افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم.
#65303[ছহীহ]
HadeethEnc · 1.16.0

গায়েবৰ চাবি হৈছে পাঁচটাঃ

Available translations

Choose an available translation of this Hadeeth

01

Hadeeth text

ইবনে ‘ওমৰ ৰাদ্বিয়াল্লাহু ‘আনহুমাৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "গায়েবৰ চাবি হৈছে পাঁচটাঃ নিশ্চয় আল্লাহ, তেওঁৰ ওচৰতেই আছে কিয়ামতৰ সঠিক জ্ঞান, তেৱেঁই বৰষুণ অৱতীৰ্ণ কৰে আৰু তেৱেঁই জানে মাতৃগৰ্ভত যি আছে। কোনোৱেই নাজানে কাইলৈ সি কি উপাৰ্জন কৰিব আৰু কোনোৱেই নাজানে কোন ঠাইত তাৰ মৃত্যু ঘটিব। নিশ্চয় আল্লাহ সৰ্বজ্ঞ, সম্যক অৱহিত।"
02

Explanation

ইল্মে গাইব একমাত্ৰ আল্লাহৰ বাহিৰে আন কোনেও নাজানে। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, গায়েবৰ চাবিকাঠি তথা ভাণ্ডাৰ হৈছে পাঁচটাঃ প্ৰথমঃ কিয়ামত কেতিয়া সংঘটিত হ'ব, এই কথা একমাত্ৰ আল্লাহৰ বাহিৰে আন কোনেও নাজানে। ইয়াৰ দ্বাৰা আখিৰাতৰ ইল্মৰ প্ৰতি ইংগিত কৰা হৈছে। কিয়নো কিয়ামত হৈছে আখিৰাতৰ প্ৰথম ধাপ। এতেকে যিয়ে নিকটৱৰ্তী ইল্ম নাজানে, তাৰ বাবে পৰৱৰ্তী জ্ঞান ৰখাটো অসম্ভৱ। দ্বিতীয়ঃ বৰষুণ কেতিয়া নামিব সেই কথা আল্লাহৰ বাহিৰে আন কোনেও নাজানে। ইয়াৰ দ্বাৰা উৰ্ধ্বজগতৰ বিষয়বোৰৰ প্ৰতি ইঙ্গিত কৰা হৈছে। ইয়াত বিশেষকৈ বৰষুণৰ কথা কোৱা হৈছে যদিও বৰষুণৰ কিছুমান আলামত আছে, যিবোৰৰ দ্বাৰা কেৱল বৰষুণৰ সম্ভাৱনাহে বুজায়, কেতিয়া অৱতীৰ্ণ হ'ব তাৰ নিশ্চয়তা পোৱা নাযায়। তৃতীয়ঃ গৰ্ভত যি আছে, ল'ৰা নে ছোৱালী, শুভ্ৰ নে নিগ্ৰো, সম্পূৰ্ণ নে অসম্পূৰ্ণ, দুৰ্ভগীয়া নে সৌভাগ্যৱান, জীয়াই থাকিব নে মৃত ভূমিষ্ঠ হ'ব ইত্যাদি বিষয় আল্লাহৰ বাহিৰে আন কোনেও নাজানে। গৰ্ভৰ বিষয়টো এই কাৰণে উল্লেখ কৰা হৈছে, কাৰণ অধিকাংশ মানুহে সাধাৰণতে এই সম্পৰ্কীয় কিছুমান বিষয় জানে, কিন্তু ইয়াৰ প্ৰকৃত ৰহস্য সম্পৰ্কে একো নাজানে। গতিকে যিয়ে ইয়াৰ ৰহস্য সম্পৰ্কে অৱগত নহয়, সি অন্যান্য ৰহস্য সম্পৰ্কে অৱগত হোৱাৰ প্ৰশ্নই নাহে। চতুৰ্থঃ কাইলৈ কি সংঘটিত হ'ব সেয়া আল্লাহৰ বাহিৰে আন কোনেও নাজানে। ইয়াৰ দ্বাৰা সময়ৰ বিভিন্ন প্ৰকাৰ আৰু তাত সংঘটিত হ'বলগীয়া ঘটনাসমূহৰ প্ৰতি ইংগিত কৰা হৈছে। অহাকালিৰ কথা এই কাৰণে কোৱা হৈছে, যাতে ইয়াৰ দ্বাৰা অতি নিকটৱৰ্তী সময় বুজায়। কোনো নিদৰ্শন বা লক্ষণ নোহোৱাকৈ যিহেতু কোনেও ইমান নিকটৱৰ্তী সময়ৰ বিষয়ে নাজানে, তেনে ক্ষেত্ৰত দূৰ ভৱিষ্যতৰ বিষয়ে জনাটো অধিক অসম্ভৱ। পঞ্চমঃ কোনেও নাজানে সি কোন ঠাইত মৃত্যুবৰণ কৰিব। ইয়াৰ দ্বাৰা পৃথিৱীৰ নিম্নজগতৰ বিষয়বোৰৰ প্ৰতি ইংগিত কৰা হৈছে। যদিও সাধাৰণতে মানুহে ভাবে যে, সি নিজ দেশতেই মৃত্যুবৰণ কৰিব, কিন্তু এইটো বাস্তৱ নহয়। যদিও কোনোবাই নিজ দেশত মৃত্যুবৰণ কৰে, তথাপিও সি নাজানে তাক ক'ত দাফন কৰা হ'ব। যদিও সেই ঠাইত তাৰ পূৰ্বপুৰুষৰ কবৰস্থান থাকে। {إِنَّ اللَّهَ عَلِيمٌ خَبِيرٌ} নিশ্চয় আল্লাহ মহা জ্ঞানী, সম্যক অৱহিত। বাহ্যিক আৰু অন্তৰ্নিহিত, গোপন আৰু প্ৰকাশ্য আদি সকলো বিষয়কে তেওঁৰ জ্ঞানে পৰিবেষ্টন কৰি আছে। উক্ত আয়াতটোত ইল্মে গায়েবৰ সকলো প্ৰকাৰকে সামৰি লোৱা হৈছে আৰু সকলো প্ৰকাৰ ভ্ৰান্ত দাবীক খণ্ডন কৰা হৈছে।
03

