যি ব্যক্তিয়ে আল্লাহৰ প্ৰতি আৰু আখিৰাতৰ প্ৰতি ঈমান পোষণ কৰে, তাৰ বাবে উচিত সি যেন উত্তম কথা কয়, নহ’লে মৌনতা অৱলম্বন কৰে
Choose an available translation of this Hadeeth
Hadeeth text
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ যি ব্যক্তিয়ে আল্লাহৰ প্ৰতি আৰু আখিৰাতৰ প্ৰতি ঈমান পোষণ কৰে, তাৰ বাবে উচিত সি যেন উত্তম কথা কয়, নহ’লে মৌনতা অৱলম্বন কৰে, আৰু যি ব্যক্তিয়ে আল্লাহ আৰু আখিৰাতৰ প্ৰতি ঈমান পোষণ কৰে, তাৰ বাবে উচিত সি যেন নিজৰ প্ৰতিৱেশীক সন্মান কৰে, এইদৰে যি ব্যক্তিয়ে আল্লাহ আৰু আখিৰাতৰ প্ৰতি ঈমান পোষণ কৰে, তাৰ উচিত সি যেন তাৰ অতিথিক সন্মান কৰে।
Explanation
প্ৰথমঃ উত্তম কথা কোৱা, যেনে- তাছবীহ তাহলীল পাঠ কৰা, সৎকৰ্মৰ আদেশ দিয়া আৰু অসৎকৰ্মৰ পৰা মানুহক বিৰত ৰখা, মানুহৰ মাজত সংস্কাৰমূলক কাম কৰা। যদি সি এইবোৰ কৰিব নোৱাৰে তেন্তে সি মৌনতা অৱলম্বন কৰা উচিত, লগতে চেষ্টা কৰা উচিত তাৰ দ্বাৰা যেন আনৰ ক্ষতি নহয়, লগতে সি নিজৰ জিভাৰ হিফাজত কৰা উচিত।
দ্বিতীয়ঃ প্ৰতিৱেশীক সন্মান কৰা। অৰ্থাৎ সিহঁতৰ সৈতে সদ্ব্যৱহাৰ কৰা আৰু সিহঁতক কোনো ধৰণৰ কষ্ট নিদিয়া।
তৃতীয়ঃ সাক্ষাতৰ বাবে অহা অতিথিসকলক সন্মান কৰা, উত্তম কথা কোৱা আৰু আহাৰ কৰোৱা ইত্যাদিৰ মাধ্যমত।
Benefits
জিভাৰ দ্বাৰা হোৱা ভুল-ত্ৰুটিৰ পৰা সতৰ্ক কৰা হৈছে।
ইছলাম ধৰ্ম হৈছে মুহাব্বত আৰু সন্মানৰ ধৰ্ম।
উক্ত বৈশিষ্ট্যসমূহ ঈমানৰ শাখা-প্ৰশাখা আৰু প্ৰশংসনীয় শিষ্টাচাৰৰ অন্তৰ্ভুক্ত।
অলাগতীয়াল তথা অধিক কথা কোৱা প্ৰৱণতাই বেছিভাগ ক্ষেত্ৰতে অপছন্দনীয় তথা হাৰাম কৰ্মৰ প্ৰতি ধাৱিত কৰে। সেয়ে কল্যাণকৰ কথাৰ বাহিৰে মৌন হৈ থকাটোৱে নিৰাপদ।
Attribution
Categories
Share hadeeth
Sharing options · 0 Total shares

