HadeethEnc · 1.16.0
যি নাৰীয়ে অলীৰ অনুমতি নোহোৱাকৈ বিবাহ পাশত আৱদ্ধ হয়, তাইৰ নিকাহ বাতিল। -এই কথা তেখেতে তিনিবাৰ কৈছে- যদি এই অৱস্থাত পুৰুষজনে সহবাস কৰে তেন্তে ইয়াৰ ফলত তাইক মোহৰ অৰ্পণ কৰিব লাগিব। কিন্তু যদি অলীসকলৰ মাজত পৰস্পৰ বিবাদ হয় তেন্তে এই ক্ষেত্ৰত যাৰ কোনো অলী নাই, তাৰ অলী হ'ব প্ৰশাসন।
Available translations
Choose an available translation of this Hadeeth
01
Hadeeth text
উম্মুল মু'মিনীন আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত তেওঁ কৈছে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "যি নাৰীয়ে অলীৰ অনুমতি নোহোৱাকৈ বিবাহ পাশত আৱদ্ধ হয়, তাইৰ নিকাহ বাতিল। -এই কথা তেখেতে তিনিবাৰ কৈছে- যদি এই অৱস্থাত পুৰুষজনে সহবাস কৰে তেন্তে ইয়াৰ ফলত তাইক মোহৰ অৰ্পণ কৰিব লাগিব। কিন্তু যদি অলীসকলৰ মাজত পৰস্পৰ বিবাদ হয় তেন্তে এই ক্ষেত্ৰত যাৰ কোনো অলী নাই, তাৰ অলী হ'ব প্ৰশাসন।"
02
Explanation
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত কঠোৰভাৱে নিষেধ কৰিছে যে, অলীৰ অনুমতি নোহোৱাকৈ কোনো নাৰীয়েই যেন বিবাহ নকৰে। এনে কৰিলে সেই নিকাহ বাতিল বুলি গণ্য হ'ব। তেখেতে এই কথা তিনিবাৰ কৈছিল, যাতে এইটো নহয়।
এতেকে অলীৰ অনুমতি নোহোৱাকৈ যাৰ সৈতে বিবাহ কৰিছে, সেই পুৰুষজনে যদি তাইৰ সৈতে সহবাস কৰে তেন্তে ইয়াৰ ফলত তাইক সম্পূৰ্ণ মোহৰ আদায় দিব লাগিব।
যদি নিকাহৰ ক্ষেত্ৰত অভিভাৱকৰ মাজত অলী সম্পৰ্কীয় বিষয়ত বিবাদ হয় আৰু তেওঁলোকৰ পৰ্যায় যদি একেই হয়, তেন্তে সেই ক্ষেত্ৰত অভিভাৱকৰ অধিকাৰ পাব সেই ব্যক্তি, যিয়ে সৰ্বপ্ৰথম এই দায়িত্ব গ্ৰহণ কৰিছিল, কিন্তু তেওঁ নাৰীৰ মংগল কামনা কৰা হ'ব লাগিব আৰু তেওঁৰ উদ্দেশ্যে ভাল হ'ব লাগিব। আনহাতে যদি অভিভাৱকে বিবাহত অমান্তি হয়, তেন্তে এই ক্ষেত্ৰত তাইৰ কোনো অলী নাই বুলি গণ্য কৰা হ'ব। তেনে ক্ষেত্ৰত প্ৰশাসন বা তেওঁৰ প্ৰতিনিধি, যেনে- কাজী আদিয়ে হ'ব তাইৰ অলী। পক্ষান্তৰে যদি অলী বা অভিভাৱক উপস্থিত থাকে, তেনে ক্ষেত্ৰত প্ৰশাসনৰ হস্তক্ষেপ কৰাৰ কোনো অধিকাৰ নাথাকে।

03
Benefits
নিকাহ সঠিক হ'বলৈ অলীৰ অনুমোদন চৰ্ত। ইবনুল মুনজিৰে উল্লেখ কৰিছে যে, এই ক্ষেত্ৰত কোনো চাহাবাৰে দ্বিমত নাছিল।
বাতিল নিকাহৰ ক্ষেত্ৰতো নাৰীয়ে মোহৰ লাভ কৰিব। যদি সহবাস হয়।
যি নাৰীৰ কোনো অলী নাই, তাইৰ অলী হ'ব প্ৰশাসন। সেয়া সঁচাকৈয়ে অলী নাথাকক অথবা বিবাহত অমান্তি হোৱাৰ কাৰণে নাথাকক।
প্ৰশাসন তেতিয়াহে অলীৰ অধিকাৰ লাভ কৰিব যেতিয়া অলী নাথাকিব। অলী নাথাকিলে অথবা কাৰণবশতঃ উপস্থিত নাথাকিলে কাজীয়ে প্ৰতিনিধিত্ব কৰিব। কিয়নো এইবোৰ ক্ষেত্ৰত তেৱেঁই প্ৰতিনিধিত্ব কৰে।
