শীঘ্ৰেই ফিতনাই দেখা দিব। সাৱধান! সেই ফিতনাৰ সময়ছোৱাত চলমান লোকতকৈ বহি থকা লোক বেছি নিৰাপদ থাকিব। এইদৰে দ্ৰুতগামী লোকতকৈ চলমান লোক বেছি সুৰক্ষিত থাকিব।
Choose an available translation of this Hadeeth
Hadeeth text
উছমান আশ্ব-শ্বাহহামৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ মই আৰু ফাৰক্বাদ ছাবাখী মুছলিম ইবনে আবি বাকৰাৰ ওচৰলৈ গ'লোঁ, সেই সময়ত তেওঁ নিজৰ ভূমিত আছিল। আমি তেওঁৰ ওচৰলৈ গৈ সুধিলোঁ যে, আপুনি আপোনাৰ পিতৃৰ পৰা ফিতনা সম্পৰ্কীয় কোনো হাদীছ বৰ্ণনা কৰা শুনিছেনে? তেওঁ ক'লেঃ হয়। মই (মোৰ পিতা) আবু বাকৰা ৰাদ্বিয়াল্লাহু আনহুৰ পৰা শুনিছোঁ, তেওঁ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা বৰ্ণনা কৰি কৈছেঃ "শীঘ্ৰেই ফিতনাই দেখা দিব। সাৱধান! সেই ফিতনাৰ সময়ছোৱাত চলমান লোকতকৈ বহি থকা লোক বেছি নিৰাপদ থাকিব। এইদৰে দ্ৰুতগামী লোকতকৈ চলমান লোক বেছি সুৰক্ষিত থাকিব। জানি থোৱা! যেতিয়া ফিতনা আপতিত হ'ব অথবা সংঘটিত হ'ব, সেই সময়ছোৱাত যাৰ উট আছে তেওঁ নিজৰ উটকলৈ ব্যস্ত থকা ভাল, এইদৰে যাৰ ছাগলী আছে তেওঁ নিজৰ ছাগলীকলৈ ব্যস্ত থকা উচিত, আৰু যাৰ খেতি-বাতি আছে তেওঁ নিজৰ খেতি-বাতিত ব্যস্ত থকা উচিত।" এই কথা শুনি এজনে সুধিলেঃ হে আল্লাহৰ ৰাছুল! যাৰ উট, ছাগলী আৰু খেতি-বাতি একো নাই, তেওঁ কি কৰিব? তেতিয়া তেখেতে ক'লেঃ "সি যেন নিজৰ তৰোৱাল শিলেৰে ভোটা কৰি লয়, আৰু ইয়াৰ পিছত ৰক্ষা পোৱাৰ কোনো উপায় থাকিলে সেইটো যেন অৱলম্বন কৰে। হে আল্লাহ! মই পৌঁচাই দিছোঁনে? হে আল্লাহ! মই পৌঁচাই দিছোঁনে? হে আল্লাহ! মই পৌঁচাই দিছোঁনে?" বৰ্ণনাকাৰীয়ে কৈছেঃ এজনে সুধিলেঃ হে আল্লাহৰ ৰাছুল! যদি কোনোবাই মোক বাধ্য কৰাই কোনো এটা শাৰীত থিয় কৰায় অথবা কোনো এটা দলত সোমোৱাই লয়, ফলত কোনোবাই যদি মোক শিৰচ্ছেদ কৰি দিয়ে অথবা যদি কাঁড় নিক্ষেপ কৰি হত্যা কৰে, তেন্তে মোৰ অৱস্থা কি হ'ব? তেখেতে ক'লেঃ "তেনেহ'লে সি নিজৰ আৰু তোমাৰ গুনাহৰ বোজা বহন কৰি জাহান্নামী হৈ পৰিব।"
Explanation
Benefits
ইমাম নাৱাৱীয়ে কৈছেঃ হাদীছটোত যে কোৱা হৈছে (গৈ থকা ব্যক্তিতকৈ বহি থকা ব্যক্তি উত্তম), ইয়াৰ দ্বাৰা সেই ফিতনাৰ ভয়াৱহতাক বুজোৱা হৈছে। লগতে তাৰ পৰা বিৰত থাকিবলৈ আৰু আঁতৰি থাকিবলৈ উৎসাহিত কৰা হৈছে। ইয়াৰ অনিষ্ট আৰু ফিতনা সেই অনুপাতেই কাৰ্যকৰী হ'ব, যি অনুপাতে ইয়াৰ সৈতে জৰিত হোৱা গৈছে।
ইমাম নাৱাৱীয়ে কৈছেঃ যিজন ব্যক্তিক বাধ্য কৰি সেই ফিতনাত অংশী কৰা হৈছে, তাৰ কোনো গুনাহ নহ'ব। কিন্তু বাধ্য হৈ কাৰোবাক হত্যা কৰাটো কেতিয়াও বৈধ নহয়, বৰং এনেক্ষেত্ৰত বাধ্য হোৱা ব্যক্তি আৰু যিয়ে নিৰ্দেশ দিছে উভয়ে সৰ্বসন্মতিক্ৰমে গুনাহগাৰ হ'ব।
