افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم.
#5791[ছহীহ]
HadeethEnc · 1.16.0

আল্লাহৰ শপত! তোমালোকৰ কোনোবাই যদি অন্যায়ভাৱে কোনো বস্তু গ্ৰহণ কৰে, তেন্তে কিয়ামতৰ দিনা সি সেইবোৰ বহন কৰি আল্লাহক সাক্ষাৎ কৰিব।

Available translations

Choose an available translation of this Hadeeth

01

Hadeeth text

আবু হুমাইদ আচ-ছায়িদী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুলুল্লাহ্ চাল্লাল্লাহু আলাইহি অছাল্লামে বনু ছুলাইম গোত্ৰৰ যাকাত সংগ্ৰহ কৰিবলৈ এজন লোকক দায়িত্ব অৰ্পন কৰিছিল, যাৰ নাম আছিল ইবনুল লুতবিয়্যা। যেতিয়া সি উভতি আহিল, তেতিয়া তেখেতে তাৰ পৰা হিচাপ বিচাৰিলে। হিচাপ দিয়াৰ সময়ত সি ক'লে: "এইবোৰ হৈছে আপোনালোকৰ সম্পদ, আৰু এইবোৰ হৈছে মোক দিয়া উপহাৰ।" তেতিয়া ৰাছুলুল্লাহ্ চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ "যদি তুমি সত্যবাদী তেন্তে কোৱাচোন, তুমি যদি তোমাৰ পিতৃ-মাতৃৰ ঘৰত বহি থাকিলাহেঁতেন, তেন্তে তোমালৈ এই উপহাৰবোৰ আহিলহেঁতেন নে?"

ইয়াৰ পিছত তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে আমাক সম্বোধন কৰি ভাষণ প্ৰদান কৰিলে: প্ৰথমে তেখেতে আল্লাহৰ প্ৰশংসা কৰিলে আৰু তেওঁৰ গুণাৱলী বৰ্ণনা কৰিলে, তাৰ পিছত তেখেতে ক'লেঃ "মই তোমালোকৰ মাজৰ কাৰোবাক এনেকুৱা কোনো কৰ্মত নিয়োগ কৰোঁ, যিটোৰ তত্ত্বাৱধায়ক হিচাপে আল্লাহে মোক মনোনীত কৰিছে, কিন্তু সি আহি কয়: 'এইবোৰ হৈছে আপোনালোকৰ ধন, আৰু এইবোৰ হৈছে মোক দিয়া উপহাৰ, যিবোৰ মোক উপহাৰ দিয়া হৈছে।' কোৱাচোন, সি যদি নিজৰ পিতৃ-মাতৃৰ ঘৰত বহি থাকিলহেঁতেন তেন্তে তাৰ ওচৰলৈ সেইবোৰ উপহাৰ আহিলহেঁতেন নে?

আল্লাহৰ শপত! তোমালোকৰ কোনোবাই যদি অন্যায়ভাৱে কোনো বস্তু গ্ৰহণ কৰে, তেন্তে কিয়ামতৰ দিনা সি সেইবোৰ বহন কৰি আল্লাহক সাক্ষাৎ কৰিব। মই নিশ্চিতভাৱে চিনি পাম তোমালোকৰ মাজৰ যিয়ে উট বহন কৰি আল্লাহক সাক্ষাৎ কৰিব, আৰু সেই উট চিঞৰি থাকিব। অথবা গৰু বহন কৰি আনিব, সেই গৰুৱে হাম্বা হাম্বা বুলি ভেবাই থাকিব, নাইবা ছাগলী বহন কৰি আনিব, যিয়ে মে মে কৰি থাকিব।"
ইয়াৰ পিছত তেখেতে নিজৰ হাত উত্তোলন কৰিলে আৰু তেখেতৰ কাষলতিৰ শুভ্ৰতা পৰিলক্ষিত হ'ল, তেখেতে ক'লে: "হে আল্লাহ, মই তোমাৰ বাৰ্তা স্পষ্টভাৱে পোঁচাই দিয়া নাইনে?" এইটো (ঘটনাটো) মই নিজ চকুৰে দেখিছোঁ আৰু নিজ কাণেৰে শুনিছোঁ)।
02

