افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم.
#66382[ছহীহ]
HadeethEnc · 1.16.0

ফিতনা মানুহৰ অন্তৰত ঢাৰি বোৱাৰ দৰে বৈ আহিব, যিদৰে ঢাৰি বনাওঁতে বাঁহৰ কাঠীবোৰ এটাৰ পিছত এটাকৈ লগোৱা হয়।

Available translations

Choose an available translation of this Hadeeth

01

Hadeeth text

হুজাইফা ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ আমি ওমৰ ৰাদ্বিয়াল্লাহু আনহুৰ ওচৰত বহি আছিলোঁ। তেতিয়া তেওঁ ক'লেঃ তোমালোকৰ মাজৰ কোনে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক ফিতনা সম্পৰ্কে আলোচনা কৰা শুনিছা? তেতিয়া লোকসকলে ক'লেঃ আমি আটায়ে শুনিছোঁ। তেতিয়া তেওঁ ক'লেঃ তোমালোকে হয়তো পৰিয়াল আৰু প্ৰতিৱেশীৰ ফিতনাৰ কথা ভাবিছা? তেওঁলোকে ক'লেঃ হয়। তেওঁ ক'লেঃ চালাত, চিয়াম আৰু চাদাক্বাহৰ মাধ্যমত ইয়াৰ কাফ্ফাৰা হৈ যায়। কিন্তু তোমালোকৰ মাজৰ কোনে ডাঙৰ ডাঙৰ ফিতনা সম্পৰ্কে শুনিছা, যিবোৰ সাগৰৰ তৰংগৰ দৰে তীব্ৰ গতিত আহিব? হুজাইফা ৰাদ্বিয়াল্লাহু আনহুৱে কৈছেঃ এই প্ৰশ্ন শুনি সকলোৱে মৌন হৈ পৰিল। তেতিয়া মই ক'লোঁঃ মই শুনিছোঁ। তেওঁ ক'লেঃ তুমি আৰু তোমাৰ পিতৃও আছিল অত্যন্ত ধৰ্মপৰায়ণ। হুজাইফা ৰাদ্বিয়াল্লাহু আনহুৱে কৈছেঃ মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছোঁ, তেখেতে কৈছেঃ "ফিতনা মানুহৰ অন্তৰত ঢাৰি বোৱাৰ দৰে বৈ আহিব, যিদৰে ঢাৰি বনাওঁতে বাঁহৰ কাঠীবোৰ এটাৰ পিছত এটাকৈ লগোৱা হয়। যিটো অন্তৰত সেই ফিতনা গাঁথি পৰে তাত এটা ক'লা দাগ বহি পৰে। আনহাতে যি অন্তৰে সেইটো প্ৰত্যাখ্যান কৰে, তাত এটা উজ্জ্বল দাগ বহে। এইদৰে দুয়োটা অন্তৰ দুই ধৰণৰ হৈ পৰে। এটা হৈ যায় বগা শিলৰ দৰে, আকাশমণ্ডল আৰু পৃথিৱী যিমান দিন অৱশিষ্ট থাকিব, ফিতনাই সেই অন্তৰক কোনো ক্ষতি কৰিব নোৱাৰিব। আনটো হৈ পৰে বগা মিশ্ৰিত ক'লা কলহৰ দৰে। তাৰ প্ৰবৃত্তিৰ মাজত যিটো সোমাই পৰিছে তাৰ বাহিৰে সি ভাল-বেয়া একো বুজি নাপায়।" হুজাইফা ৰাদ্বিয়াল্লাহু আনহুৱে কৈছেঃ মই তেওঁক আৰু ক'লোঁ যে, আপোনাৰ আৰু সেই ফিতনাৰ মাজত আছে এটা বন্ধ দুৱাৰ। অচিৰেই সেইটো ভাঙি পেলোৱা হ'ব। ওমৰ ৰাদ্বিয়াল্লাহু আনহুৱে ক'লেঃ সৰ্বনাশ! সেইটো ভাঙি পেলোৱা হ'ব নেকি? যদি সেইটো ভাঙি নেপেলাই খোলা হ'লহেঁতেন তেন্তে হয়তো বন্ধ কৰা গ'লহেঁতেন। মই ক'লোঁঃ নহয়, সেইটো ভাঙি পেলোৱা হ'ব। হুজাইফাই কৈছেঃ মই তেওঁক এই কথাও কৈছোঁ যে, সেই দুৱাৰখন হৈছে এজন মানুহ। যাক হত্যা কৰা হ'ব, নাইবা তেওঁ স্বাভাৱিক মৃত্যুবৰণ কৰিব। এইটো কোনো কল্প-কাহিনী নহয়, বৰং এইটো হৈছে ৰাছুলৰ হাদীছ। বৰ্ণনাকাৰী আবু খালিদে কৈছেঃ মই ছাআদক সুধিলোঁঃ হে আবু মালিক! أَسْوَدُ مُرْبَادٌّ ৰ অৰ্থ কি? তেওঁ ক'লেঃ বগা মিশ্ৰিত ক'লা। মই আৰু সুধিলোঁঃ الْكُوزُ مُجَخِّيًا ৰ অৰ্থ কি? তেওঁ ক'লেঃ ওলটি থকা কলহ।
02