Benefits

অদৃশ্য জ্ঞানৰ পাঁচটা ভাণ্ডাৰ বা গোপন বিষয় বৰ্ণনা কৰা হৈছে, যিটো আল্লাহৰ বাহিৰে আন কোনেও নাজানে।
ছিন্ধিয়ে কৈছেঃ (مفاتيح الغيب خمس) এই পাঁচটা বিষয়ক অদৃশ্যৰ চাবি এই কাৰণে কোৱা হৈছে যে, যাৰ ওচৰত এই পাঁচটা বিষয়ৰ সঠিক জ্ঞান আছে, তাৰ ওচৰত গোটেই গায়েব সম্পৰ্কীয় জ্ঞান আছে। সেয়ে এইবোৰ হৈছে এনেকুৱা বিষয়, যাৰ দ্বাৰা গায়েবৰ ভাণ্ডাৰ খুলি দিয়া হয়।
ইবনু হাজাৰে কৈছে যে, ইবনু আবী জামাৰাই কৈছেঃ এইবোৰক চাবি বুলি প্ৰকাশ কৰাৰ কাৰণ হৈছে, যাতে শ্ৰোতাক বিষয়টো সহজে বুজাব পৰা যায়। কাৰণ প্ৰত্যেক বস্তু আৰু আপোনাৰ মাজত যদি পৰ্দা আঁৰি দিয়া হয় তেন্তে সেইটো আপোনাৰ পৰা অদৃশ্য হৈ পৰিব। সাধাৰণতে সেইটো চোৱাৰ উপায় হৈছে দুৱাৰ। আনহাতে দুৱাৰ বন্ধ থাকিলে চাবিৰ প্ৰয়োজন হয়। এতেকে যিটো বস্তুৰ দ্বাৰা গায়েবৰ জ্ঞানলৈকে উপনীত হোৱা সম্ভৱ, সেইটোৰ অৱস্থান সম্পৰ্কেই যদি জনা নাথাকে, তেনে ক্ষেত্ৰত সেই গায়েব সম্পৰ্কে অৱগত হোৱাটো কিদৰে সম্ভৱ?
ইবনু আবী জামাৰাই কৈছেঃ ইয়াক পাঁচটালৈ বিভক্ত কৰাৰ হিকমত হৈছে, সকলো জগতকে ইয়াৰ ভিতৰত সামৰি লোৱা হৈছে।
সৰ্বশক্তিমান আল্লাহে কিছুমান গায়েবী বিষয় ৰাছুলসকলক অৱগত কৰিছিল, বিশেষ কাৰণবশতঃ।
জ্যোতিষী, গণক আদি যিসকলে অদৃশ্য জ্ঞানৰ দাবী কৰে, ইছলামে এনেকুৱা অনুমানক তথা মিছা দাবীক বাতিল বুলি ঘোষণা কৰিছে। যদি কোনোবাই এনেকুৱা কোনো জ্ঞানৰ দাবী কৰে, যি জ্ঞান একমাত্ৰ আল্লাহৰ বাহিৰে আন কোনেও নাজানে, সি দৰাচলতে আল্লাহক আৰু তেওঁৰ ৰাছুলক আৰু পৱিত্ৰ কোৰআনক মিছা প্ৰতিপন্ন কৰে।

Attribution

[(বুখাৰী)]

Categories

Share

Share hadeeth

Sharing options · 0 Total shares

Share

← Back to encyclopedia
Shopping Basket

Loading...