HadeethEnc · 1.16.0
মোচ চুটি কৰিবলৈ, নখ কাটিবলৈ, কাষলতিৰ নোম উঘালি পেলাবলৈ, নাভিৰ তলৰ নোম খুৰাবলৈ আমাৰ বাবে সময় নিৰ্ধাৰণ কৰি দিয়া হৈছিল যে, আমি যাতে চল্লিশ দিনতকৈ অধিক সময় অতিক্ৰম নকৰোঁ।
Available translations
Choose an available translation of this Hadeeth
01
Hadeeth text
আনাছ ইবনু মালিক ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ "মোচ চুটি কৰিবলৈ, নখ কাটিবলৈ, কাষলতিৰ নোম উঘালি পেলাবলৈ, নাভিৰ তলৰ নোম খুৰাবলৈ আমাৰ বাবে সময় নিৰ্ধাৰণ কৰি দিয়া হৈছিল যে, আমি যাতে চল্লিশ দিনতকৈ অধিক সময় অতিক্ৰম নকৰোঁ।"
02
Explanation
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে পুৰুষৰ মোচ চুটি কৰিবলৈ, হাত ভৰিৰ নখ কাটিবলৈ, কাষলতিৰ নোম উঘালি পেলাবলৈ আৰু নাভিৰ তলৰ নোম খুৰাবলৈ সময় নিৰ্ধাৰণ কৰি দিছে যে, এইবোৰ যাতে চল্লিশ দিনতকৈ অধিক সময় অৱশিষ্ট ৰখা নহয়।
03
Benefits
শ্বাওকানী ৰাহিমাহুল্লাহে কৈছেঃ পছন্দনীয় কথা এইটোৱে যে, চল্লিশ দিনৰ সময় সীমা পালন কৰাটোৱে উত্তম, যিটো ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে নিৰ্ধাৰণ কৰিছে। এই সীমা অতিক্ৰম কৰা বৈধ নহয়। কিন্তু সেই ব্যক্তিক ছুন্নাহ বিৰোধী গণ্য কৰা নহ'ব, যিয়ে এইবোৰ বস্তু দীঘল হোৱাৰ পিছত কটাৰ ক্ষেত্ৰত বা খুৰোৱাৰ ক্ষেত্ৰত অন্তিম সময়লৈকে পলম কৰে।
ইবনু হুবাইৰাই কৈছেঃ এই হাদীছটোত পলম কৰাৰ শেষ সীমা বৰ্ণিত হৈছে। উত্তম হৈছে এই নিৰ্ধাৰিত সময়ৰ আগতেই এইবোৰ বস্তু পৰিষ্কাৰ কৰি লোৱা।
ইছলামে পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু সৌন্দৰ্য্যৰ প্ৰতি বিশেষ মনোযোগ প্ৰদান কৰিছে।
মোচ চুটি কৰিব লাগে। অৰ্থাৎ ওঠৰ ওপৰত গজা নোমবোৰ চুটি কৰিব লাগে।
কাষলতিৰ নোমবোৰ উঘালি পেলাব লাগে। অৰ্থাৎ কান্ধৰ সৈতে বাহুৰ সংযোগ হোৱা স্থানৰ নিম্নভাগত গজা নোমবোৰ উঘালি পেলাব লাগে।
নাভিৰ তলৰ নোম খুৰাব লাগে। অৰ্থাৎ নাৰী পুৰুষ উভয়ৰে লজ্জাস্থানৰ আশে-পাশে গজা চুলিবোৰ খুৰাব লাগে।

Attribution
[(মুছলিম)]
Categories
Share
Share hadeeth
Sharing options · 0 Total shares