Explanation

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এজন লোকক বনু ছুলাইম গোত্ৰৰ জাকাত সংগ্ৰহ কৰিবলৈ নিয়োগ কৰিছিল, যাৰ নাম আছিল ইবনুল লুতবিয়্যাহ। যেতিয়া তেওঁ জাকাত সংগ্ৰহ কৰি মদিনাত আহি উপস্থিত হ'ল, তেতিয়া তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁক হিচাপ-নিকাচৰ বাবে মাতিলে, ইবনুল লুতবিয়্যাই ক'লেঃ এইবোৰ হৈছে আপোনালোকৰ সম্পদ, যিবোৰ মই জাকাত হিচাপে সংগ্ৰহ কৰিছোঁ, আৰু এইবোৰ হৈছে মোৰ উপহাৰ, যিবোৰ মানুহে মোক প্ৰদান কৰিছে। এই শুনি নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ তুমি যদি সঁচাই সত্যবাদী, তেন্তে তুমি নিজৰ ঘৰত বহি থাকাচোন, কেইজনে তোমাক উপহাৰ দি যায়? প্ৰকৃততে তুমি যিটো কৰ্মত নিয়োজিত আছিলা, সেইটো কৰ্মক ভিত্তি কৰি মানুহে তোমাক উপহাৰ দিছে। যদি তুমি ঘৰত থাকিলাহেঁতেন তেন্তে কোনেও তোমাক উপহাৰ নিদিলেহেঁতেন। সেয়ে উপহাৰ হিচাপে তুমি পাইছা বুলিয়ে ইয়াক বৈধ বুলি গ্ৰহণ কৰা উচিত নহয়। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক্ৰোধান্বিত হৈ মিম্বৰত আৰোহণ কৰিলে, আৰু আল্লাহৰ প্ৰশংসা আৰু গুণগান কৰি ক'লেঃ আম্মা বাদঃ মই তোমালোকৰ মাজৰ এজনক জাকাত আৰু গনীমতৰ সম্পদ সংগ্ৰহ কৰিবলৈ নিযুক্ত কৰিছিলোঁ, যিটোৰ তত্ত্বাৱধায়কৰ দায়িত্ব আল্লাহে মোক অৰ্পন কৰিছে, সেই ব্যক্তিয়ে নিজৰ কৰ্ম সম্পাদন কৰি আহি ক'লে যে, এইবোৰ হৈছে আপোনালোকৰ আৰু এইখিনি হৈছে মোৰ, যিবোৰ মানুহে মোক উপহাৰ দিছে। সি যদি নিজৰ ঘৰত বহি থাকিলহেঁতেন, তেন্তে তাক কোনোবাই উপহাৰ দি গ'লহেঁতেন নে? আল্লাহৰ শপত খাই কৈছোঁ, যিয়ে অন্যায়ভাৱে এনেকুৱা বস্তু গ্ৰহণ কৰিব, সি কিয়ামতৰ দিনা সেইবোৰ নিজৰ কান্ধত বহন কৰি আল্লাহৰ সন্মুখত উপস্থিত হ'ব। যদি সি উট লৈছে তেন্তে সেই উট গৰজি থাকিব, আৰু যদি গৰু লৈছে তেন্তে সেই গৰু হাম্বা হাম্বা বুলি চিঞৰি থাকিব, আনহাতে যদি ছাগলী লৈছে তেন্তে সেই ছাগলী উচ্চস্বৰে মে মে কৰি থাকিব। ইয়াৰ পিছত তেখেতে নিজৰ দুয়ো হাত ইমান ওপৰলৈ উঠালে যে, উপস্থিত লোকসকলে তেখেতৰ কাষলতিৰ শুভ্ৰতা দেখা পালে। ইয়াৰ পিছত তেখেতে ক'লেঃ হে আল্লাহ! তুমি সাক্ষী থাকা, মই তোমালোকক আল্লাহৰ বিধান পৌঁচাই দিছোঁ। ইয়াৰ পিছত আবু হুমাইদ ছায়েদী ৰাদ্বিয়াল্লাহু আনহুৱে কৈছেঃ এইটো এনেকুৱা এটা সংবাদ, যিটো তেওঁ নিজ চকুৰে দেখিছে আৰু নিজ কাণেৰে শুনিছে।
03