Explanation

আমীৰুল মুমিনীন ওমৰ ইবনুল খাত্তাব ৰাদ্বিয়াল্লাহু আনহুৰ এটা বৈঠকত কিছুমান চাহাবাৰ উপস্থিতিত তেওঁ তেওঁলোকক সুধিলেঃ তোমালোকৰ মাজৰ কোনে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক ফিতনা সম্পৰ্কে আলোচনা কৰা শুনিছা? তেওঁলোকৰ কিছুমানে ক'লেঃ আমি তেখেতক ফিতনা সম্পৰ্কে আলোচনা কৰা শুনিছোঁ। তেতিয়া ওমৰ ৰাদ্বিয়াল্লাহু আনহুৱে ক'লেঃ সম্ভৱতঃ তোমালোকে সেই ফিতনা তথা পৰীক্ষাৰ কথা কৈ আছা? যিটো ফিতনাৰ সন্মুখীন মানুহে নিজৰ আত্মীয়সকলৰ ক্ষেত্ৰত হ'বলগীয়া হয়। যেনে- স্ত্ৰী আৰু সন্তান-সন্ততিৰ ক্ষেত্ৰত, সিহঁতক অত্যন্ত মুহাব্বত কৰাৰ কাৰণে, সি কৃপণ হৈ পৰে আৰু বহুতো কল্যাণৰ পৰা আঁতৰি থাকে। অথবা সি সিহঁতৰ প্ৰাপ্য অধিকাৰ আদায় কৰাৰ ক্ষেত্ৰত, বা শিক্ষা দীক্ষা দিয়াৰ ক্ষেত্ৰত অৱহেলা কৰে। এইদৰে তোমালোকে হয়তো প্ৰতিৱেশীৰ ফালৰ পৰা সন্মুখীন হ'বলগীয়া ফিতনাৰ কথা কৈ আছা? তেওঁলোকে ক'লেঃ হয়। তেতিয়া তেওঁ ক'লেঃ এইবোৰ ফিতনাই আত্মপৰ্যালোচনাৰ দাবী কৰে। এইবোৰত এনেকুৱা থাকে যিবোৰ নেক আমলৰ জৰিয়তে প্ৰায়শ্চিত্ত হৈ যায়, যেনে- নামাজ, ৰোজা আৰু চাদাক্বাহ আদিৰ জৰিয়তে। কিন্তু তোমালোকৰ মাজৰ কোনে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক ব্যাপক ফিতনা সম্পৰ্কে আলোচনা কৰা শুনিছা, যিবোৰ ফিতনা বৃহৎ বৃহৎ আকাৰত আহিব, বিভিন্ন প্ৰকাৰে আহিব, সেইবোৰ ফিতনা এনেকৈ আহিব, যেনেকৈ সাগৰত প্ৰকাণ্ড প্ৰকাণ্ড ঢৌ আহে। তেতিয়া সকলোৱে মৌন হৈ পৰিল, আৰু হুজাইফা ইবনুল য়ামান ৰাদ্বিয়াল্লাহু আনহুমাই ক'লেঃ মই শুনিছোঁ। তেতিয়া ওমৰ ৰাদ্বিয়াল্লাহু আনহু আনন্দিত হৈ পৰিল আৰু ক'লেঃ তোমাৰ পিতৃৰ প্ৰতি আল্লাহে ৰহম কৰক, যাৰ পৰা তোমাৰ দৰে এজন সুসন্তানৰ জন্ম হৈছে। হে হুজাইফা! কোৱা, যি শুনিছা। তেতিয়া হুজাইফা ৰাদ্বিয়াল্লাহু আনহুৱে ক'লেঃ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ ফিতনাবোৰ প্ৰকট হয় আৰু মানুহৰ হৃদয়ৰ পৃষ্ঠ ভাগত আৰু কাষত আঠা লাগা দি লাগি