افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم.
#65231[ছহীহ]
HadeethEnc · 1.16.0

প্ৰত্যেক নবীকেই তেওঁৰ যুগৰ প্ৰয়োজন মুতাবিক কিছুমান মুজিঝা প্ৰদান কৰা হৈছিল, যিবোৰ দেখি মানুহে তেওঁৰ ওপৰত ঈমান আনিছিল।

Available translations

Choose an available translation of this Hadeeth

01

Hadeeth text

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "প্ৰত্যেক নবীকেই তেওঁৰ যুগৰ প্ৰয়োজন মুতাবিক কিছুমান মুজিঝা প্ৰদান কৰা হৈছিল, যিবোৰ দেখি মানুহে তেওঁৰ ওপৰত ঈমান আনিছিল। পক্ষান্তৰে মোক যি মুজিঝা প্ৰদান কৰা হৈছে, সেয়া হৈছে অহী, যিটো আল্লাহে মোৰ প্ৰতি অৱতীৰ্ণ কৰিছে, (অৰ্থাৎ কোৰআন)। গতিকে মই আশা কৰোঁ কিয়ামতৰ দিনা তেওঁলোকৰ অনুসাৰীসকলৰ তুলনাত মোৰ অনুসাৰীসকলৰ সংখ্যা অধিক হ'ব।"
02

Explanation

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত উল্লেখ কৰিছে যে, মহান আল্লাহে প্ৰতিজন নবীকেই কিছুমান নিদৰ্শন আৰু মুজিঝা তথা অলৌকিকতা প্ৰদান কৰিছিল, যিবোৰৰ দ্বাৰা তেওঁলোকৰ নুবুওৱতৰ প্ৰমাণ সাব্যস্ত কৰিছে, যাতে যিসকলে এইবোৰ দেখিব তেওঁলোকে যেন ঈমান পোষণ কৰে। এইবোৰ আছিল এক প্ৰকাৰ প্ৰত্যাহ্বান, যিবোৰৰ কোনেও মোকাবিলা কৰিব নোৱাৰে। তথাপিও কিছুমানে স্বৈৰাচাৰিতা আৰু হঠকাৰিতা অৱলম্বন কৰি অস্বীকাৰ কৰিছিল। আনহাতে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক প্ৰদান কৰা আটাইতকৈ ডাঙৰ মুজিঝাটো হৈছে আল-কোৰআন, যিখন তেখেতৰ প্ৰতি অহী কৰা হৈছে। ইয়াৰ ভিতৰত আছে স্পষ্ট তথা চিৰস্থায়ী মুজিঝা, ইয়াৰ ওপৰিও বহুতো উপকাৰ, ব্যাপক কল্যাণ, আহ্বান, দলীল-প্ৰমাণ, পূৰ্বৱৰ্তী আৰু পৰৱৰ্তী বহুতো দুৰ্লভ সংবাদ। উপস্থিত অনুপস্থিত সকলোৰে বাবে তথা যিয়ে পাইছে আৰু যিয়ে পাব সেই সকলোৰে বাবে এইখন অত্যন্ত উপকাৰী। ইয়াৰ পিছত তেখেতে কৈছেঃ আশা কৰোঁ কিয়ামতৰ দিনা তেওঁলোকৰ তুলনাত মোৰ অনুসাৰীসকলৰ সংখ্যা অধিক হ'ব।
03

Benefits

ইয়াৰ দ্বাৰা প্ৰমাণ হয় যে, নবীসকলক নিদৰ্শন প্ৰদান কৰা হৈছিল। লগতে এইটো হৈছে উম্মতসমূহৰ প্ৰতি মহান আল্লাহৰ এক প্ৰকাৰ দয়া, কৰুণা তথা ৰহমত।
এই কথা উল্লেখ কৰা হৈছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামক প্ৰদান কৰা মুজিঝা হৈছে আটাইতকৈ ডাঙৰ।
অন্যান্য সকলো নবীৰ তুলনাত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ফজীলত তথা মৰ্যাদা অধিক বেছি।
ইবনে হাজাৰ ৰাহিমাহুল্লাহে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ এই বাণী "وَإِنَّمَا كَانَ الَّذِي أُوتِيتُ وَحْيًا أَوْحَاهُ اللَّهُ إِلَيَّ" (মোক যিটো দিয়া হৈছে, সেইটো হৈছে অহী, যিটো মহান আল্লাহে মোৰ প্ৰতি অৱতীৰ্ণ কৰিছে)ৰ ব্যাখ্যাত কৈছেঃ ইয়াৰ অৰ্থ এইটো নহয় যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সকলো মু'জিঝা কেৱল এই অহীৰ মাজতেই সীমাবদ্ধ, তথা এইটোও বুজোৱা হোৱা নাই যে, অন্যান্য নবীসকলক যিদৰে মুজিঝা প্ৰদান কৰা হৈছে, তেখেতক সেইবোৰ দিয়া হোৱা নাই। বৰং ইয়াৰ অৰ্থ হৈছে এই যে, তেখেতক যিটো মুজিঝা দিয়া হৈছে সেইটো সবাতোকৈ শ্ৰেষ্ঠ মু'জিঝা। যিটো কেৱল একমাত্ৰ তেখেতকে দিয়া হৈছে।
ইমাম নাৱাৱী ৰাহিমাহুল্লাহে কৈছেঃ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ এই বাণী "(فَأَرْجُو أَنْ أَكُونَ أَكْثَرَهُمْ تَابِعًا)" ("আশা কৰোঁ কিয়ামতৰ দিনা মোৰ অনুগামীসকলৰ সংখ্যা আটাইতকৈ বেছি হ'ব") এইটো হৈছে নুবুওৱতৰ অন্যতম এটা প্ৰতীক। কাৰণ এই সংবাদ তেখেতে সেই সময়ত দিছিল যেতিয়া মুছলমানসকলৰ সংখ্যা অতি কম আছিল। ইয়াৰ পিছত মহান আল্লাহে নিজ অনুগ্ৰহেৰে মুছলমানসকলৰ বাবে বিজয়ৰ দুৱাৰ খুলি দিলে, আৰু তেওঁলোকৰ মাজত বৰকত দান কৰিলে, অৱশেষত দ্বীনে ইছলাম প্ৰচাৰিত হ'ল আৰু মুছলমানসকলৰ সংখ্যা চাৰিওফালে অধিক বৃদ্ধি পালে। আনকি আজিলৈকে ইছলাম হৈছে পৃথিৱীৰ আটাইতকৈ বহুল প্ৰচাৰিত ধৰ্ম। وَللهِ الْحَمْد (সকলো ধৰণৰ প্ৰশংসা একমাত্ৰ আল্লাহৰ বাবেই)।

Attribution

[(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})]

Categories

Share

Share hadeeth

Sharing options · 0 Total shares

Share

← Back to encyclopedia
Shopping Basket

Loading...