Benefits

শাসকে নিজৰ অধীনস্থ লোকসকলক এই কথা স্পষ্টভাৱে বিবৃতি দিয়া উচিত যে, তেওঁলোকৰ বাবে কি কি কৰা আৱশ্যক আৰু তেওঁলোকৰ ওপৰত কি কি নিষিদ্ধ।
মানুহৰ সম্পদ অন্যায়ভাৱে গ্ৰহণ নকৰিবলৈ সকীয়াই দিয়া হৈছে।
প্ৰত্যেক অন্যায়কাৰীয়েই নিজৰ অন্যায় বহন কৰি কিয়ামতৰ দিনা উপস্থিত হ'ব।
ৰাষ্ট্ৰীয় কোনো কামত নিয়োজিত কৰ্মচাৰীৰ কৰ্তব্য হৈছে তেওঁক দিয়া দায়িত্ব সঠিকভাৱে পালন কৰা। নিজৰ কামৰ সৈতে জড়িত কোনো উপহাৰ গ্ৰহণ কৰাৰ তেওঁৰ কোনো অধিকাৰ নাই। যদি কোনোবাই এনেকুৱা উপহাৰ গ্ৰহণ কৰে, তেন্তে সেয়া ৰাজহুৱা কোষাগাৰত (বাইতুল মালত) জমা দিব লাগিব, নিজৰ বাবে গ্ৰহণ কৰাটো তেওঁৰ বাবে বৈধ নহয়। কিয়নো এইটো হৈছে দুৰ্নীতিৰ অন্যতম এটা উপায় আৰু আমানতদাৰীতা লংঘনৰ এটা মাধ্যম।
ইবনু বাত্তালে কৈছে: হাদীছটোৱে প্ৰমাণ কৰে যে, চৰকাৰী কৰ্মচাৰীক দিয়া উপহাৰ তেওঁৰ প্ৰতি কৃতজ্ঞতা স্বৰূপে হ'ব পাৰে, নাইবা মুহাব্বত প্ৰকাশৰ উদ্দেশ্যে হ'ব পাৰে, অথবা তেওঁক সত্যৰ পৰা বিচ্যুত কৰিবলৈ উৎকোচ দিয়াৰ উদ্দেশ্যে হ'ব পাৰে। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত ইংগিত কৰিছে যে, চৰকাৰী কৰ্মচাৰীৰ কোনো বিশেষাধিকাৰ নাই, উপহাৰ গ্ৰহণৰ ক্ষেত্ৰত তেওঁ অন্যান্য সাধাৰণ মুছলিমৰ দৰেই। সেয়ে তেওঁ নিজৰ পদৱীৰ অসদ্ব্যৱহাৰ কৰি এনেকুৱা উপহাৰ গ্ৰহণ কৰা বৈধ নহয়।
ইমাম নাৱাৱীয়ে কৈছেঃ এই হাদীছৰ দ্বাৰা এই কথা স্পষ্ট হয় যে, কৰ্মচাৰীসকলে কৰ্মৰত অৱস্থাত পোৱা উপহাৰ সিহঁতৰ বাবে হাৰাম তথা বিশ্বাসঘাতকতা। কাৰণ সি নিজৰ কৰ্মত আৰু ৰাষ্ট্ৰীয় আমানতত বিশ্বাসঘাতকতা কৰিছে, যিটো গৰিহণাযোগ্য। সেয়ে উক্ত হাদীছটোত ইযাৰ শাস্তি উল্লেখ কৰা হৈছে যে, এনেকুৱা ব্যক্তিয়ে নিজৰ সেই অন্যায়ভাৱে লোৱা উপহাৰ কিয়ামতৰ দিনা পিঠিত আৰু কান্ধত কঢ়িয়াই উপস্থিত হ'ব। এই শাস্তি সেই ব্যক্তিৰ ক্ষেত্ৰতো উল্লেখ হৈছে, যিয়ে যুদ্ধলব্ধ সম্পদ অন্যায়ভাৱে আত্মসাৎ কৰে। হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৰ্মৰত অৱস্থাত উপহাৰ লোৱা হাৰাম হোৱাৰ কাৰণো স্পষ্ট কৰিছে। ইয়াৰ কাৰণ হৈছে তেওঁ ৰাষ্ট্ৰীয় কৰ্মত নিয়োজিত, সাধাৰণ লোক হ'লে তেওঁ এই উপহাৰ কেতিয়াও নাপালেহেঁতেন। আনহাতে সাধাৰণ লোকে উপহাৰ গ্ৰহণ কৰাটো হৈছে মুস্তাহাব।
ইবনুল মুনীৰে কৈছে: নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ এই বাণী, "সি নিজৰ ঘৰত বহি থাকিলে এই উপহাৰ পালেহেঁতেন নে?" প্ৰমাণ হয় যে, কৰ্ম পালনৰ আগৰ পৰাই যিয়ে তাক উপহাৰ দিছিল তেনেকুৱা ব্যক্তিৰ পৰা উপহাৰ গ্ৰহণ কৰা তেওঁৰ বাবে বৈধ। ইবনু হাজাৰে কৈছে: "এই অনুমতি কেৱল তেতিয়াহে প্ৰযোজ্য, যেতিয়া উপহাৰৰ পৰিমাণ সাধাৰণ পৰিসীমাত থাকে (অৰ্থাৎ অতীতৰ দৰেই)।"
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে উপদেশ দিয়াৰ সময়ত ব্যাপকভাৱে উপদেশ দিছিল, কাৰোবাক নিৰ্দিষ্ট কৰি মানহানি কৰিবলৈ নহয়।
ইবনু হাজাৰে কৈছেঃ ইয়াৰ দ্বাৰা প্ৰমাণ হয় যে, দায়িত্বত থকা ব্যক্তিক জবাবদিহি কৰাটো চৰীয়তসন্মত।
ইবনু হাজাৰে কৈছেঃ ইয়াৰ দ্বাৰা এইটোও বুজা যায় যে, ভুল কৰা ব্যক্তিক ভৰ্ৎসনা কৰাও বৈধ।
দুআ কৰাৰ সময়ত দুয়ো হাত উত্তোলন কৰা মুস্তাহাব।

Attribution

[(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})]

Categories

Share

Share hadeeth

Sharing options · 0 Total shares

Share

← Back to encyclopedia
Shopping Basket

Loading...