মোৰ উম্মতৰ প্ৰতিজন ব্যক্তিয়ে জান্নাতত প্ৰৱেশ কৰিব, কেৱল সেই ব্যক্তিৰ বাহিৰে যিয়ে অস্বীকাৰ কৰিব
Choose an available translation of this Hadeeth
Hadeeth text
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "মোৰ উম্মতৰ প্ৰতিজন ব্যক্তিয়ে জান্নাতত প্ৰৱেশ কৰিব, কেৱল সেই ব্যক্তিৰ বাহিৰে যিয়ে অস্বীকাৰ কৰিব", চাহাবাসকলে সুধিলে- হে আল্লাহৰ ৰাছুল, কোনে অস্বীকাৰ কৰিব? তেখেতে ক'লেঃ যিয়ে মোৰ অনুসৰণ কৰিব তেওঁ জান্নাতত প্ৰৱেশ কৰিব আৰু যিয়ে মোৰ অবাধ্যতা কৰিব, সেইজনহে দৰাচলতে অস্বীকাৰ কৰিব।
Explanation
চাহাবাসকলে সুধিলেঃ হে আল্লাহৰ ৰাছুল! কোনে অস্বীকাৰ কৰিব?
তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে উত্তৰত ক'লেঃ যিয়ে ৰাছুলৰ আনুগত্য কৰিব তথা অনুসৰণ আৰু অনুকৰণ কৰিব, তেওঁ জান্নাতত প্ৰৱেশ কৰিব। আনহাতে যিয়ে অবাধ্যতা কৰিব তথা চৰীয়তৰ আনুগত্য নকৰিব, সি দৰাচলতে নিজৰ পাপ কৰ্মৰ জৰিয়তে জান্নাতত প্ৰৱেশ কৰিবলৈ অস্বীকাৰ কৰে।
Benefits
নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ আনুগত্য হৈছে জান্নাতত প্ৰৱেশৰ কাৰণ, আৰু তেখেতৰ অবাধ্যতা হৈছে জাহান্নামত প্ৰৱেশৰ কাৰণ।
হাদীছটোত এই উম্মতৰ আনুগত্যশীল লোকসকলক সুসংবাদ প্ৰদান কৰা হৈছে যে, তেওঁলোক আটায়ে জান্নাতত প্ৰৱেশ কৰিব, কেৱল সেইসকল লোকৰ বাহিৰে যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ অবাধ্যতা কৰে।
উম্মতৰ প্ৰতি ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লাম অত্যন্ত দয়ালু আছিল আৰু তেওঁলোকৰ হিদায়তৰ প্ৰতি তেখেত খুবেই আগ্ৰহী আছিল।
Attribution
Categories
Share hadeeth
Sharing options · 0 Total shares

