افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم.
#65097[ছহীহ]
HadeethEnc · 1.16.0

যেতিয়া তোমালোকে চালাত আদায় কৰিবা, তেতিয়া শাৰীবোৰ চিধা কৰি লবা। ইয়াৰ পিছত তোমালোকৰ মাজৰ পৰাই কোনোবাই ইমামতি কৰিবা। ইমামে যেতিয়া তাকবীৰ দিব তেতিয়া তোমালোকেও তাকবীৰ দিবা।

Available translations

Choose an available translation of this Hadeeth

01

Hadeeth text

হিত্তান বিন আব্দুল্লাহ আৰ-ৰাক্বাশ্বীৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ মই এবাৰ আবু মুছা আল-আশ্বআৰী ৰাদ্বিয়াল্লাহু আনহুৰ সৈতে নামাজ পঢ়িলোঁ। তেওঁ যেতিয়া তাশ্বাহহুদত বহিল, জামাআতত থকা কোনোবা এজনে ক'লে যে, নেকী আৰু জাকাতৰ সৈতে নামাজ ফৰজ কৰা হৈছে। বৰ্ণনাকাৰীয়ে কৈছেঃ আবু মুছাই নামাজ শেষ কৰি লোকসকলক উদ্দেশ্য কৰি সুধিলে, তোমালোকৰ মাজৰ কোনে এই কথা ক'লে? সকলোৱে নিৰৱ হৈ থাকিল, তেওঁ আকৌ সুধিলেঃ তোমালোকৰ মাজৰ কোনে এই কথা ক'লে? পুনৰ সকলোৱে নিৰৱ হৈ থাকিল। ইয়াৰ পিছত তেওঁ ক'লেঃ হে হিত্তান! সম্ভৱতঃ তুমিয়ে এই কথা কৈছা। হিত্তানে ক'লেঃ মই কোৱা নাই। কিন্তু তথাপিও মই ভয় কৰিছিলোঁ, আপুনি মোৰ ওপৰতে খং কৰিব নেকি। তেনেতে এজনে থিয় হৈ ক'লেঃ মই কৈছোঁ, মই ইয়াৰ দ্বাৰা কোনো বেয়া ভাৱ প্ৰকাশ কৰা নাছিলোঁ, কল্যাণহে কামনা কৰিছোঁ। তেতিয়া আবু মুছাই ক'লেঃ নামাজত কি ক'ব লাগে সেয়া তোমালোকে নাজানা নেকি? নিশ্চয় ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আমাৰ সন্মুখত ভাষণ প্ৰদান কৰি নিয়মকানূনসমূহ স্পষ্টভাৱে শিকাইছিল তথা নামাজৰ শিক্ষা দিছিল। তেখেতে কৈছিলঃ যেতিয়া তোমালোকে চালাত আদায় কৰিবা, তেতিয়া শাৰীবোৰ চিধা কৰি লবা। ইয়াৰ পিছত তোমালোকৰ মাজৰ পৰাই কোনোবাই ইমামতি কৰিবা। ইমামে যেতিয়া তাকবীৰ দিব তেতিয়া তোমালোকেও তাকবীৰ দিবা। আৰু যেতিয়া ইমামে {غَيْرِ الْمَغْضُوبِ عَلَيْهِمْ وَلا الضَّالِّينَ} [الفاتحة: 7] ক'ব, তেতিয়া তোমালোকে আমীন ক'বা। আল্লাহে তোমালোকৰ আহ্বানত সঁহাৰি দিব। যেতিয়া ইমামে তাকবীৰ দি ৰূকু কৰিব, তেতিয়া তোমালোকেও তাকবীৰ দি ৰূকু কৰিবা। কাৰণ ইমামে তোমালোকৰ আগত ৰূকুত যাব আৰু তোমালোকৰ আগতে ৰূকুৰ পৰা উঠিব। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ এইটো হৈছে সেইটোৰ বিনিময়ত, অৰ্থাৎ ইমামে আগত ৰূকুত গৈছে সেয়ে আগতে উঠিব। এইদৰে তেওঁ যেতিয়া ছামি আল্লাহু লিমান হামিদাহ ক'ব, তেতিয়া তোমালোকে ক'বাঃ আল্লাহুম্মা ৰাব্বানা লাকাল হাম্দ। আল্লাহে তোমালোকৰ কথা নিশ্চয় শুনিব। কিয়নো মহান আল্লাহে তেওঁৰ নবীৰ মুখেৰে কোৱাইছে যে, আল্লাহে প্ৰশংসাকাৰীৰ প্ৰশংসা শুনে। ইয়াৰ পিছত ইমামে যেতিয়া তাকবীৰ কৈ ছাজদাহ কৰিব তেতিয়া তোমালোকেও তাকবীৰ পাঠ কৰি ছাজদাহ কৰিবা। লগতে শুনা, ইমামে তোমালোকৰ আগত ছাজদাত যাব আৰু তোমালোকৰ আগতে ছাজদাৰ পৰা উঠিব। কাৰণ তেওঁ আগত গৈছে সেয়ে আগতে উঠিব। এইদৰে তাশ্বাহহুদত প্ৰথমে তোমালোকে এইটো পাঠ কৰিবাঃ আত্তাহিয়্যাতু আত-তায়্যিবাতু আচ্ছালাৱাতু লিল্লাহ, আচ্ছালামু আলাইকা আয়্যুহান্নাবীয়্যু অৰাহমাতুল্লাহি অবাৰাকাতুহ। আচ্ছালামু আলাইনা ওৱা আলা ইবাদিল্লাহিচ চলিহীন। আশ্বহাদু আল লা ইলা-হা ইল্লাল্লাহ, ওৱা আশ্বহাদু আন্না মুহাম্মাদান আব্দুহু ওৱা ৰাছুলুহ।
02

