HadeethEnc · 1.16.0
মই সুধিলোঁ, হে আল্লাহৰ ৰাছুল! (সবাতোকৈ বেছি) সদ্ব্যৱহাৰ কাৰ সৈতে কৰিম? তেখেতে ক'লেঃ "তোমাৰ মাকৰ সৈতে। তাৰ পিছত, তোমাৰ মাকৰ সৈতে। তাৰ পিছত, তোমাৰ মাকৰ সৈতে। তাৰ পিছত, তোমাৰ পিতৃৰ সৈতে। ইয়াৰ পিছত শ্ৰেণীবদ্ধভাৱে যিজন তোমাৰ বেছি নিকটাত্মীয়।
Available translations
Choose an available translation of this Hadeeth
01
Hadeeth text
বাহঝ ইবনে হাকীমে নিজৰ পিতৃৰ পৰা আৰু তেওঁ তেওঁৰ পিতামহৰ পৰা বৰ্ণনা কৰিছে, তেওঁ কৈছেঃ মই সুধিলোঁ, হে আল্লাহৰ ৰাছুল! (সবাতোকৈ বেছি) সদ্ব্যৱহাৰ কাৰ সৈতে কৰিম? তেখেতে ক'লেঃ "তোমাৰ মাকৰ সৈতে। তাৰ পিছত, তোমাৰ মাকৰ সৈতে। তাৰ পিছত, তোমাৰ মাকৰ সৈতে। তাৰ পিছত, তোমাৰ পিতৃৰ সৈতে। ইয়াৰ পিছত শ্ৰেণীবদ্ধভাৱে যিজন তোমাৰ বেছি নিকটাত্মীয়।"
02
Explanation
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত স্পষ্ট কৰিছে যে, মানুহৰ মাজত সবাতোকৈ অধিক যাৰ সৈতে সদাচৰণ কৰিব লাগে, সদ্ব্যৱহাৰ কৰিব লাগে, উত্তম সংগ দিব লাগে তথা যাৰ প্ৰতি অধিক সহানুভূতি থাকিব লাগে আৰু সুসম্পৰ্ক বজাই ৰাখিব লাগে, তেওঁ হৈছে মাক। তেখেতে মাকৰ অধিকাৰৰ গুৰুত্ব বুজাবলৈ তিনিবাৰকৈ উল্লেখ কৰি গুৰুত্বাৰোপ কৰিছে। যাতে অন্যান্য লোকৰ তুলনাত মাকৰ গুৰুত্ব স্পষ্ট হয়। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে সেই ব্যক্তিৰ কথা উল্লেখ কৰিছে, যিজন পৰৱৰ্তী পৰ্যায়ত সদ্ব্যৱহাৰ পোৱাৰ উপযুক্ত। তেওঁ হৈছে পিতা। ইয়াৰ পিছত পৰ্যায়ক্ৰমে নিজৰ বংশৰ মাজত যিজন বেছি নিকটৱৰ্তী আত্মীয়। আত্মীয়তাৰ ক্ষেত্ৰত যিয়ে যিমান নিকটৱৰ্তী হ'ব, তেওঁ সিমানেই অগ্ৰাধিকাৰ লাভ কৰিব।
03
Benefits
হাদীছটোত সৰ্বপ্ৰথম মাকৰ কথা উল্লেখ কৰা হৈছে। তাৰ পিছত পিতা। ইয়াৰ পিছত পৰ্যায়ক্ৰমে নিকটাত্মীয়ক স্থান দিয়া হৈছে।
হাদীছটোত পিতৃ-মাতৃৰ মৰ্যাদা বৰ্ণিত হৈছে, বিশেষকৈ মাকৰ।
হাদীছটোত মাকৰ কথা তিনিবাৰকৈ কোৱা হৈছে। সন্তান-সন্ততিৰ ওপৰত মাকৰ মহা অধিকাৰ আছে। কাৰণ মাকে বহু কষ্ট সহ্য কৰে, গৰ্ভত ধাৰণ কৰে, প্ৰসৱ কৰে, আকৌ পিয়াহ খুউৱায়, চোৱাচিতাকে আদি কৰি মাকে বহুতো কাম অকলশৰীয়াকৈ কৰিব লাগে। ইয়াৰ পিছতহে লালন পালনত পিতাই অংশ লয়।
হাদীছটোত পিতৃ-মাতৃৰ মৰ্যাদা বৰ্ণিত হৈছে, বিশেষকৈ মাকৰ।
হাদীছটোত মাকৰ কথা তিনিবাৰকৈ কোৱা হৈছে। সন্তান-সন্ততিৰ ওপৰত মাকৰ মহা অধিকাৰ আছে। কাৰণ মাকে বহু কষ্ট সহ্য কৰে, গৰ্ভত ধাৰণ কৰে, প্ৰসৱ কৰে, আকৌ পিয়াহ খুউৱায়, চোৱাচিতাকে আদি কৰি মাকে বহুতো কাম অকলশৰীয়াকৈ কৰিব লাগে। ইয়াৰ পিছতহে লালন পালনত পিতাই অংশ লয়।
Attribution
[(আবু দাঊদ, তিৰমিজী, আৰু আহমদ)]
Categories
Share
Share hadeeth
Sharing options · 0 Total shares

