মই ক'লোঁ, হে আল্লাহৰ ৰাছুল! আমাৰ ওপৰত আমাৰ স্ত্ৰীসকলৰ প্ৰাপ্য (অধিকাৰ) কি? তেখেতে ক'লেঃ "যেতিয়া তুমি আহাৰ কৰিবা, তেতিয়া তাইকো আহাৰ কৰাবা। এইদৰে যেতিয়া তুমি পৰিধান কৰিবা অথবা উপাৰ্জন কৰিবা তেতিয়া তাইকো পৰিধান কৰাবা। মুখমণ্ডলত নামাৰিবা, বেয়া ভাষাৰে গালি নাপাৰিবা, পৃথক ৰাখিবলগীয়া হ'লে ঘৰতে পৃথক ৰাখিবা।
Choose an available translation of this Hadeeth
Hadeeth text
মুআৱিয়া আল-কুশ্বাইৰী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ মই ক'লোঁ, হে আল্লাহৰ ৰাছুল! আমাৰ ওপৰত আমাৰ স্ত্ৰীসকলৰ প্ৰাপ্য (অধিকাৰ) কি? তেখেতে ক'লেঃ "যেতিয়া তুমি আহাৰ কৰিবা, তেতিয়া তাইকো আহাৰ কৰাবা। এইদৰে যেতিয়া তুমি পৰিধান কৰিবা অথবা উপাৰ্জন কৰিবা তেতিয়া তাইকো পৰিধান কৰাবা। মুখমণ্ডলত নামাৰিবা, বেয়া ভাষাৰে গালি নাপাৰিবা, পৃথক ৰাখিবলগীয়া হ'লে ঘৰতে পৃথক ৰাখিবা।"
Explanation
প্ৰথমঃ তাইক এৰি কেৱল নিজে ভাল ভাল খাদ্য খাব নালাগে, বৰং তাইকো খোৱাব লাগে।
দ্বিতীয়ঃ ভাল কাপোৰ কানি কেৱল নিজে পিন্ধিলেই নহ'ব, বৰং তাইকো ভাল কাপোৰ পিন্ধাব লাগিব, যদি উপাৰ্জন থাকে তথা সক্ষম হয়।
তৃতীয়ঃ অপ্ৰয়োজনীয় মাৰধৰ কৰিব নালাগে। যদি শাসনমূলক মাৰিবলগীয়া হয় অথবা কোনো ফৰজ ত্যাগ কৰাৰ কাৰণে শাস্তি বিহিব লগা হয় তেন্তে লঘু শাস্তি বিহিব লাগে, যাতে গুৰুতৰ আঘাতপ্ৰাপ্ত নহয়। এইদৰে মুখমণ্ডলত মাৰিব নালাগে। কাৰণ মুখমণ্ডল হৈছে উৎকৃষ্ট তথা প্ৰকাশ্য অংগ। লগতে ইয়াত আছে কিছুমান গুৰুত্বপূৰ্ণ আৰু কোমল অংগ।
চতুৰ্থঃ বেয়া ভাষাৰে গালি শপনি পাৰিব নালাগে। অথবা বদ্দুআ দিব নালাগে। এইদৰে শৰীৰৰ কোনো অংগকলৈ ভেঙুচালি কৰিব নালাগে। কাৰণ আল্লাহেই মানুহৰ মুখমণ্ডল আৰু শৰীৰৰ আকৃতি প্ৰদান কৰিছে। তেওঁৰ প্ৰতিটো সৃষ্টিয়েই সৰ্বোত্তম। এতেকে তেওঁৰ সৃষ্টিক ভেঙুচালি কৰা মানে আল্লাহক ভেঙুচালি কৰা বুজায়। (এনেকুৱা আচৰণৰ পৰা আমি আল্লাহৰ আশ্ৰয় প্ৰাৰ্থনা কৰোঁ।)
পঞ্চমঃ পৃথক কৰিবলগীয়া হ'লে কেৱল বিছনা পৃথক কৰি দিবা। বেলেগ ঘৰলৈ স্থানান্তৰ নকৰিবা। এইটো সাধাৰণতে তেতিয়া হয় যেতিয়া স্বামী স্ত্ৰীৰ মাজত সৰু সুৰা বিবাদ হয়।
Benefits
স্ত্ৰীৰ ভৰণ-পোষণ, বাসস্থান, থকা-খোৱা আদি স্বামীৰ ওপৰত অনিবাৰ্য্য।
শাৰীৰিক মানসিক সকলো প্ৰকাৰ বেয়া আচৰণৰ পৰা নিষেধ কৰা হৈছে।
মানসিক নিৰ্যাতনৰ অন্যতম এটা প্ৰকাৰ হৈছে এইদৰে কোৱা যে, তুমি হৈছা নিকৃষ্ট গোত্ৰৰ মানুহ, অথবা তোমাৰ বংশ হৈছে বেয়া বংশ ইত্যাদি ধৰণৰ কথা।
Attribution
Categories
Share hadeeth
Sharing options · 0 Total shares