ইবনে হাজাৰে কৈছেঃ কিছুমান বিশেষজ্ঞ বিদ্যানৰ মতে যদি কোনো এটা দলে শাসকৰ বিৰুদ্ধে বিদ্ৰোহ কৰে, অনিবাৰ্য্য কৰণীয়ৰ পৰা অস্বীকাৰ কৰে, আৰু যুদ্ধ আৰম্ভ কৰে, তেন্তে সিহঁতৰ বিৰুদ্ধে যুদ্ধ কৰাটো ওৱাজিব হৈ পৰে। এইদৰে যদি দুটা মুছলিম দল পৰস্পৰে বিবাদত নামি পৰে, তেন্তে প্ৰতিজন সক্ষম ব্যক্তিৰ দায়িত্ব হৈছে ভুল পথত থকা ব্যক্তিক বিৰত ৰখা আৰু সঠিক পথত থকা দলক সহায় কৰা। এইটোৱে হৈছে জমহুৰ (অধিকাংশ) উলামাৰ মত। আন কিছুমানে আৰু অলপ বহলাই কৈছে যে, যদি দুটা মুছলিম দল এনেকুৱা সময়ত বিবাদত লিপ্ত হয়, যেতিয়া জামাতৰ কোনো নিৰ্দিষ্ট ইমাম নাই, তেনে অৱস্থাত যুদ্ধ কৰাটো নিষিদ্ধ। উক্ত হাদীছটো আৰু এই ধৰণৰ অন্যান্য হাদীছে এইটোৱে প্ৰমাণ কৰে।
ইমাম নাৱাৱীয়ে কৈছেঃ ফিতনাৰ সময়ত যুদ্ধ কৰা সম্পৰ্কে উলামাসকলৰ মাজত মতভেদ আছে। কিছুমানৰ মতে মুছলিমসকলৰ মাজত দেখা দিয়া ফিতনাৰ সময়ত যুদ্ধ কৰা বৈধ নহয়। যদিও সিহঁত ঘৰত সোমাই হত্যা কৰিবলৈ চেষ্টা কৰে। তেওঁলোকৰ মতে আত্মৰক্ষা কৰাও বৈধ নহয়। কিয়নো আক্ৰমণকাৰী ভুল পথত আছে। এইটোৱে হৈছে চাহাবী আবু বাকৰা ৰাদ্বিয়াল্লাহু আনহু আৰু অন্যান্য লোকৰ মত। ইবনে ওমৰ আৰু ইমৰাণ বিন হুচাইন ৰাদ্বিয়াল্লাহু আনহুমাই কৈছেঃ এনেকুৱা ফিতনাত চামিল হোৱাটো বৈধ নহয়। কিন্তু যদি কোনোবাই আত্মৰক্ষাৰ বাবে উপায় অৱলম্বন কৰিব বিচাৰে তেন্তে কৰিব পাৰে। উক্ত দুয়োটা মতৰ মাজত এটা কথাৰ মিল আছে যে, মুছলিমসকলৰ মাজত দেখা দিয়া ফিতনাত অংশগ্ৰহণ কৰা ঠিক নহয়। ইয়াৰ বিপৰীতে অধিকাংশ চাহাবা আৰু তাবেঈন আৰু বিশেষজ্ঞ উলামাসকলৰ মতে ফিতনাৰ সময়ত যিটো দল সঠিক পথত আছে, সেইটো দলক সহায় কৰিব লাগে। আনকি বিদ্ৰোহীসকলৰ বিপক্ষে থিয় হৈ মোকাবিলা কৰিব লাগে। যেনে- পৱিত্ৰ কোৰআনত মহান আল্লাহে কৈছেঃ (আৰু যদি মুমিনসকলৰ দুটা দলে বাদ-বিবাদত লিপ্ত হয় তেন্তে তোমালোকে তেওঁলোকৰ মাজত মীমাংসা কৰি দিয়া, তথাপিও যদি তেওঁলোকৰ এটা দলে আন এটা দলৰ বিৰুদ্ধে সীমালংঘন কৰে, তেন্তে যিসকলে সীমালংঘন কৰে সিহঁতৰ বিৰুদ্ধে তোমালোকে যুদ্ধ কৰা, যেতিয়ালৈকে সিহঁতে আল্লাহৰ নিৰ্দেশৰ পিনে উভতি নাহিব।) এইটোৱে সঠিক মত। যিবোৰ হাদীছত বিৰত থাকিবলৈ তথা আঁতৰি থাকিবলৈ কোৱা হৈছে, সেইবোৰ হাদীছ হৈছে সেই পৰিস্থিতিৰ কাৰণে, যিটো পৰিস্থিতিত সত্য আৰু অসত্যৰ মাজত পাৰ্থক্য কৰাটো টান হৈ পৰে। অথবা যদি উভয় পক্ষ অন্যায়কাৰী হয়, আৰু কোনো এটা দলৰ পক্ষ লোৱা উচিত নহয়।
Attribution
Categories
Share hadeeth
Sharing options · 0 Total shares

