افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم.
#65868[ছহীহ]
HadeethEnc · 1.16.0

শেষ যামানাত এদল যুৱকৰ আবিৰ্ভাৱ হ'ব, যিসকল হ'ব স্বল্পবুদ্ধি সম্পন্ন। সিহঁতে কথা কোৱাত পাকৈত হ'ব। সিহঁতে ইছলামৰ পৰা এনেকৈ ওলাই যাব, যেনেকৈ ধেনুৰ পৰা কাঁড় ওলাই যায়।

Available translations

Choose an available translation of this Hadeeth

01

Hadeeth text

আলী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, (তেওঁ কৈছেঃ) যেতিয়া মই তোমালোকৰ ওচৰত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ হাদীছ বৰ্ণনা কৰোঁ, তেতিয়া এই কথা জানি থবা যে, তেখেতৰ প্ৰতি মিছা আৰোপ কৰাতকৈ মই আকাশৰ পৰা পৰি ধ্বংস হৈ যাওঁ এইটোৱে মোৰ ওচৰত বেছি পছন্দনীয়। পক্ষান্তৰে আমাৰ পাৰস্পৰিক কোনো বিষয়ত যদি আমি আলোচনা কৰোঁ, তেন্তে জানি থোৱা, যুদ্ধ হৈছে এটা প্ৰৱঞ্চনা। মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছোঁ, তেখেতে কৈছেঃ "শেষ যামানাত এদল যুৱকৰ আবিৰ্ভাৱ হ'ব, যিসকল হ'ব স্বল্পবুদ্ধি সম্পন্ন। সিহঁতে কথা কোৱাত পাকৈত হ'ব। সিহঁতে ইছলামৰ পৰা এনেকৈ ওলাই যাব, যেনেকৈ ধেনুৰ পৰা কাঁড় ওলাই যায়। সিহঁতৰ ঈমান ডিঙিৰ তললৈ প্ৰৱেশ নকৰিব। সিহঁতক য'তেই লগ পাবা হত্যা কৰিবা। সিহঁতক যিয়ে হত্যা কৰিব, কিয়ামতৰ দিনা তাক পুৰস্কৃত কৰা হ'ব।"
02

Explanation

আমীৰুল মুমিনীন আলী বিন আবি তালিব ৰাদ্বিয়াল্লাহু আনহুৱে হাদীছটোত উল্লেখ কৰিছে যে, তোমালোকে মোক যেতিয়া হাদীছ বৰ্ণনা কৰা দেখিবা, তেতিয়া জানি থ'বা যে, মই কেতিয়াও তেখেতৰ কোনো কথা গোপন নকৰোঁ, আৰু অস্পষ্টও এৰি নিদিওঁ। বৰং মই স্পষ্টৰূপে বৰ্ণনা কৰোঁ। নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰতি মিছা কথা আৰোপ কৰাৰ তুলনাত, মই আকাশৰ পৰা পৰি ধ্বংস হোৱাটো মোৰ বাবে বেছি সহজ। পক্ষান্তৰে মানুহৰ পাৰস্পৰিক বিষয়ত যেতিয়া কথা কওঁ, তেতিয়া জানি থোৱা, যুদ্ধ হৈছে এক প্ৰকাৰ প্ৰৱঞ্চনা। এনেকুৱা ক্ষেত্ৰত ইংগিত কৰিব পাৰোঁ, আৰু কোনো কথা গোপন কৰিব পাৰোঁ। এতেকে শুনা! মই নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছোঁ, তেখেতে কৈছেঃ শেষ যামানাত এদল যুৱকৰ আবিৰ্ভাৱ হ'ব, যিসকলৰ বয়স কম থাকিব, বিবেক বুদ্ধিত সিহঁত অতি দুৰ্বল হ'ব। সিহঁতে কোৰআনৰ কথা কোৱাত পাকৈত হ'ব, বেছি বেছি কোৰআন তিলাৱত কৰিব। সিহঁতে ইছলামৰ পৰা এনেকৈ ওলাই যাব তথা এনেকৈ চৰীয়তৰ সীমা অতিক্ৰম কৰিব, যেনেকৈ ধেনুৰ পৰা কাঁড় ওলাই যায়। ঈমান সিহঁতৰ ডিঙিৰ তললৈ প্ৰৱেশ নকৰিব। এতেকে তোমালোকে সিহঁতক য'তেই লগ পাবা হত্যা কৰিবা। সিহঁতক যিয়ে হত্যা কৰিব, কিয়ামতৰ দিনা তাক পুৰস্কৃত কৰা হ'ব।
03

