“অদূৰ ভৱিষ্যতত তোমালোকৰ ওপৰত এনেকুৱা শাসকবৃন্দ নিয়োগ কৰা হ’ব, যিসকলৰ (কিছুমান কাম) তোমালোকে ভাল দেখিবলৈ পাবা আৰু (কিছুমান কাম) গর্হিত দেখিবলৈ পাবা। এতেকে যিয়ে (সিহঁতৰ গর্হিত কৰ্মক) ঘৃণা কৰিব, তেওঁ দায়মুক্ত হৈ যাব, আৰু যিয়ে আপত্তি তথা প্ৰতিবাদ জনাব, সেই ব্যক্তিও পৰিত্রাণ পাই যাব। কিন্তু যিয়ে (এইবোৰ কৰ্মত) সন্মত হ’ব আৰু সিহঁতক অনুসৰণ কৰিব (সি ধ্বংস হৈ যাব)।
Choose an available translation of this Hadeeth
Hadeeth text
উম্মে ছালামাহ উম্মুল মুনিনীন -ৰাদ্বিয়াল্লাহু আনহা-ৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ “অদূৰ ভৱিষ্যতত তোমালোকৰ ওপৰত এনেকুৱা শাসকবৃন্দ নিয়োগ কৰা হ’ব, যিসকলৰ (কিছুমান কাম) তোমালোকে ভাল দেখিবলৈ পাবা আৰু (কিছুমান কাম) গর্হিত দেখিবলৈ পাবা। এতেকে যিয়ে (সিহঁতৰ গর্হিত কৰ্মক) ঘৃণা কৰিব, তেওঁ দায়মুক্ত হৈ যাব, আৰু যিয়ে আপত্তি তথা প্ৰতিবাদ জনাব, সেই ব্যক্তিও পৰিত্রাণ পাই যাব। কিন্তু যিয়ে (এইবোৰ কৰ্মত) সন্মত হ’ব আৰু সিহঁতক অনুসৰণ কৰিব (সি ধ্বংস হৈ যাব)।” চাহাবাসকলে ক’লেঃ আমি সিহঁতৰ বিৰুদ্ধে যুদ্ধ নকৰিমনে?’ তেখেতে ক’লেঃ “নহয়; যেতিয়ালৈকে সিহঁতে চালাত কায়েম কৰিব।”
Explanation
ইয়াৰ পিছত চাহাবাসকলে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক সুধিলেঃ এনেকুৱা বৈশিষ্ট্য থকা শাসকৰ বিৰুদ্ধে আমি যুদ্ধ নকৰিমনে? এই কথা শুনি তেখেতে তেওঁলোকক নিষেধ কৰিলে আৰু ক'লেঃ নহয়, সিহঁতৰ লগত তেতিয়ালৈকে যুদ্ধ নকৰিবা যেতিয়ালৈকে সিহঁতে নামাজ পঢ়িব।
Benefits
অসৎকৰ্মক সমৰ্থন কৰা আৰু তাত অংশ গ্ৰহণ কৰা বৈধ নহয়। বৰং সেইবোৰক খণ্ডন কৰা অনিবাৰ্য।
যদি শাসকসকল চৰীয়ত বিৰোধী কামত লিপ্ত হয় তেন্তে সেই ক্ষেত্ৰত সিহঁতৰ অনুসৰণ কৰা বৈধ নহয়।
মুছলিম শাসকৰ বিৰুদ্ধে বিদ্ৰোহ কৰা বৈধ নহয়। কাৰণ ইয়াৰ ফলত বিপৰ্যয় সৃষ্টি হ'ব, ৰক্ত প্ৰবাহিত হ'ব আৰু শান্তি তথা নিৰাপত্তাহীনতাই বিৰাজ কৰিব। গতিকে তেনে ক্ষেত্ৰত পাপিষ্ট শাসকক সহ্য কৰাটোৱে শ্ৰেয়, আনকি এনেক্ষেত্ৰত ধৈৰ্য্য ধাৰণ কৰাটোৱে হৈছে অধিক উত্তম।
নামাজৰ গুৰুত্ব অধিক। কাৰণ এইটো হৈছে কুফৰ আৰু ইছলামৰ মাজত পাৰ্থক্যকাৰী প্ৰাচীৰ।
Attribution
Categories
Share hadeeth
Sharing options · 0 Total shares

