“পৱিত্রতা হৈছে ঈমানৰ অৰ্দ্ধেক। “الحمد لله” আলহাম্দুলিল্লাহে মিজানক পৰিপূৰ্ণ কৰিব আৰু “سبحان الله والحمد لله” ছুবহা-নাল্লাহ অলহাম্দুলিল্লাহ শব্দটো অথবা শব্দদ্বয়ে- আকাশ আৰু পৃথিৱীৰ মধ্যৱৰ্তী স্থানক পৰিপূৰ্ণ কৰিব
Choose an available translation of this Hadeeth
Hadeeth text
আবূ মালিক আল-আশ্ব'আৰী ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছে: ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: “পৱিত্রতা হৈছে ঈমানৰ অৰ্দ্ধেক। “الحمد لله” আলহাম্দুলিল্লাহে মিজানক পৰিপূৰ্ণ কৰিব আৰু “سبحان الله والحمد لله” ছুবহা-নাল্লাহ অলহাম্দুলিল্লাহ শব্দটো অথবা শব্দদ্বয়ে- আকাশ আৰু পৃথিৱীৰ মধ্যৱৰ্তী স্থানক পৰিপূৰ্ণ কৰিব। চালাত হৈছে নূৰ, আৰু চাদাকাহ হৈছে দলীল। ধৈৰ্য্য হৈছে জ্যোতি বা পোহৰ, আৰু "কোৰআন' তোমাৰ পক্ষে অথবা বিপক্ষে প্রমাণ হিচাপে থিয় দিব। প্ৰতিজন মানুহেই প্ৰভাত কৰে, ফলত সি হয়তো নিজকে বিক্রী কৰি (জাহান্নামৰ পৰা) মুক্তি লাভ কৰে নাইবা ধ্বংসৰ পথত খোজ দি নিজকে ধ্বংস কৰে।”
Explanation
Benefits
নিয়মিত নামাজ পঢ়াৰ গুৰুত্ব। কিয়নো নামাজ হৈছে বান্দাৰ বাবে পৃথিৱী আৰু আখিৰাতৰ জ্যোতি।
চাদাক্বা হৈছে প্ৰকৃত ঈমানৰ প্ৰমাণ।
কোৰআনৰ প্ৰতি আমল কৰা আৰু ইয়াক সত্য বুলি ঈমান পোষণ কৰাৰ গুৰুত্ব, যাতে ই তোমাৰ সপক্ষে প্ৰমাণ হয়, বিপক্ষে নহয়।
নফছক যদি তুমি নেক আমলত ব্যস্ত কৰি নৰখা তেন্তে সি তোমাক বেয়া কামত বা গুনাহৰ কামত ব্যস্ত কৰি ৰাখিব।
প্ৰতিজন মানুহেই আমল কৰে, কিছুমানে নেক আমল কৰি নিজকে মুক্ত কৰায় আৰু কিছুমানে বেয়া কামত লিপ্ত হৈ নিজকে ধ্বংস কৰে।
ধৈৰ্য্যৰ বাবে সহিষ্ণুতা আৰু আত্ম সমালোচনাৰ প্ৰয়োজন, এইটো অতি কঠিন বিষয়।
Attribution
Categories
Share hadeeth
Sharing options · 0 Total shares