ধৰে, যিদৰে মানুহে পাটীত বা ঢাৰিত খালি শৰীৰে শুলে শৰীৰত দাগ বহি পৰে। এইবোৰ ফিতনাই হৃদয়ক গভীৰভাৱে প্ৰভাৱিত কৰে আৰু বাৰে বাৰে আক্ৰমণ কৰে, এটাৰ পিছত এটা। যিটো হৃদয়ত এইবোৰ ফিতনা প্ৰৱেশ কৰে, লগতে যিয়ে ইয়াক পছন্দ কৰে আৰু অন্তৰত ইয়াক মিশ্ৰিত কৰি লয়, যিদৰে পানীৰ সৈতে নিমখ আদি মিশ্ৰিত হয়। তাৰ অন্তৰত এটা ক'লা দাগ পৰে। আনহাতে যি অন্তৰে এই ফিতনাক বৰ্জন কৰে, সেই অন্তৰত এটা বগা চিন পৰে।
এইদৰে দুয়োটা অন্তৰ দুই ধৰণৰ হৈ পৰে: এটা অন্তৰ, যিটো ঈমানী পৰিপক্কতাৰ কাৰণে আৰু দোষ-ত্ৰুটিৰ পৰা সুৰক্ষিত থকাৰ কাৰণে উজ্জ্বল হৈ পৰে, ফলত ফিতনাই তাত প্ৰভাৱ পেলাব নোৱাৰে, তথা লাগি ধৰিব নোৱাৰে। যিদৰে পৰিষ্কাৰ শিলত কোনো বস্তু টিকি থাকিব নোৱাৰে। ফলত ফিতনাই সেই হৃদয়ক কোনো প্ৰকাৰে প্ৰভাৱিত নোৱাৰে, অৱশেষ এই অৱস্থাতে তেওঁ আল্লাহৰ সৈতে সাক্ষাৎ কৰে। পক্ষান্তৰে আনটো অন্তৰ, ফিতনাৰ ফলত একেবাৰে ক'লা হৈ পৰে। সেই অন্তৰৰ অৱস্থা হৈছে ওলটি থকা কলহৰ দৰে, য'ত পানী ভৰিব নোৱাৰি। সেয়ে এনেকুৱা অন্তৰত কল্যাণ তথা হিকমত সোমাব নোৱাৰে। তাৰ অন্তৰে যিটো ভাল পায় তাৰ বাহিৰে সি সঁচা মিছা আৰু ভালপোৱা একো বুজি নাপায়। হুজাইফা ৰাদ্বিয়াল্লাহু আনহুৱে ওমৰ ৰাদ্বিয়াল্লাহু আনহুক আৰু কৈছিলঃ এই ফিতনাবোৰ আপোনাৰ জীৱনকালত প্ৰকট নহ'ব। আপোনাৰ আৰু সেই ফিতনাবোৰৰ মাজত এটা বন্ধ দুৱাৰ আছে। অচিৰেই সেইটো ভাঙি পেলোৱা হ'ব। এই শুনি ওমৰ ৰাদ্বিয়াল্লাহু আনহুৱে ক'লেঃ সঁচাই সেইটো ভাঙি পেলোৱা হ'বনে? যদি সেইটো খোলা হ'লহেঁতেন তেন্তে পুনৰ বন্ধ কৰা গ'লহেঁতেন। হুজাইফাই ক'লেঃ নহয়। সেইটো ভাঙি পেলোৱাহে হ'ব। সেই দুৱাৰটো হৈছে এজন মানুহ। যাক হত্যা কৰা হ'ব অথবা স্বাভাৱিক মৃত্যুবৰণ কৰিব। মই যিখিনি কথা দাঙি ধৰিলোঁ, এইটো হৈছে সত্য সংবাদ। এইটো পূৰ্বৱৰ্তী কিতাবৰ কোনো কল্প কাহিনী নহয়, আৰু কোনো মন্তব্যকাৰীৰ মন্তব্যও নহয়। বৰং এইটো হৈছে প্ৰিয় নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ হাদীছ।
03

