HadeethEnc · 1.16.0
“যদি সিহঁতে জুইত জাঁপ দিলেহেঁতেন তেন্তে কিয়ামত দিৱসলৈকে এই জুইৰ পৰা ওলাই আহিব নোৱাৰিলেহেঁতেন। (শুনা) আনুগত্য (কৰিব লাগে) কেৱল সৎ কামতহে।”
Available translations
Choose an available translation of this Hadeeth
01
Hadeeth text
আলী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ নবী চাল্লাল্লাহু ‘আলাইহি অছাল্লামে (কোনো এটা অভিযানলৈ) এটা সেনাদল প্ৰেৰণ কৰিছিল, আৰু সেই সেনা বাহিনীৰ সেনাপতি নিযুক্ত কৰিছিল এজন আনচাৰী লোকক আৰু বাকীসকলক তেওঁৰ (সেনাপতিৰ) আনুগত্য কৰিবলৈ আদেশ দিছিল। (অভিযানত থকা অৱস্থাত কোনো এটা কাৰণত) সেই সেনাপতিজন ক্ৰোধান্বিত হয়। তেতিয়া তেওঁ কয় যে, “নবী চাল্লাল্লাহু ‘আলাইহি অছাল্লামে তোমালোকক মোৰ আনুগত্য কৰিবলৈ আদেশ দিয়া নাইনে?” তেওঁলোকে ক’লে, “হয়, নিশ্চয় দিছে।” তেতিয়া তেওঁ ক’লে, “তেন্তে তোমালোকে কিছুমান কাঠ খৰি সংগ্ৰহ কৰি আনাগৈ।” সিহঁতে খৰি সংগ্ৰহ কৰি আনিলে। ইয়াৰ পিছত তেওঁ ক’লে, “এইবোৰত জুই লগাই দিয়া।” তেওঁলোকে তাত জুই লগাই দিলে। তেতিয়া তেওঁ ক’লে, “এতিয়া তোমালোকে সকলোৱে এই জুইত জাঁপ মাৰি দিয়া।” তেওঁলোকে এটা পৰ্যায়ত জুইত প্ৰৱেশ কৰিবলৈ সংকল্প কৰি পেলাইছিল। কিন্তু তেওঁলোকৰ মাজৰ কেইজনমানে আন কেইজনমানক বাধা দি ক’বলৈ ধৰিলে যে, “আমি এই জুইৰ পৰাই পলায়ন কৰি নবী চাল্লাল্লাহু ‘আলাইহি অছাল্লামৰ প্ৰতি ঈমান আনিছোঁ।” এইদৰে বাদানুবাদ চলি থাকোঁতে জুই নুমাই গ’ল আৰু তেওঁৰো ক্ৰোধ ঠাণ্ডা হ’ল। ইয়াৰ পিছত এই সংবাদ নবী চাল্লাল্লাহু ‘আলাইহি অছাল্লামৰ ওচৰ পালেগৈ, তেখেতে ক’লে, “যদি সিহঁতে জুইত জাঁপ দিলেহেঁতেন তেন্তে কিয়ামত দিৱসলৈকে এই জুইৰ পৰা ওলাই আহিব নোৱাৰিলেহেঁতেন। (শুনা) আনুগত্য (কৰিব লাগে) কেৱল সৎ কামতহে।”
02
Explanation
নবী মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে এটা সৰু সেনা বাহিনী (ছাৰিয়া) প্ৰেৰণ কৰিলে আৰু এজন আনচাৰী ছাহাবীক সেই সেনাদলৰ সেনাপতি (আমিৰ) পাতিলে, আৰু সেনাদলত থকা চাহাবাসকলক সেই সেনাপতিৰ আনুগত্য কৰিবলৈ নিৰ্দেশ দিলে। কিবা কাৰণত সেই সেনাপ্ৰধানজনে খং কৰি ক'লে যে, " নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তোমালোকক মোৰ কথা মানিবলৈ নিৰ্দেশ দিয়া নাছিলনে?" তেওঁলোকে ক'লে: "হয় (নিশ্চয় আদেশ দিছে)। তেন্তে শুনা! মই তোমালোকক আদেশ দিলোঁ যে, তোমালোকে কাঠ খৰি বিচাৰি আনি একত্ৰিত কৰা আৰু সেইবোৰৰ দ্বাৰা জুই জ্বলোৱা, আৰু সেই জুইত তোমালোকে প্ৰৱেশ কৰা। ইয়াৰ পিছত তেওঁলোকে আমীৰৰ কথামতে কাঠ খৰি গোটাই আনিলে আৰু জুই জ্বলালে। কিন্তু যেতিয়া তেওঁলোকে জুইত প্ৰৱেশ কৰিবলৈ মনস্থ কৰিলে, তেতিয়া তেওঁলোকে ইজনে সিজনৰ মুখলৈ চাই দ্বিধাদ্বন্দত পৰিল। তেওঁলোকে ক'লে: "আমি এই অগ্নিৰ পৰাই ৰক্ষা পাবলৈ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ অনুসৰণ কৰিছোঁ, তেন্তে আমি কিয় ইয়াত প্ৰৱেশ কৰিম?" এইদৰে তেওঁলোকৰ মাজত কথোপকথন চলি থকাৰ সময়ছোৱাতে জুইৰ শিখা নুমাই গ'ল আৰু ইপিনে আমিৰৰ খঙো প্ৰশমিত হৈ পৰিল। এই বিষয়টো নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত উপস্থাপন কৰাত তেখেতে ক'লে: যদি তেওঁলোকে সেই আমীৰৰ কথামতে জুইত জাঁপ দিলেহেঁতেন, যিটো তেওঁলোকক শাস্তি বিহাৰ উদ্দেশ্যে জ্বলোৱা হৈছিল, তেন্তে তেওঁলোকে তাৰ পৰা কিয়ামত পৰ্যন্ত ওলাই আহিব নোৱাৰিলেহেঁতেন। জানি থোৱা! সৃষ্টিকৰ্তাৰ অবাধ্যতা কৰি কোনো কাৰণতে সৃষ্টিৰ আনুগত্য কৰা বৈধ নহয়। সৃষ্টিৰ আনুগত্য কেৱল সৎ কৰ্মতহে ওৱাজিব, পাপকৰ্মত সৃষ্টিৰ আনুগত্য বৈধ নহয়।
03
Benefits
হাদীছটোত উল্লেখ কৰা হৈছে যে, কেৱল সৎকৰ্মতহে মানুহৰ আনুগত্য কৰিব লাগে, বেয়া কৰ্মত কাৰো কথাই মনা উচিত নহয়, যদি সেইটো সেই ব্যক্তিৰ নিৰ্দেশ হয়, যাৰ আনুগত্য কৰা অনিবাৰ্য্য।
তাওহীদ পন্থী পাপী ব্যক্তিয়েও জাহান্নামত শাস্তি ভোগ কৰিব পাৰে, কিন্তু শেষত আল্লাহে তাক ক্ষমা কৰি দিব।
যুদ্ধ আৰু ভ্ৰমণ আদিত আমীৰ নিৰ্ধাৰণ কৰাটো চৰীয়তসন্মত।
তাওহীদ পন্থী পাপী ব্যক্তিয়েও জাহান্নামত শাস্তি ভোগ কৰিব পাৰে, কিন্তু শেষত আল্লাহে তাক ক্ষমা কৰি দিব।
যুদ্ধ আৰু ভ্ৰমণ আদিত আমীৰ নিৰ্ধাৰণ কৰাটো চৰীয়তসন্মত।
Attribution
[(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})]
Categories
Share
Share hadeeth
Sharing options · 0 Total shares

