতা কৰিছিল, দ্বিনী ক্ষেত্ৰত সিহঁতে প্ৰতিশ্ৰুতি দিয়াৰ পিছত সেয়া ভংগ কৰিছিল। তৰ্ক বিতৰ্কত সিহঁতে অভদ্ৰ ভাষা ব্যৱহাৰ কৰিছিল।

Attribution

[رواه البخاري ومسلم]

Categories

Share

Share hadeeth

Sharing options · 0 Total shares

Share

← Back to encyclopedia
Shopping Basket

Loading...