HadeethEnc · 1.16.0
সেই ব্যক্তিৰ নাক ধূলিৰে মলিন হওক, সেই ব্যক্তিৰ নাক ধূলিৰে মলিন হওক, সেই ব্যক্তিৰ নাক ধূলিৰে মলিন হওক।" প্ৰশ্ন কৰা হ'লঃ হে আল্লাহৰ ৰাছুল! কাৰ নাক? তেখেতে ক'লেঃ "যিয়ে নিজৰ পিতৃ-মাতৃক বৃদ্ধাৱস্থাত পালে, উভয়ৰ মাজৰ যিকোনো এজনক অথবা উভয়কে, তথাপিও (তেওঁলোকৰ সেৱা যত্ন কৰি) জান্নাত অৰ্জন কৰিব নোৱাৰিলে।
Available translations
Choose an available translation of this Hadeeth
01
Hadeeth text
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "সেই ব্যক্তিৰ নাক ধূলিৰে মলিন হওক, সেই ব্যক্তিৰ নাক ধূলিৰে মলিন হওক, সেই ব্যক্তিৰ নাক ধূলিৰে মলিন হওক।" প্ৰশ্ন কৰা হ'লঃ হে আল্লাহৰ ৰাছুল! কাৰ নাক? তেখেতে ক'লেঃ "যিয়ে নিজৰ পিতৃ-মাতৃক বৃদ্ধাৱস্থাত পালে, উভয়ৰ মাজৰ যিকোনো এজনক অথবা উভয়কে, তথাপিও (তেওঁলোকৰ সেৱা যত্ন কৰি) জান্নাত অৰ্জন কৰিব নোৱাৰিলে।"
02
Explanation
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে অপমান অপদস্থ কৰাৰ বদ্দুআ কৰিছে, যেনিবা তেখেতে তাৰ নাক মাটিত চোঁচৰাই নিবলৈ বদ্দুআ কৰিছে, তেখেতে তিনিবাৰকৈ বদ্দুআ কৰিছে। তেখেতক প্ৰশ্ন কৰা হ'লঃ হে আল্লাহৰ ৰাছুল! আপুনি কাৰ প্ৰতি এনেকৈ বদ্দুআ কৰি আছে?
তেতিয়া তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ সেই ব্যক্তিৰ প্ৰতি যিয়ে নিজৰ পিতৃ-মাতৃ উভয়কে বা তেওঁলোকৰ কোনোবা এজনক বৃদ্ধাৱস্থাত পায়, তথাপিও সি তেওঁৰ সেৱাযত্ন কৰি জান্নাত অৰ্জন কৰিব নোৱাৰে। কাৰণ সি পিতৃ-মাতৃৰ সৈতে সদ্ব্যৱহাৰ নকৰে, বৰং তেওঁলোকৰ অবাধ্যতা কৰে।
তেতিয়া তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ সেই ব্যক্তিৰ প্ৰতি যিয়ে নিজৰ পিতৃ-মাতৃ উভয়কে বা তেওঁলোকৰ কোনোবা এজনক বৃদ্ধাৱস্থাত পায়, তথাপিও সি তেওঁৰ সেৱাযত্ন কৰি জান্নাত অৰ্জন কৰিব নোৱাৰে। কাৰণ সি পিতৃ-মাতৃৰ সৈতে সদ্ব্যৱহাৰ নকৰে, বৰং তেওঁলোকৰ অবাধ্যতা কৰে।
03
Benefits
পিতৃ-মাতৃৰ সৈতে সদ্ব্যৱহাৰ কৰাটো বাধ্যতামূলক, আৰু এইটো হৈছে জান্নাতত প্ৰৱেশ কৰাৰ অন্যতম উপায়। বিশেষকৈ বৃদ্ধাৱস্থাত, যেতিয়া তেওঁলোক দুৰ্বল হৈ পৰে।
পিতৃ-মাতৃৰ অবাধ্যতা কৰাটো হৈছে মহাপাপ।
পিতৃ-মাতৃৰ অবাধ্যতা কৰাটো হৈছে মহাপাপ।
Attribution
[(মুছলিম)]
Categories
Share
Share hadeeth
Sharing options · 0 Total shares