নাৰীৰ নিকাহত অভিভাৱকৰ ভূমিকাৰ অৰ্থ এইটো নহয় যে, মহিলাৰ কোনো অধিকাৰ নাই। প্ৰকৃততে তাইৰো অধিকাৰ আছে। কিয়নো নাৰীৰ সন্মতি অবিহনে অভিভাৱকে তাইক বিবাহ দিব নোৱাৰে।
সঠিক নিকাহৰ চৰ্তসমূহ হৈছেঃ ১- দৰা কইনাৰ নিৰ্বাচন, ইংগিততে হওক বা নাম কাঢ়ি হওক অথবা গুণাৱলী বৰ্ণনা কৰি হওক। ২- ইজনে সিজনক পছন্দ কৰা। ৩- অলীয়ে নাৰীৰ হৈ বিবাহ বৈঠকত বচন দিয়া। ৪- নিকাহৰ বৈঠকত সাক্ষী উপস্থিত থকা।
বিবাহ দিবলৈ অলী হোৱাৰ যোগ্যতা লাভ কৰাৰ চৰ্ত হৈছেঃ ১- বিবেক সম্পন্ন হ'ব লাগিব। ২- পুৰুষ হ'ব লাগিব। ৩- প্ৰাপ্তবয়স্ক হ'ব লাগিব, অৰ্থাৎ নূন্যতম পোন্ধৰ বছৰ হ'ব লাগিব নাইবা স্বপ্নদোষৰ মাধ্যমত প্ৰাপ্তবয়স্ক প্ৰমাণিত হ'ব লাগিব। ৪- একেই দ্বীনৰ অধিকাৰী হ'ব লাগিব। কিয়নো কোনো কাফিৰ অলীয়ে মুছলিম নাৰীক বিবাহ দিব নোৱাৰে। এইদৰে কোনো মুছলিম অলীয়েও কোনো কাফিৰ অথবা কাফিৰাক বিয়া দিব নোৱাৰে। ৫- এনেকুৱা ব্যক্তি হ'ব লাগিব যিয়ে প্ৰকাশ্য পাপকৰ্মৰ পৰা বিৰত থাকে, এইটো এইকাৰণে আৱশ্যক যে, যাতে সি নাৰীৰ কল্যাণ আৰু বিবাহৰ ক্ষেত্ৰত উচিত নিৰ্ণয় ল'ব পাৰে। ৬- অলী জ্ঞানবোধ সম্পন্ন আৰু দায়িত্বশীল হ'ব লাগিব। যাতে সম মৰ্যাদা নিৰ্বাচন কৰাৰ দক্ষতা থাকে, লগতে নিকাহৰ উপকাৰিতা আৰু ইয়াৰ পৰিস্থিতি সম্পৰ্কে সম্যক জ্ঞান থাকে।
ফুকাহাসকলৰ মতে, নাৰীৰ বিবাহৰ ক্ষেত্ৰত অলীসকলৰ এটা শৃংখলা থাকে, যিটোক আওকাণ কৰিব নালাগে। যদি কোনো নিকটৱর্তী অলী অনুপস্থিত থাকে অথবা আৱশ্যকীয় কোনো চৰ্ত পূৰণ নহয় তেনে ক্ষেত্ৰৰ বিষয়টো সুকীয়া। নাৰীৰ প্ৰথম অলী হৈছে তাইৰ পিতা, ইয়াৰ পিছত হৈছে তাইৰ পিতৃয়ে নিযুক্ত কৰা অভিভাৱক, তাৰ পাছত হৈছে পিতামহ (পিতৃৰ দিশৰ পৰা, যিমান ওপৰলৈ হওক), তাৰ পাছত হৈছে তাইৰ পুত্ৰ, তাৰ পাছত পুত্ৰৰ পুত্ৰ (যিমান তলৰ দিশত যায়), তাৰ পাছত তাইৰ ভাতৃসকল, পিতৃ-মাতৃ উভয়ৰ দিশৰ পৰা, তাৰ পাছত হৈছে পিতৃৰ দিশৰ পৰা সহোদৰ ভাই, তাৰ পাছত হৈছে ভতিজাসকল, তাৰ পাছত হৈছে খুৰা আৰু মামাসকল, ইয়াৰ পিছত হৈছে পিতৃৰ ফালৰ পৰা খুৰাসকল, তাৰ পাছত তেওঁলোকৰ পুত্ৰসকল, ইয়াৰ পিছত হৈছে আত্মীয়তাৰ ক্ষেত্ৰত যিজন বেছি নিকটৱৰ্তী, যিদৰে উত্তৰাধিকাৰী হোৱাৰ ক্ষেত্ৰত নিকটতম সম্পৰ্ক পৰীক্ষা কৰা হয়। ইয়াৰ পিছতো যদি কাৰো অলী নাথাকে, তেনে ক্ষেত্ৰত মুছলিম শাসক বা তেওঁৰ প্ৰতিনিধি, যেনে- কাজী (বিচাৰপতি) হ’ব সেই নাৰীৰ অলী।

Attribution
[(আবু দাঊদ, তিৰমিজী, ইবনে মাজাহ, আহমদ)]
Categories
Share
Share hadeeth
Sharing options · 0 Total shares