Benefits

ব্যাপক ফিতনা অতি ভয়ংকৰ। ইয়াৰ ফলত তেজ প্ৰবাহিত হয়, ধন-সম্পদৰ ক্ষতি হয় আৰু নিৰাপত্তা ব্যাহত হয়।
বিশেষ ফিতনা যদি ধৰ্ম সম্পৰ্কীয় হয়, তেন্তে এই ফিতনাত আক্ৰান্ত ব্যক্তি হৈছে নিন্দনীয়। কিয়নো এনেকুৱা ফিতনা হয় বিদআত, নহয় কোনো গুনাহৰ কাম। আনহাতে যদি সেইটো দুনিয়া বিষয় সম্বন্ধীয় হয় তেন্তে এইটো হৈছে সেই ব্যক্তিৰ বাবে এটা পৰীক্ষা তথা বিপদ। এই ক্ষেত্ৰত ধৈৰ্য্য ধাৰণ কৰা অনিবাৰ্য্য।
ফিতনাৰ ফলত অন্তৰ প্ৰভাৱিত হয়। আল্লাহে যাক হিদায়তৰ ওপৰত প্ৰতিষ্ঠিত ৰাখিব বিচাৰে, তাকহে হিদায়তৰ তাওফীক দিয়ে।
ইমাম নাৱাৱীয়ে কৈছেঃ আত-তাহৰীৰ গ্ৰন্থৰ লেখকে কৈছে যে, এই হাদীছটোৰ অৰ্থ হৈছে, যেতিয়া কোনো ব্যক্তি নিজৰ প্ৰবৃত্তিৰ অনুসৰণ কৰে আৰু পাপকৰ্মত লিপ্ত হয়, তেতিয়া প্ৰতিটো গুনাহৰ সৈতে তাৰ অন্তৰত অন্ধকাৰ প্ৰৱেশ কৰে। যেতিয়া এনেকুৱা হয়, তেতিয়া সি ফিতনাত পতিত হয় আৰু ইছলাম নূৰ তাৰ পৰা আঁতৰি যায়। লগতে তাৰ অন্তৰ পাত্ৰৰ দৰে হৈ পৰে, যেতিয়া কোনো পাত্ৰ ওলটি যায় তেতিয়া সেই পাত্ৰৰ মাজৰ সকলো বস্তু পৰি যায়, আৰু সেই ওলটি থকা অৱস্থাত তাৰ ভিতৰত একো থৈ দিব নোৱাৰি।
ওমৰ ৰাদ্বিয়াল্লাহু আনহুৱে হুজাইফাক (لا أبا لك) কোৱা কথাষাৰৰ অৰ্থ হৈছেঃ বিষয়টোক বেছিকৈ গুৰুত্ব দিয়া। পৰিপূৰ্ণৰূপে প্ৰস্তুতি লোৱা, সেই ব্যক্তিৰ দৰে প্ৰস্তুত হোৱা, যাৰ কোনো সহায়-সহযোগ কৰিব পৰা মানুহ নাই।
হাদীছটোত ওমৰ ৰাদ্বিয়াল্লাহু আনহুৰ ফজীলত বৰ্ণিত হৈছে। কাৰণ ইয়াত ফিতনা আৰু মানুহৰ মাজত তেওঁক এটা বন্ধ দুৱাৰ বুলি ইংগিত কৰা হৈছে।

Attribution

[(মুছলিম)]

Categories

Share

Share hadeeth

Sharing options · 0 Total shares

Share

← Back to encyclopedia
Shopping Basket

Loading...