Explanation

চাহাবী আবু মুছা আল-আশ্বআৰী ৰাদ্বিয়াল্লাহু আনহুৱে এবাৰ নামাজ পঢ়াই আছিল, তাশ্বাহহুদত উপস্থিত হোৱাৰ পিছত কোনোবা এজনে পিছফালৰ পৰা ক'লেঃ কোৰআনত নামাজক নেকী আৰু জাকাতৰ সৈতে উল্লেখ কৰা হৈছে। নামাজ শেষ কৰি আবু মুছা ৰাদ্বিয়াল্লাহু আনহুৱে মুক্তাদীসকলৰ ফালে মুখ কৰি ক'লেঃ নামাজ পঢ়ি থকা অৱস্থাত তোমালোকৰ মাজৰ কোনে এই কথা ক'লে যে,কোৰআনত নামাজক নেকী আৰু জাকাতৰ সৈতে উল্লেখ কৰা হৈছে? সকলোৱে নিৰৱতা অৱলম্বন কৰিলে, কোনেও একো উত্তৰ নিদিলে। তেওঁ আকৌ সুধিলে, ইয়াৰ পিছতো কোনেও একো উত্তৰ নিদিলে। তেতিয়া আবু মুছা ৰাদ্বিয়াল্লাহু আনহুৱে ক'লেঃ সম্ভৱতঃ তুমি কৈছা, হে হিত্তান। কাৰণ হিত্তান সাহসী আছিল আৰু তেওঁৰ সৈতে সুসম্পৰ্ক আছিল, সেয়ে তেওঁক এইদৰে সুধিছিল, যাতে প্ৰকৃত ব্যক্তি ওলাই আহে। হিত্তানে বিষয়টোক অস্বীকাৰ কৰিলে। লগতে ক'লেঃ মই আশংকা কৰিছিলোঁ যে, মোকেই সন্দেহ কৰি আপুনি ককৰ্থনা কৰিব। ইতিমধ্যে এজন ব্যক্তি থিয় হৈ ক'লেঃ মই কৈছোঁ। ইয়াৰ দ্বাৰা কল্যাণৰ বাহিৰে মোৰ আৰু বেলেগ কোনো উদ্দেশ্য নাছিল। ইয়াৰ পিছত আবু মুছাই তেওঁক শিকোৱাৰ উদ্দেশ্যে ক'লেঃ তুমি নাজানা নেকি নামাজত কি কি ক'ব লাগে? এই প্ৰশ্নৰ দ্বাৰা আবু মুছাই তেওঁক এক প্ৰকাৰ নিন্দা কৰিছে। ইয়াৰ পিছত আবু মুছাই ক'লে যে, এবাৰ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ভাষণ দিছিল, য'ত তেখেতে তেওঁলোকক চৰীয়তৰ কিছুমান বিষয় শিকাইছিল আৰু নামাজৰ বিষয়বোৰ শিকাইছিল, তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছিলঃ

