افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم.
#5650[ছহীহ]
HadeethEnc · 1.16.0

বিছমিল্লাহি আৰকীক, মিন কুল্লি শ্বাইয়িন ইউজীক, অমিন শ্বাৰ্ৰি কুল্লি নাফছিন আও আইনিন হা-ছিদিন, আল্লাহু য়াশ্বফীক, বিছমিল্লাহি আৰকীক।

Available translations

Choose an available translation of this Hadeeth

01

Hadeeth text

আবু ছাঈদ খুদৰী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ জিব্ৰীল আলাইহিচ্ছাল্লামে আহি ক'লেঃ হে মুহাম্মদ! আপুনি অসুস্থতা বোধ কৰি আছে নেকি? তেখেতে ক'লেঃ হয়। তেতিয়া তেওঁ এই বুলি জৰা ফুঁকা কৰিলেঃ "বিছমিল্লাহি আৰকীক, মিন কুল্লি শ্বাইয়িন ইউজীক, অমিন শ্বাৰ্ৰি কুল্লি নাফছিন আও আইনিন হা-ছিদিন, আল্লাহু য়াশ্বফীক, বিছমিল্লাহি আৰকীক।"
02

Explanation

ফিৰিস্তা জিব্ৰীল আলাইহিচ্ছালামে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহি সুধিলেঃ হে মুহাম্মদ! আপুনি অসুস্থ (বেমাৰ হৈছে) নেকি? তেখেতে ক'লেঃ হয়। ইয়াৰ পিছত জিব্ৰীল আলাইহিচ্ছালামে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক এই দুআৰে জৰাফুঁকা কৰিলেঃ «باسم الله» - আল্লাহৰ সহায় লৈ «أرقيك» - মই আপোনাক জৰাফুঁকা কৰিছোঁ «من كل شيء يؤذيك» - প্ৰত্যেক অনিষ্টকাৰী বস্তুৰ পৰা (সৰু হওক বা ডাঙৰ) «من شر كل نفس» - প্ৰত্যেক বেয়া আত্মাৰ অনিষ্টৰ পৰা «أو عين حاسد» - বা হিংসুক দৃষ্টিৰ প্ৰভাৱৰ পৰা «يشفيك» - আল্লাহে আপোনাক সুস্থ কৰিব আৰু ৰক্ষা কৰিব, সকলো প্ৰকাৰ বেমাৰ-আজাৰৰ পৰা «باسم الله أرقيك» - এই বাক্যটো পুনৰাবৃত্তি কৰা হৈছে গুৰুত্ব প্ৰদান কৰিবলৈ। আৰম্ভণিও এই বাক্যৰ দ্বাৰাই কৰিছে আৰু সমাপ্তিও ইয়াৰেই কৰিছে, এইটো বুজাবলৈ যে, আল্লাহৰ বাহিৰে সুস্থতা প্ৰদান কৰিব পৰা শক্তি আন কাৰো নাই।
03

Benefits

বাস্তৱতা প্ৰকাশ কৰিবলৈ বেমাৰ সম্পৰ্কে জনোৱাটো বৈধ, অভিযোগ বা অসন্তুষ্টি প্ৰকাশ কৰাৰ উদ্দেশ্যে নহয়।
ৰুকিয়া (আধ্যাত্মিক চিকিৎসা) কৰাটো নিম্নলিখিত চৰ্ত সাপেক্ষে বৈধ: ১. এয়া হ’ব লাগিব কেৱল কোৰআনৰ আয়াতৰ দ্বাৰা আৰু আল্লাহৰ নাম তথা চৰীয়তসন্মত দুআৰ দ্বাৰা। ২. জৰাফুঁকাৰ ভাষা হ’ব লাগিব আৰবী, অথবা বেলেগ কোনো ভাষাত হ'লে ইয়াৰ অৰ্থ স্পষ্টভাৱে জনা হ’ব লাগিব। ৩. এই বিশ্বাস থাকিব লাগিব যে, ৰুকিয়া স্বয়ং কোনো ফলদায়ক নহয়; এইটো হৈছে কেৱল এটা মাধ্যমহে, ইয়াৰ প্ৰভাৱ সৰ্বশক্তিমান আল্লাহৰ ইচ্ছাৰ ওপৰত নিৰ্ভৰ কৰে। ৪. জৰাফুঁকা হ’ব লাগিব শ্বিৰ্কমুক্ত তথা হাৰাম কৰ্ম আৰু বিদ্আতমুক্ত, লগতে এইবোৰৰ পিনে লৈ যাব পৰা সকলো বিষয়মুক্ত হ’ব লাগিব।
হাদীছটোৱে প্ৰমাণ কৰে যে, বদ নজৰ সত্য, ই ক্ষতিকৰ। সেয়ে ইয়াৰ পৰা সুৰক্ষা বিচৰা উচিত।
উক্ত হাদীছটোত উল্লিখিত বাক্যৰ দ্বাৰা জৰাফুঁকা কৰা মুস্তাহাব।
নবী চাল্লাল্লাহু আলাইহি অছাল্লামেও অন্যান্য মানুহৰ দৰেই এজন মানুহ। অন্যান্য লোকৰ যিদৰে বেমাৰ-আজাৰ হয়, সেইদৰে তেখেতৰো বেমাৰ হৈছিল।
মহান আল্লাহে তেওঁৰ নবীক অত্যন্ত যত্ন সহকাৰে সুৰক্ষা প্ৰদান কৰিছিল, আৰু ইয়াৰ বাবে ফিৰিস্তা নিযুক্ত কৰিছিল।

Attribution

[(মুছলিম)]

Categories

Share

Share hadeeth

Sharing options · 0 Total shares

Share

← Back to encyclopedia
Shopping Basket

Loading...