এনেকুৱা আচৰণ তোমালোকে পৰিত্যাগ কৰা, এইটো বৰ দুৰ্গন্ধযুক্ত কথা।
Choose an available translation of this Hadeeth
Hadeeth text
জাবিৰ বিন আব্দুল্লাহ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ আমি এখন যুদ্ধত আছিলোঁ। সেই সময়ছোৱাতে এজন মুহাজিৰ ব্যক্তিয়ে এজন আনচাৰী ব্যক্তিৰ নিতম্বত আঘাত কৰিলে। তেতিয়া আনচাৰী ব্যক্তিজনে "ইয়া লাল আনচাৰ" বুলি কৈ সহায় বিচাৰি আনচাৰী লোকসকলক আহ্বান কৰিলে। ইপিনে মুহাজিৰ ব্যক্তিজনেও "ইয়া লাল মুহাজিৰীন" বুলি চিঞৰিলে। মহান আল্লাহে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ কাণত এই চিঞৰ পৌঁচাই দিলে। তেখেতে ক'লেঃ এইটো আকৌ কিহৰ চিঞৰ বাখৰ? উপস্থিত লোকসকলে ক'লেঃ এজন মুহাজিৰ ব্যক্তিয়ে এজন আনচাৰী ব্যক্তিৰ নিতম্বত আঘাত কৰিছে, (যাৰ ফলত কাজিয়াৰ সৃষ্টি হৈছে)। সেইকাৰণে আনচাৰী ব্যক্তিয়ে আনচাৰীসকলক আৰু মুহাজিৰ ব্যক্তিয়ে মুহাজিৰসকলক এইদৰে মাতিছে। এই কথা শুনি নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ "এনেকুৱা আচৰণ তোমালোকে পৰিত্যাগ কৰা, এইটো বৰ দুৰ্গন্ধযুক্ত কথা।" জাবিৰে কৈছেঃ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া মদীনালৈ হিজৰত কৰি আহিছিল তেতিয়া আনচাৰসকল আছিল সংখ্যাগৰিষ্ঠ। ইয়াৰ পিছত লাহে লাহে মুহাজিৰসকল সংখ্যাগৰিষ্ঠত পৰিণত হয়। (এই কাজিয়াৰ কথা) আব্দুল্লাহ বিন উবাইয়ে শুনি ক'লেঃ সঁচাই সিহঁতে এনেকুৱা কৰিছে নেকি, আল্লাহৰ শপত! আমি মদীনালৈ উভতি যোৱাৰ পিছত নিশ্চয় তাৰ পৰা মৰ্যাদাৱান লোকসকলে নিকৃষ্ট লোকসকলক উলিয়াই দিব। তেতিয়া ওমৰ ইবনুল খাত্তাব ৰাদ্বিয়াল্লাহু আনহুৱে ক'লেঃ হে আল্লাহৰ ৰাছুল! আপুনি মোক অনুমতি দিয়ক, মই এই মুনাফিকৰ শিৰচ্ছেদ কৰি দিওঁ। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ "তাক এৰি দিয়া। যাতে মানুহে এইটো ক'ব নোৱাৰে যে, মুহাম্মদে নিজৰ সংগীসকলকে হত্যা কৰে।"
Explanation
Benefits
পথভ্ৰষ্ট দলসমূহৰ পৰা সতৰ্ক থকা আৰু সেইবোৰক বৰ্জন কৰা অনিবাৰ্য্য। যিদৰে ঘৃণনীয় বস্তু আৰু অপৱিত্ৰ বস্তুক বৰ্জন কৰা হয়।
যিবোৰ বিষয়ৰ দ্বাৰা শত্ৰুতা আৰু বিদ্বেষ সৃষ্টি হয়, সেইবোৰ বিষয় নিষিদ্ধ।
ইমাম নাৱাৱীয়ে কৈছেঃ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে যিটোক অজ্ঞতা যুগৰ আচৰণ বুলি কৈছে, সেইটো দৰাচলতে তেখেতে অপছন্দ কৰি ঘৃণাৰ সুৰত কৈছে। কাৰণ অজ্ঞতা যুগত দুনিয়াৱী বিষয়ত আৰু সংশ্লিষ্ট বিভিন্ন বিষয়ত গোত্ৰবোৰৰ মাজত পাৰস্পৰিক কাজিয়াত সহায়-সহযোগ কৰিছিল। সেই সময়ছোৱাত মানুহে নিজৰ গোত্ৰ আৰু বংশৰ ভিত্তিত নিজৰ অধিকাৰ দাবী কৰিছিল। ইছলাম অহাৰ পিছত সেই সকলোবোৰ নিষিদ্ধ কৰিছে, আৰু চৰীয়তৰ বিধান মুতাবিক সঠিক সিদ্ধান্তত উপনীত হ'বলৈ নিৰ্দেশ দিছে। যদি কোনোবাই কাৰোবাৰ ওপৰত অন্যায়-অত্যাচাৰ কৰে তেন্তে বিচাৰকে সিহঁতৰ মাজত ফয়চালা কৰিব, আৰু অপৰাধীক তাৰ অপৰাধৰ বাবে উপযুক্ত শাস্তি বিহিব। এইটো বলৱৎ হ'ব ইছলামৰ মূলনীতিৰ ভিত্তিত।
ছিন্ধীয়ে কৈছেঃ তেখেতে স্পষ্ট কৰিছে যে, অজ্ঞতা যুগৰ দৰে গোত্ৰ ভিত্তিক সহায় বিচৰা আৰু সহায় কৰাটো হৈছে চৰীয়ত পৰিপন্থী। সেয়ে নিজৰ গোত্ৰক এইদৰে চিঞৰি আহ্বান কৰাটো ঠিক নহয়। কিন্তু সত্যৰ পক্ষত সহায় কৰাটো হৈছে প্ৰত্যেক মুছলিমৰে অৱশ্য কৰ্তব্য, সেই ব্যক্তিজন নিজৰ গোত্ৰৰ হওক বা নহওক।
মুনাফিকসকলে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰতি আৰু তেখেতৰ চাহাবাসকলৰ প্ৰতি যিদৰে কটুক্তি কৰিছিল আৰু বেয়া ভাষা ব্যৱহাৰ কৰিছিল, সেয়া আছিল অত্যন্ত ঘৃণনীয়।
মুনাফিকসকলৰ ফালৰ পৰা বিভিন্ন ধৰণৰ আঘাত, কটুক্তি আৰু অৱমাননাকৰ ব্যৱহাৰ পোৱাৰ পিছতো নবী চাল্লাল্লাহু আলাইহি অছাল্লামে অত্যন্ত ধৈৰ্য্যশীল আৰু সহিষ্ণু আছিল।
প্ৰত্যেক এনেকুৱা কৰ্মৰ পৰা বিৰত থকা উচিত, যিটোৰ ফলত মানুহে ইছলাম গ্ৰহণৰ প্ৰতি অস্বস্তিবোধ কৰে বা বাধাৰ সৃষ্টি কৰে। এই কাৰণেই নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মুনাফিকসকলক হত্যা কৰিবলৈ নিষেধ কৰিছিল, যাতে মানুহে এই অপবাদ নিদিয়ে যে, মুহাম্মদে তেওঁৰ নিজৰ সংগীসকলকে হত্যা কৰে।
Attribution
Categories
Share hadeeth
Sharing options · 0 Total shares