যেতিয়া তোমালোকে চালাত আদায় কৰিবা, তেতিয়া শাৰীবোৰ চিধা কৰি লবা আৰু পোন হৈ থিয় হ'বা। ইয়াৰ পিছত তোমালোকৰ মাজৰ পৰাই কোনোবাই ইমামতি কৰিবা। ইয়াৰ পিছত ইমামে যেতিয়া তাকবীৰে তাহৰিমাহ দিব তেতিয়া তোমালোকেও তাকবীৰ দিবা। আৰু যেতিয়া ইমামে ছুৰা ফাতিহাৰ শেষত এই আয়াত পঢ়িব {غَيْرِ الْمَغْضُوبِ عَلَيْهِمْ وَلا الضَّالِّينَ} [الفاتحة: 7] ক'ব, তেতিয়া তোমালোকে আমীন ক'বা। যদি তোমালোকে এইটো কৰা তেন্তে আল্লাহে তোমালোকৰ দুআ কবূল কৰিব। এইদৰে যেতিয়া ইমামে তাকবীৰ দি ৰূকু কৰিব, তেতিয়া তোমালোকেও তাকবীৰ দি ৰূকু কৰিবা। কাৰণ ইমামে তোমালোকৰ আগত ৰূকুত কৰিব আৰু তোমালোকৰ আগতে ৰূকুৰ পৰা উঠিব, গতিকে তোমালোকে ইমামৰ আগত একো নকৰিবা। যিহেতু ইমামে আগত ৰূকু কৰিছে সেয়ে তেওঁ আগতে উঠিব আৰু তোমালোকে ইমামৰ পিছত ৰূকুত যাবা আৰু তেওঁৰ পিছত ৰূকুৰ পৰা উঠিবা, যাতে ৰূকুৰ পৰিমাণ সমান হয়। এইদৰে ইমামে যেতিয়া ছামি আল্লাহু লিমান হামিদাহ ক'ব, তেতিয়া তোমালোকে ক'বাঃ আল্লাহুম্মা ৰাব্বানা লাকাল হাম্দ। মুচল্লীসকলে যেতিয়া এইটো কয় তেতিয়া আল্লাহে তেওঁলোকৰ কথা নিশ্চয় শুনে। কিয়নো মহান আল্লাহে তেওঁৰ নবীৰ মুখেৰে কোৱাইছে যে, আল্লাহে প্ৰশংসাকাৰীৰ প্ৰশংসা শুনে। ইয়াৰ পিছত ইমামে যেতিয়া তাকবীৰ কৈ ছাজদাহ কৰিব তেতিয়া তোমালোকেও তাকবীৰ পাঠ কৰি ছাজদাহ কৰিবা। লগতে শুনা, ইমামে তোমালোকৰ আগত ছাজদাত যাব আৰু তোমালোকৰ আগতে ছাজদাৰ পৰা উঠিব। কাৰণ তেওঁ আগত গৈছে সেয়ে আগতে উঠিব, যাতে ছাজদাৰ সময় একে পৰিমাণৰ হয়। এইদৰে তাশ্বাহহুদত প্ৰথমে তোমালোকে এইটো পাঠ কৰিবাঃ "আত্তাহিয়্যাতু আত-তায়্যিবাতু আচ্ছালাৱাতু লিল্লাহ" ৰাজত্ব, মহত্ব, অমৰত্ব একমাত্ৰ আল্লাহৰেই অধিকাৰ। এইদৰে পাঁচ ওৱাক্ত নামাজ একমাত্ৰ আল্লাহৰেই প্ৰাপ্য। "আচ্ছালামু আলাইকা আয়্যুহান্নাবীয়্যু অৰাহমাতুল্লাহি অবাৰাকাতুহ। আচ্ছালামু আলাইনা ওৱা আলা ইবাদিল্লাহিচ চলিহীন।" সকলো প্ৰকাৰ দোষ-ত্ৰুটি, বিপদ আপদ, ফিতনা ফাছাদৰ পৰা নিৰাপত্তা বিচাৰোঁ, এই শান্তি আৰু নিৰাপত্তা প্ৰথমে নবীৰ বাবে বিচৰা হৈছে, তাৰ পিছত নিজৰ বাবে আৰু তাৰ পিছত সকলো নেক বান্দাৰ বাবে, যিসকলে আল্লাহৰ হক আদায় কৰে আৰু বান্দাসকলৰ হকুকো আদায় কৰে। ইয়াৰ পিছত আমি সাক্ষ্য দিওঁ যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই আৰু মুহাম্মদ হৈছে তেওঁৰ বান্দা আৰু ৰাছুল।
03

Benefits

হাদীছটোত তাশ্বাহহুদত পঢ়িবলগীয়া দুআটো উল্লেখ হৈছে।
নামাজৰ কৰণীয় আৰু পঢ়িবলগীয়া দুআ আটাইবোৰ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা প্ৰমাণিত হোৱাটো আৱশ্যক। কথাই হওক বা কৰ্ম, যিটো হাদীছৰ দ্বাৰা প্ৰমাণিত নহয় তেনেকুৱা কিবা যুক্ত কৰাটো কাৰো বাবেই বৈধ নহয়।
ইমামৰ আগত অথবা ইমামতকৈ বেছি পলম কৰা বৈধ নহয়। বৰং ইমামে যি যি কৰে, তাক অনুসৰণ কৰাটো হৈছে চৰীয়ত অনুমোদিত।
দ্বীন প্ৰচাৰ আৰু দ্বীনৰ বিধি-বিধান শিকোৱাৰ ক্ষেত্ৰত নবী চাল্লাল্লাহু আলাইহি অছাল্লাম খুবেই আগ্ৰহী আছিল।
মুক্তাদীসকলৰ বাবে ইমাম হৈছে আদৰ্শ। গতিকে নামাজত কোনো কৰ্মই ইমামৰ আগত বা পলমকৈ নাইবা একেলগে কৰা বৈধ নহয়। বৰং ছুন্নত হৈছে ইমামক অনুসৰণ কৰা, অৰ্থাৎ ইমামে কোনো এটা কাম কৰিছে বুলি নিশ্চিত হোৱাৰ পিছত লগে লগে মুক্তাদীসকলে সেইটো কৰা।
নামাজত থিয় হোৱাৰ সময়ত শাৰীবোৰ চিধা কৰিব লাগে।

Attribution

[(মুছলিম)]

Categories

Share

Share hadeeth

Sharing options · 0 Total shares

Share

← Back to encyclopedia
Shopping Basket

Loading...