আল্লাহৰ শপত! তোমাৰ দ্বাৰা এজন লোকেও যদি ঈমান পোষণ কৰে তেন্তে সেয়া তোমাৰ বাবে ৰঙা উটতকৈও উত্তম।
Choose an available translation of this Hadeeth
Hadeeth text
ছাহল বিন ছাআদ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, খাইবৰৰ যুদ্ধৰ দিনা ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছিলঃ "কাইলৈ মই এই পতাকাখন এনে এজন ব্যক্তিৰ হাতত তুলি দিম, যাৰ যোগেদি আল্লাহে (খয়বৰৰ দুৰ্গ) জয় কৰিব। যিয়ে আল্লাহ আৰু তেওঁৰ ৰাছুলক ভালপায়, আনহাতে আল্লাহ আৰু তেওঁৰ ৰাছুলেও তেওঁক ভালপায়।" বৰ্ণনাকাৰীয়ে কৈছেঃ সেই ৰাতি লোকসকলে এই চিন্তাত ৰাতি অতিবাহিত কৰিছিল যে, কাক দিয়া হ'ব পতাকাখন। ৰাতিপুৱা হোৱাৰ লগে লগে চাহাবাসকলে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত আহি উপস্থিত হ'ল, প্ৰত্যেকেই কামনা কৰি আছিল যে, পতাকাখন তাকেই দিয়া হ'ব। এই অৱস্থাত তেখেতে ক'লেঃ "আলী ইবনু আবি তালিব ক'ত?" কোৱা হ'ল যে, হে আল্লাহৰ ৰাছুল! তেওঁৰ চকুৰ বেমাৰ হৈছে। তেখেতে ক'লেঃ "তেওঁক মাতি আনিবলৈ কাৰোবাক প্ৰেৰণ কৰা।" তেওঁক লৈ অনা হ'ল। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁৰ দুয়ো চকুত তেখেতৰ থু লগাই দিলে আৰু দুআ কৰিলে, ফলত তেওঁ সম্পূৰ্ণৰূপে সুস্থ হৈ উঠিল, এনেকুৱা আৰোগ্য লাভ কৰিলে যে, চকুত যেনিবা কোনো বিষেই নাছিল। ইয়াৰ পিছত তেখেতে তেওঁক পতাকা অৰ্পন কৰিলে। পতাকা হাতত লৈ তেওঁ ক'লেঃ হে আল্লাহৰ ৰাছুল! মই সিহঁতৰ লগত তেতিয়ালৈকে যুদ্ধ কৰিম যেতিয়ালৈকে সিহঁত আমাৰ দৰে (মুছলিম) হৈ নাযায়। তেতিয়া তেখেতে ক'লেঃ "তুমি লাহে লাহে আগুৱাই যোৱা, যেতিয়া তুমি সিহঁতৰ চোতালতগৈ উপস্থিত হ'বা, তেতিয়া সিহঁতক ইছলামৰ পিনে আহ্বান কৰিবা আৰু সিহঁতৰ ওপৰত আল্লাহৰ যি অধিকাৰ আছে সেই সম্পৰ্কে সিহঁতক অৱগত কৰিবা। আল্লাহৰ শপত! তোমাৰ দ্বাৰা এজন লোকেও যদি ঈমান পোষণ কৰে তেন্তে সেয়া তোমাৰ বাবে ৰঙা উটতকৈও উত্তম।"
Explanation
এনেতে নবী চাল্লাল্লাহু আলাইহি অছাল্লামে আলী ইবনু আবি তালিব সম্পৰ্কে সুধিলে?
