তোমালোকৰ মাজৰ কোনোবাই যেতিয়া মছজিদত প্ৰৱেশ কৰিব, তেওঁ যেন নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত দৰূদ পাঠ কৰে। তাৰ পিছত এই দুআ পাঠ কৰেঃ আল্লা-হুম্মাফ তাহলী, আবৱাবা ৰাহমাতিক। (হে আল্লাহ! মোৰ বাবে তোমাৰ অনুগ্ৰহৰ দুৱাৰসমূহ খুলি দিয়া।)
Choose an available translation of this Hadeeth
Hadeeth text
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "তোমালোকৰ মাজৰ কোনোবাই যেতিয়া মছজিদত প্ৰৱেশ কৰিব, তেওঁ যেন নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত দৰূদ পাঠ কৰে। তাৰ পিছত এই দুআ পাঠ কৰেঃ আল্লা-হুম্মাফ তাহলী, আবৱাবা ৰাহমাতিক। (হে আল্লাহ! মোৰ বাবে তোমাৰ অনুগ্ৰহৰ দুৱাৰসমূহ খুলি দিয়া।) এইদৰে ওলোৱাৰ সময়তো যেন নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰতি দৰূদ পাঠ কৰে। তাৰ পিছত যাতে এই দুআ পাঠ কৰেঃ আল্লাহুম্মা' চিমনি মিনাশ্ব শ্বাইত্বনিৰ ৰাজীম। (হে আল্লাহ! তুমি মোক বিতাৰিত চয়তানৰ পৰা ৰক্ষা কৰা।)" হাকিমত আছে যে, "ওলোৱাৰ সময়ত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰতি দৰূদ পাঠ কৰি এই দুআ পঢ়িব লাগেঃ আল্লাহুম্মা আজিৰনি মিনাশ্ব শ্বাইত্বনিৰ ৰাজীম। (হে আল্লাহ! তুমি মোক বিতাৰিত চয়তানৰ পৰা মুক্তি দিয়া।)"
Explanation
Benefits
এই দুআটো প্ৰত্যেক মছজিদৰ বাবে প্ৰযোজ্য, আনকি মছজিদুল হাৰামৰ বাবেও।
প্ৰৱেশৰ সময়ত আল্লাহৰ ৰহমত বিচাৰি দুআ কৰা আৰু ওলোৱাৰ সময়ত বিতাৰিত চয়তানৰ অনিষ্টৰ পৰা আল্লাহৰ ওচৰত নিৰাপত্তা বিচাৰি প্ৰাৰ্থনা কৰাৰ কাৰণ হৈছে, মছজিদত প্ৰৱেশকাৰী ব্যক্তিয়ে মছজিদৰ ভিতৰত এনেকুৱা কৰ্মত ব্যস্ত থাকে যিবোৰৰ দ্বাৰা আল্লাহৰ নৈকট্য অৱলম্বন কৰিব পৰা যায় আৰু জান্নাত লাভ হয়, সেইকাৰণে এই সময়ছোৱাত ৰহমত বিচাৰি দুআ কৰাটো বেছি উপযুক্ত। পক্ষান্তৰে মছজিদৰ পৰা বাহিৰ হৈ তেওঁ পৃথিৱীৰ বিভিন্ন ব্যস্ততা আৰু বিভ্ৰান্তিৰ মাজত প্ৰৱেশ কৰে। সেইকাৰণে এই সময়ছোৱাত আল্লাহৰ ওচৰত চয়তানৰ অনিষ্টৰ পৰা নিৰাপত্তা আৰু সুৰক্ষা বিচাৰি প্ৰাৰ্থনা কৰাটো বেছি উপযুক্ত।
Attribution
Categories
Share hadeeth
Sharing options · 0 Total shares

