افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم.
#5504[ছহীহ]
HadeethEnc · 1.16.0

তোমালোকে সত্যক অনিবাৰ্যৰূপে অৱলম্বন কৰা, কাৰণ সত্যই নেকীৰ পথ দেখুৱায়, আৰু নেকীয়ে জান্নাতৰ পথত পৰিচালিত কৰে।

Available translations

Choose an available translation of this Hadeeth

01

Hadeeth text

আব্দুল্লাহ বিন মাছউদ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "তোমালোকে সত্যক অনিবাৰ্যৰূপে অৱলম্বন কৰা, কাৰণ সত্যই নেকীৰ পথ দেখুৱায়, আৰু নেকীয়ে জান্নাতৰ পথত পৰিচালিত কৰে। মানুহে যেতিয়া সদায় সত্য কথা কয় আৰু সত্যৰ সন্ধানত থাকে, তেতিয়া আল্লাহৰ ওচৰত তাক সত্যবাদী বুলি লিপিবদ্ধ কৰা হয়। এইদৰে তোমালোকে মিছা কথাৰ পৰা বিৰত থাকা, কাৰণ মিছা কথাই মানুহক পাপকৰ্মৰ পথ দেখুৱায়, আৰু পাপকৰ্মই মানুহক জাহান্নামত লৈ যায়। মানুহে যেতিয়া সদায় মিছা কথা কয় আৰু মিছাৰ সন্ধানত থাকে, অৱশেষত আল্লাহৰ ওচৰত তাক মিছলীয়া বুলি লিপিবদ্ধ কৰা হয়।"
02

Explanation

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে সত্য কথা ক'বলৈ নিৰ্দেশ দিছে। লগতে জনাইছে যে, ইয়াক মজবুতভাৱে অৱলম্বন কৰিলে ই নেক আমলৰ পথত পৰিচালিত কৰে। এইদৰে নিয়মিত নেক আমল কৰিলে বান্দাৰ বাবে জান্নাতৰ পথ সুগম হয়। লগতে প্ৰকাশ্য-অপ্ৰকাশ্য সকলো অৱস্থাতে সত্যক আঁকোৱালি ল'লে বান্দাক সত্যবাদী বুলি নামকৰণ কৰা হয়। এইটো হৈছে সত্যতাৰ উচ্চ শৃংগ। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে অসত্য কথা তথা মিছা কথাৰ পৰা সতৰ্ক কৰিছে। কাৰণ এনেকুৱা আচৰণে মানুহক সৎপথৰ পৰা আঁতৰাই গুনাহ আৰু পাপকৰ্মৰ পথত পৰিচালিত কৰে। ইয়াৰ পিছত জাহান্নামত লৈ যায়। এইদৰে বান্দা যেতিয়া সদায় মিছা কথাত অভ্যস্ত হৈ পৰে তেতিয়া আল্লাহৰ ওচৰত তাক মিছলীয়া বুলি নামকৰণ কৰা হয়।
03

Benefits

সত্যবাদিতা হৈছে এটা উৎকৃষ্ট শিষ্টাচাৰ। এইটো অৰ্জন কৰিবলৈ অত্যন্ত কষ্ট আৰু মেহনতৰ প্ৰয়োজন হয়। বান্দাই যেতিয়া সদায় সত্য কথা কয় আৰু সত্যৰ সন্ধানত থাকে, অৱশেষত তেওঁ সততাত অভ্যস্ত হৈ পৰে আৰু তেওঁৰ স্বভাৱত পৰিণত হয়, তেতিয়া আল্লাহৰ ওচৰত তাক সত্যবাদী পুণ্যৱান হিচাপে নামকৰণ কৰা হয়।
মিছা কথা হৈছে এটা নিকৃষ্ট আচৰণ, দীৰ্ঘদিনীয়া অভ্যাস আৰু কথা আৰু কৰ্মৰ অধ্যৱসায়ৰ জৰিয়তে এই আচৰণ স্বভাৱত পৰিণত হয়। অৱশেষত এই চৰিত্ৰত অভ্যস্ত হৈ পৰে। ইয়াৰ পিছত আল্লাহৰ ওচৰত তাক মিছলীয়া বুলি নামকৰণ কৰা হয়।
সততাৰ জৰিয়তে ইয়াত সত্য কথাক বুজোৱা হৈছে, এইটো হৈছে মিছা কথাৰ পৰিপন্থী। নিয়্যতৰ ক্ষেত্ৰত সততা হৈছে ইখলাচ। সংকল্পৰ ক্ষেত্ৰত সততা হৈছে কল্যাণকৰ কামৰ নিয়্যত কৰা, এইদৰে কৰ্মৰ ক্ষেত্ৰতো সততা আছে, ইয়াৰ নূন্যতম স্তৰ হৈছে, বাহ্যিক আৰু আভ্যন্তৰীণ উভয় অৱস্থাকে একেই ৰখা। এইদৰে ভয়-ভীতি আৰু আশাৰ ক্ষেত্ৰতো সততা থাকিব লাগে। যিয়ে এইবোৰ শিষ্টাচাৰ অৱলম্বন কৰিব, তেওঁ সত্যবাদী হিচাপে বিবেচিত হ'ব।

Attribution

[(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})]

Categories

Share

Share hadeeth

Sharing options · 0 Total shares

Share

← Back to encyclopedia
Shopping Basket

Loading...