افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم.
#58099[ছহীহ]
HadeethEnc · 1.16.0

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে সেইসকল নাৰীক অভিসম্পাত কৰিছে, যিসকলে কৃত্ৰিম চুলি ব্যৱহাৰ কৰে, আৰু যিসকলে কৃত্ৰিম চুলি সংস্থাপন কৰি দিয়ে, এইদৰে যিয়ে নিজৰ শৰীৰত উল্কি (টেটু) বনায় লয়, আৰু যিয়ে উল্কি (টেটু) আঁকে।

Available translations

Choose an available translation of this Hadeeth

01

Hadeeth text

আব্দুল্লাহ ইবনে ওমৰ -ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে সেইসকল নাৰীক অভিসম্পাত কৰিছে, যিসকলে কৃত্ৰিম চুলি ব্যৱহাৰ কৰে, আৰু যিসকলে কৃত্ৰিম চুলি সংস্থাপন কৰি দিয়ে, এইদৰে যিয়ে নিজৰ শৰীৰত উল্কি (টেটু) বনায় লয়, আৰু যিয়ে উল্কি (টেটু) আঁকে।
02

Explanation

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত চাৰি প্ৰকাৰ লোকৰ ওপৰত বদ্দুআ কৰিছে, আৰু আল্লাহৰ ৰহমতৰ পৰা দূৰ হোৱাৰ অভিশাপ কৰিছে। প্ৰথমঃ এনেকুৱা নাৰী যিয়ে নিজৰ অথবা আনৰ মূৰত কৃত্ৰিম চুলি লগাই দিয়ে। দ্বিতীয়ঃ এনেকুৱা নাৰী যিয়ে আনৰ ওচৰত নিজৰ মূৰত কৃত্ৰিম চুলি লগাই দিবলৈ আবেদন কৰে। তৃতীয়ঃ এনেকুৱা নাৰী যিয়ে শৰীৰৰ কোনো অংগত, যেনে- মুখমণ্ডল, হাত অথবা বুকুত বেজীৰ সহায়ত আনৰ শৰীৰত কিবা অংকন কৰি দিয়ে আৰু তাত ছুৰমা আদি লগাই দিয়ে, যাতে নীলা ৰং অথবা সেউজীয়া ৰং ধাৰণ কৰে। এইটো কৰা হয় সৌন্দৰ্য্য বৃদ্ধি কৰাৰ উদ্দেশ্যত। চতুৰ্থঃ এনেকুৱা নাৰী যিয়ে নিজৰ শৰীৰত টেটু অংকন কৰোৱাই লয়। এই সকলোবোৰ কাম হৈছে কবীৰাহ গুনাহ বা মহাপাপ।
03

Benefits

ইবনু হাজাৰ ৰাহিমাহুল্লাহে কৈছেঃ চুলিৰ মাজত চুলি সংস্থাপন কৰা তথা সংযোগ কৰাকহে নিষেধ কৰা হৈছে। আনহাতে চুলিৰ বাহিৰে বেলেগ কোনো বস্তু যেনে কাপোৰ বা ফিতা আদি লগোৱাত কোনো অসুবিধা নাই।
গুনাহ তথা পাপকৰ্মত ইজনে সিজনক সহায় কৰা হাৰাম।
আল্লাহৰ সৃষ্টিক বিকৃত কৰিবলৈ নিষেধ কৰা হৈছে। কিয়নো এইটো হৈছে ঠগবাজি আৰু প্ৰতাৰণা।
আল্লাহ আৰু তেওঁৰ ৰাছুলে যাৰ ওপৰত অভিসম্পাত কৰিছে, তেনেকুৱা লোকৰ প্ৰতি কোনো ব্যক্তি বিশেষক নিৰ্দিষ্ট নকৰাকৈ ব্যাপকভাৱে অভিসম্পাত কৰা বৈধ।
সাম্প্ৰতিক সময়ত ৱিগ (চেং-চুলি, পৰচুলা) পিন্ধাটোও হাৰাম, কাৰণ এইটো আল-অচালৰ অন্তৰ্ভুক্ত। কিয়নো ইয়াৰ দ্বাৰা প্ৰতাৰণা, প্ৰৱঞ্চনা আৰু কাফিৰসকলৰ সাদৃশ্য অৱলম্বন কৰা হয়। সেয়ে এইটো হাৰাম।
খাত্তাবী ৰাহিমাহুল্লাহে কৈছেঃ এইবোৰ ক্ষেত্ৰত কঠোৰ সতৰ্কবাণী অহাৰ কাৰণ হৈছে, এইবোৰৰ মাজত আছে, ঠগবাজি আৰু প্ৰতাৰণা। যদি এইবোৰৰ অনুমতি প্ৰদান কৰা হ'লহেঁতেন তেন্তে এইটো অন্যান্য ক্ষেত্ৰতো ঠগবাজিৰ বৈধতাৰ মাধ্যম হ'লহেঁতেন। লগতে ইয়াৰ দ্বাৰা আল্লাহৰ সৃষ্টিক বিকৃতিও কৰা হয়। ইবনে মাছঊদ ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বৰ্ণিত হাদীছত "আল্লাহৰ সৃষ্টিক বিকৃতকাৰীণী" বুলি উল্লেখ আছে। আল্লাহেই সৰ্বজ্ঞ।
ইমাম নাৱাৱীয়ে কৈছেঃ এইবোৰ কৰ্ম যিয়ে কৰে আৰু যিয়ে কৰায় উভয়ৰ বাবে হাৰাম। যিটো ঠাইত টেটু অংকন কৰা হয়, সেইটো ঠাই নাপাক হৈ পৰে। যদি চিকিৎসা পদ্ধতিৰে সেইটো আঁতৰাই দিবলৈ সক্ষম হয় তেন্তে আঁতৰোৱাটো হৈছে অনিবাৰ্য্য। যদি এইটো আঁতৰোৱা সম্ভৱ নহয়, অথবা আঁতৰালে বেছি আঘাত পোৱাৰ সম্ভাৱনা থাকে বা কোনো অংগৰ ক্ষতি হোৱাৰ আশংকা থাকে, নাইবা প্ৰাণ হানি হোৱাৰ সম্ভাৱনা থাকে, তেনে ক্ষেত্ৰত আঁতৰোৱাটো আৱশ্যক নহয়। ব্যক্তিজনে তাওবা কৰিলে, তেন্তে তাৰ কোনো গুনাহ নাথাকিব। কিন্তু যদি কোনো আশংকা নাথাকে তেন্তে আঁতৰাই পেলোৱাটো জৰুৰী। এনে ক্ষেত্ৰত পলম কৰিলেও গুনাহ হ'ব।

Attribution

[(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})]

Categories

Share

Share hadeeth

Sharing options · 0 Total shares

Share

← Back to encyclopedia
Shopping Basket

Loading...