HadeethEnc · 1.16.0
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া ৰাতিত (তাহাজ্জুদৰ বাবে) উঠিছিল, তেতিয়া তেখেতে মিছৱাকেৰে মুখ চাফ কৰিছিল।
Available translations
Choose an available translation of this Hadeeth
01
Hadeeth text
হুজাইফা ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া ৰাতিত (তাহাজ্জুদৰ বাবে) উঠিছিল, তেতিয়া তেখেতে মিছৱাকেৰে মুখ চাফ কৰিছিল।
02
Explanation
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে বেছিভাগ সময়তে মিছৱাক কৰিছিল আৰু ইয়াৰ নিৰ্দেশ দিছিল। লগতে কিছুমান সময়ত নিশ্চিতভাৱে মিছৱাক কৰিছিল, যেনে- ৰাতিত যেতিয়া (তাহাজ্জুদৰ বাবে) উঠিছিল, তেতিয়া তেখেতে মিছৱাকেৰে ঘঁহি ঘঁহি দাঁত চাফা কৰিছিল।
03
Benefits
ৰাতিৰ টোপনিৰ পিছত মিছৱাক কৰিবলৈ গুৰুত্ব প্ৰদান কৰা হৈছে। কাৰণ টোপনিৰ পিছত মুখৰ ঘ্ৰাণ পৰিৱৰ্তন হয় আৰু মিছৱাক হৈছে দাঁত পৰিষ্কাৰ কৰাৰ আহিলা।
উক্ত অৰ্থৰ দ্বাৰা এইটোও বুজা যায় যে, মুখৰ প্ৰতিটো দুৰ্গোন্ধৰ পৰা ৰক্ষা পোৱাৰ বাবে মিছৱাক কৰিবলৈ গুৰুত্ব প্ৰদান কৰা হৈছে।
সাধাৰণতে পৰিষ্কাৰ পৰিচ্ছন্নতা হৈছে চৰীয়তৰ নিৰ্দেশ, লগতে এইটো হৈছে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ছুন্নত। লগতে এইটো হৈছে সুউচ্চ শিষ্টাচাৰ।
মুখত মিছৱাক কৰাৰ অৰ্থ হৈছে, দাঁত, দাঁতৰ আলুকে আদি কৰি জিভা পৰিষ্কাৰ কৰাটোও ইয়াৰে অন্তৰ্ভুক্ত।
মিছৱাক কোৱা হয় ঠাৰিৰ নিচিনা এক প্ৰকাৰ শিপা, যিটো আৰাক গছৰ শিপা কাটি বনোৱা হয়। দাঁত আৰু মুখ চাফ কৰিবলৈ এইটো ব্যৱহাৰ কৰা হয়। ইয়াৰ ফলত মুখৰ দুৰ্গোন্ধ দূৰ হয় আৰু মুখ পৰিষ্কাৰ হয়।

Attribution
[(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})]
Categories
Share
Share hadeeth
Sharing options · 0 Total shares