Benefits

হাদীছটোত খাৱাৰিজসকলৰ বৈশিষ্ট্য বৰ্ণিত হৈছে।
হাদীছটোত নবুওৱতৰ এটা আলামত নিহিত হৈ আছে। কাৰণ ইয়াত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেখেতৰ পিছত উম্মতৰ ভিতৰত ভৱিষ্যতে হ'বলগীয়া এটা বিষয় সম্পৰ্কে সংবাদ দিছে, আৰু সেইটো পৰবৰ্তী সময়ত সেইদৰেই সংঘটিত হৈছে যিদৰে তেখেতে জনাইছে।
যুদ্ধত ইংগিতৰ দ্বাৰা কথা কোৱা আৰু অস্পষ্ট ভাষাত কথা কোৱাৰ অনুমতি আছে। যুদ্ধত এনেকুৱা পদ্ধতি অৱলম্বন কৰিব পাৰি অথবা খাপ পাতি ৰৈ থাকিব পাৰি। কিন্তু সন্ধি বা বচন ভংগ কৰাটো ইয়াৰ অন্তৰ্ভুক্ত নহয়। কাৰণ হাদীছত ইয়াক কঠোৰভাৱে নিষেধ কৰা হৈছে।
ইমাম নাৱাৱীয়ে হাদীছৰ এই বাক্যটোৰ বিষয়ে কৈছেঃ (يقولون من خير قول البرية) ইয়াৰ অৰ্থ হৈছেঃ সিহঁতৰ প্ৰকাশ্য কথাবোৰ দেখাত সুন্দৰ। যেনে- বিধান কেৱল আল্লাহৰেই প্ৰযোজ্য। এইদৰে সিহঁতে আল্লাহৰ কিতাবৰ পিনেই মানুহক আহ্বান কৰে।
ইবনু হাজাৰে হাদীছৰ এই বাক্যটোৰ বিষয়ে কৈছেঃ (لاَ يُجَاوِزُ إِيمَانُهُمْ حَنَاجِرَهُمْ) অৰ্থাৎ ঈমান সিহঁতৰ অন্তৰত মজবুতভাৱে প্ৰৱেশ নকৰিব তথা সিহঁতৰ ডিঙি পাৰ কৰি অন্তৰত ঢুকি নাপাব।
ক্বাজী ৰাহিমাহুল্লাহে কৈছেঃ উলামাসকল এই কথাত একমত যে, খাৱাৰিজ আৰু সিহঁতৰ দৰে বিদআতীসকলে যেতিয়া ৰাষ্ট্ৰপ্ৰধানৰ বিৰুদ্ধে বিদ্ৰোহ কৰে আৰু জামাতৰ সিদ্ধান্তৰ বিৰোধিতা কৰে, একতাৰ লাখুটি ভাঙি পেলায়, সতৰ্ক কৰাৰ পিছতো তথা ক্ষমা প্ৰাৰ্থনাৰ সুযোগ দিয়াৰ পিছতো যদি সিহঁত বিৰত নহয় তেন্তে সিহঁতক হত্যা কৰা ওৱাজিব।

Attribution

[(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})]

Categories

Share

Share hadeeth

Sharing options · 0 Total shares

Share

← Back to encyclopedia
Shopping Basket

Loading...