ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে মৃত্যুৰ সময়ত তেখেতৰ বগা খচ্চৰটো, তেখেতে ব্যৱহাৰ কৰা অস্ত্ৰ, আৰু সেই ভূমি যিটো তেখেতে চাদাক্বাহ কৰিছিল, এইখিনি বস্তুৰ বাহিৰে তেখেতে কোনো স্বৰ্ণ মুদ্ৰা বা ৰৌপ্য মুদ্ৰা, কোনো দাস-দাসী অথবা বেলেগ আন কোনো বস্তু এৰি যোৱা নাই।
Choose an available translation of this Hadeeth
Hadeeth text
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ খুলশালিয়েক আমৰ ইবনুল হাৰিছ অৰ্থাৎ উম্মুল মুমিনীন জুৱাইৰিয়া ৰাদ্বিয়াল্লাহু আনহাৰ ভাতৃৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে মৃত্যুৰ সময়ত তেখেতৰ বগা খচ্চৰটো, তেখেতে ব্যৱহাৰ কৰা অস্ত্ৰ, আৰু সেই ভূমি যিটো তেখেতে চাদাক্বাহ কৰিছিল, এইখিনি বস্তুৰ বাহিৰে তেখেতে কোনো স্বৰ্ণ মুদ্ৰা বা ৰৌপ্য মুদ্ৰা, কোনো দাস-দাসী অথবা বেলেগ আন কোনো বস্তু এৰি যোৱা নাই।
Explanation
Benefits
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মৃত্যুৰ সময়ত কি কি এৰি থৈ মৃত্যুবৰণ কৰিছে, হাদীছটোত তাৰ বৰ্ণনা দিয়া হৈছে।
তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে মৃত্যুৰ সময়ত কোনো গুৰুত্বপূৰ্ণ সম্পদ এৰি যোৱা নাছিল। কাৰণ তেখেত অত্যন্ত দানশীল আছিল আৰু অত্যন্ত দয়ালু আছিল।
কিৰমানীয়ে কৈছেঃ (وجعلها)ৰ ভিতৰত যিটো সৰ্বনাম আছে, সেইটোৰ দ্বাৰা কেৱল তেখেতৰ সেই দান কৰা ভূমিক বুজোৱা হোৱা নাই, বৰং ইয়াৰ ভিতৰত তেখেতৰ বাহন গাধ, অস্ত্ৰ আৰু ভূমি তিনিওটা অন্তৰ্ভুক্ত।
الختن: আৰবী ভাষাত খাতান কোৱা হয়, স্ত্ৰীৰ ভাই ভনীসকলক।
Attribution
Categories
Share hadeeth
Sharing options · 0 Total shares

