যি ইল্মৰ দ্বাৰা আল্লাহৰ সন্তুষ্টি অৰ্জন কৰিব পাৰি, তেনেকুৱা ইল্ম যিয়ে দুনিয়াৱী স্বাৰ্থ অৰ্জন কৰাৰ বাবে শিকে, সেই ব্যক্তিয়ে কিয়ামতৰ দিনা জান্নাতৰ সুগন্ধিও নাপাব।
Choose an available translation of this Hadeeth
Hadeeth text
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "যি ইল্মৰ দ্বাৰা আল্লাহৰ সন্তুষ্টি অৰ্জন কৰিব পাৰি, তেনেকুৱা ইল্ম যিয়ে দুনিয়াৱী স্বাৰ্থ অৰ্জন কৰাৰ বাবে শিকে, সেই ব্যক্তিয়ে কিয়ামতৰ দিনা জান্নাতৰ সুগন্ধিও নাপাব।"
Explanation
Benefits
মানুহক দেখুৱাবলৈ বা পাৰ্থিৱ উপাৰ্জনৰ উদ্দেশ্যে শ্বাৰয়ী ইল্ম অৰ্জন কৰিবলৈ কঠোৰভাৱে সতৰ্ক কৰা হৈছে। কাৰণ এইটো হৈছে মহাপাপ।
যিয়ে আল্লাহৰ সন্তুষ্টি অৰ্জনাৰ্থে ইল্ম অন্বেষণ কৰে, দুনিয়া তাৰ ওচৰলৈ নিজে নিজেই আহে, তেওঁৰ বাবে সেইটো গ্ৰহণ কৰা জায়েজ, ইয়াৰ ফলত তেওঁৰ কোনো ক্ষতি নহ'ব।
ছিন্ধীয়ে কৈছে: 'عَرْفَ الْجَنَّةِ' (জান্নাতৰ সুগন্ধি)—এইটো ব্যৱহাৰ কৰি জান্নাত যে তাৰ ওপৰত হাৰাম, সেই কথাৰ প্ৰতি অধিক গুৰুত্ব দিয়া হৈছে। কাৰণ যিয়ে জান্নাতৰ গোন্ধই নাপাব, সি জান্নাত পাব কেনেকৈ।
যিটো ইল্ম একমাত্ৰ আল্লাহৰ সন্তুষ্টি অৰ্জনৰ বাবে আহৰণ কৰা উচিত, তেনেকুৱা জ্ঞান যদি কোনোবাই কেৱল চাকৰি, পদমৰ্যাদা বা বেলেগ কোনো স্বাৰ্থসিদ্ধিৰ বাবে অৰ্জন কৰে, তেন্তে সেই ব্যক্তিয়ে এই ভ্ৰষ্ট নিয়তৰ বাবে আল্লাহৰ ওচৰত তাওবা কৰা উচিত, যাতে আল্লাহে তাৰ এই বেয়া নিয়তৰ ফলত হোৱা গুনাহ ক্ষমা কৰি দিয়ে। কিয়নো তেওঁ মহা অনুগ্ৰহশীল।
এই সতৰ্কবাণী বিশেষকৈ দ্বীনি জ্ঞান অৰ্জনকাৰীসকলৰ বাবে। আনহাতে যিয়ে দুনিয়াবী জ্ঞান কেৱল পাৰ্থিৱ লাভৰ বাবে শিকে, যেনে: অভিযান্ত্ৰিক (ইঞ্জিনিয়াৰিং), ৰসায়ন বিদ্যা আদি, সেই ব্য়ক্তি নিয়ত অনুসাৰেই প্ৰতিদান পাব।
Attribution
Categories
Share hadeeth
Sharing options · 0 Total shares