কোৱা হ'ল যে, তেওঁ অসুস্থ, চকুৰ বেমাৰ হৈছে।
এই শুনি তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁক মাতি পঠোৱাৰ ব্যৱস্থা কৰিলে। তেওঁক মাতি অনা হ'ল। নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ বৰকতময় থু তেওঁৰ চকুত লগাই দিয়া হ'ল, আৰু তেখেতে দুআ কৰিলে, ফলত তেওঁ সেই বেমাৰৰ পৰা আৰোগ্য লাভ কৰিলে, এনেকুৱা আৰোগ্য লাভ কৰিলে যেনিবা তেওঁৰ চকুত কোনো বেমাৰেই নাছিল। ইয়াৰ পিছত তেখেতে তেওঁক পতাকা অৰ্পন কৰিলে। লগতে তেওঁক নিৰ্দেশ দিলে যে, লাহে লাহে আগুৱাই যাবা, যেতিয়া তুমি শত্ৰুসকলৰ দুৰ্গৰ ওচৰতগৈ উপস্থিত হ'বা তেতিয়া সিহঁতক ইছলাম গ্ৰহণ কৰিবলৈ আহ্বান কৰিবা। যদি সিহঁতে ইছলাম গ্ৰহণ কৰে তেন্তে সিহঁতক সেইবোৰ বিষয় জনাই দিবা যিবোৰ পালন কৰা সিহঁতৰ ওপৰত অনিবাৰ্য।
ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে আলী ৰাদ্বিয়াল্লাহু আনহুক আল্লাহৰ পিনে আহ্বান কৰাৰ গুৰুত্ব বুজাই ক'লে যে, যদি এই আহ্বানৰ ফলত কোনোবাই হিদায়ত লাভ কৰে তেন্তে এয়া তোমাৰ বাবে এটা ৰঙা উটতকৈও উত্তম, যিটোক আৰবীয়ানসকলে মহামূল্যৱান সম্পদ বুলি গণ্য কৰে। অৰ্থাৎ এনেকুৱা উটৰ মালিক হোৱাতকৈও উত্তম অথবা এনেকুৱা উট চাদাক্বাহ কৰাতকৈও উত্তম।
Benefits
কল্যাণৰ প্ৰতি চাহাবাসকল খুবেই আগ্ৰহী আছিল, আৰু ইয়াৰ বাবে তেওঁলোকে প্ৰতিযোগিতা কৰিছিল।
যুদ্ধৰ সময়তো নিয়ম-নীতি পালন কৰা জৰুৰী। আনহাতে লম্ফ-জম্ফ কৰা তথা অনৰ্থক চিঞৰ-বাখৰ পৰিত্যাগ কৰা উচিত, ইয়াৰ কোনো প্ৰয়োজন নাই।
ইয়াহুদীসকলৰ ওপৰত বিজয় লাভ কৰাৰ সংবাদটো হৈছে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ নুবুওৱতৰ অন্যতম এটা প্ৰমাণ। আনহাতে তেখেতৰ হাতত আলী ইবনে আবি তালিবে চকুৰ বেমাৰৰ পৰা আৰোগ্য লাভ কৰা বিষয়টো সংঘটিত হৈছে আল্লাহৰ আদেশক্ৰমে।
জিহাদৰ অন্যতম এটা মহান উদ্দেশ্য হৈছে, যাতে মানুহে দলে দলে ইছলামত প্ৰৱেশ কৰে।
ইছলামৰ প্ৰতি আহ্বান ধীৰ স্থিৰে হোৱা উচিত। প্ৰথমে অমুছলিম ব্যক্তিক ইছলাম গ্ৰহণ কৰিবলৈ তথা শ্বাহাদাতাইনৰ সাক্ষ্য দিয়াৰ প্ৰতি আহ্বান কৰিব লাগে। এইটো গ্ৰহণ কৰিলেহে ইছলামৰ বাকী বাধ্যতামূলক বিধানসমূহৰ নিৰ্দেশ দিব লাগে।
হাদীছটোত ইছলামৰ প্ৰতি আহ্বানৰ গুৰুত্ব বৰ্ণিত হৈছে। ইয়াত আহ্বানকাৰী আৰু যাক আহ্বান কৰা হৈছে উভয়ৰে বাবে কল্যাণ আছে, যাক আহ্বান কৰা হৈছে তেওঁ হিদায়ত লাভ কৰিব পাৰে, আনহাতে আহ্বানকাৰীয়ে মহা প্ৰতিদান লাভ কৰিব।
Attribution
Categories
Share hadeeth
Sharing options · 0 Total shares

