ঈমান্দাৰ কোৰআন তিলাৱতকাৰীৰ উদাহৰণ হৈছে বিৰা-জৰা (Citron)ৰ দৰে, যাৰ সোৱাদো উৎকৃষ্ট আৰু সগন্ধিও উৎকৃষ্ট। আনহাতে যিজন মুমিনে কোৰআন তিলাৱত নকৰে, তাৰ উদাহৰণ হৈছে খেজুৰৰ দৰে, যাৰ সোৱাদ মিঠা কিন্তু কোনো সুগন্ধি নাই।
Choose an available translation of this Hadeeth
Hadeeth text
আবূ মুছা আল-আশ্ব'আৰী ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছে: ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: "ঈমান্দাৰ কোৰআন তিলাৱতকাৰীৰ উদাহৰণ হৈছে বিৰা-জৰা (Citron)ৰ দৰে, যাৰ সোৱাদো উৎকৃষ্ট আৰু সগন্ধিও উৎকৃষ্ট। আনহাতে যিজন মুমিনে কোৰআন তিলাৱত নকৰে, তাৰ উদাহৰণ হৈছে খেজুৰৰ দৰে, যাৰ সোৱাদ মিঠা কিন্তু কোনো সুগন্ধি নাই। পক্ষান্তৰে মুনাফিক কোৰআন তিলাৱতকাৰীৰ উদাহৰণ হৈছে সুগন্ধি যুক্ত ফুলৰ দৰে, যাৰ সুগন্ধি ধুনীয়া কিন্তু সোৱাদ তিতা। আনহাতে কোৰআন তিলাৱত নকৰা মুনাফিকৰ উদাহৰণ হৈছে কোৱাভাতুৰী ফলৰ দৰে, যাৰ কোনো সুগন্ধিও নাই আৰু সোৱাদো তিক্ত।"
Explanation
প্ৰথম প্ৰকাৰ হৈছে সেইজন মুমিন যিয়ে কোৰআন তিলাৱত কৰে আৰু তাৰ দ্বাৰা উপকৃত হয়। তেওঁ হৈছে বিৰা-জৰা ফলৰ দৰে, যিটো দেখাতো সুন্দৰ, সুগন্ধিও উত্তম আৰু সোৱাদো উৎকৃষ্ট, যাৰ উপকাৰো বহুত। কাৰণ তেওঁ যি পঢ়ে সেই মুতাবিক আমল কৰে আৰু আল্লাহৰ অন্যান্য বান্দাকো উপকৃত কৰে।
দ্বিতীয় প্ৰকাৰ হৈছে সেইজন মুমিন, যিয়ে কোৰআন তিলাৱত নকৰে, তেওঁ হৈছে খেজুৰৰ দৰে। যাৰ সোৱাদ মিঠা, কিন্তু কোনো সুগন্ধি নাই। যিদৰে খেজুৰ মিঠা, সেইদৰে এনেকুৱা মুমিনৰ অন্তৰো ঈমানৰ দ্বাৰা পৰিপূৰ্ণ। কিন্তু মানুহে শুঙিব পৰা কোনো সগন্ধি নাই, অৰ্থাৎ তেওঁ তিলাৱত নকৰাৰ কাৰণে মানুহে তাৰ কিৰাআতৰ পৰা শান্তি লাভ কৰিব নোৱাৰে।
তৃতীয় প্ৰকাৰ হৈছে এনেকুৱা মুনাফিক যিয়ে কোৰআন তিলাৱত কৰে। সি হৈছে সুগন্ধিযুক্ত ফুলৰ দৰে। যাৰ সুগন্ধি ভাল কিন্তু সোৱাদ তিতা। কাৰণ তাৰ অন্তৰ ঈমানৰ দ্বাৰা সংশোধিত নহয়, আৰু সি কোৰআন মতে আমলো নকৰে। মানুহক দেখুৱাই ফুৰে যে সিও এজন মুমিন। গতিকে তাৰ সুগন্ধি ভাল, যিহেতু সি কোৰআন তিলাৱত কৰে, কিন্তু তাৰ সোৱাদ তিতা, কাৰণ অন্তৰত কুফৰ আছে।
চতুৰ্থ প্ৰকাৰ হৈছে সেইজন মুনাফিক যিয়ে কোৰআন তিলাৱত নকৰে। সি হৈছে কোৱাভাতুৰী ফলৰ দৰে, যাৰ কোনো সুগন্ধি নাই আৰু সোৱাদো তিতা। যিহেতু সি তিলাৱত নকৰে, সেয়ে তাৰ কোনো সুগন্ধি নাই, সেইকাৰণে তাৰ উদাহৰণ ইয়াৰ দ্বাৰা দিয়া হৈছে। এইদৰে এই ফলৰ সোৱাদ যেনেকুৱা তিতা, ঠিক সেইদৰে সেই ব্যক্তিয়ে অন্তৰত গোপন ৰখা কুফৰৰ সোৱাদো তিতা। কাৰণ তাৰ অন্তৰ হৈছে ঈমান শূন্য আৰু বাহ্যিক দিশতো কোনো উপকাৰ নাই। সেয়ে সি সমাজৰ বাবে ক্ষতিকাৰক।
Benefits
প্ৰশিক্ষণৰ অন্যতম উপায় হৈছে উদাহৰণৰ জৰিয়তে বুজাই দিয়া, যাতে সহজে বুজি পায়।
প্ৰতিজন মুছলিমে নিয়মিতভাৱে আল্লাহৰ কিতাব কোৰআন তিলাৱত কৰা উচিত।
Attribution
Categories
Share hadeeth
Sharing options · 0 Total shares

