افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم.
#4936[ছহীহ]
HadeethEnc · 1.16.0

বনী ইছৰাঈলৰ নবীসকলে সিহঁতক শাসন কৰিছিল। যেতিয়াই কোনো নবীৰ মৃত্যু হৈছিল, তেতিয়াই বেলেগ কোনো নবী তেওঁৰ স্থলাভিষিক্ত হৈছিল। কিন্তু শুনা! মোৰ পিছত কোনো নবী নাই, কিন্তু অনেক খলীফা হ'ব।

Available translations

Choose an available translation of this Hadeeth

01

Hadeeth text

আবু হাঝিমৰ পৰা বৰ্ণিত তেওঁ কৈছেঃ মই পাঁচ বছৰ পৰ্যন্ত আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ সাহচৰ্য্যত আছিলোঁ। সেই সময়ছোৱাত মই শুনিছোঁ, তেওঁ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা এই হাদীছটো বৰ্ণনা কৰিছিল যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "বনী ইছৰাঈলৰ নবীসকলে সিহঁতক শাসন কৰিছিল। যেতিয়াই কোনো নবীৰ মৃত্যু হৈছিল, তেতিয়াই বেলেগ কোনো নবী তেওঁৰ স্থলাভিষিক্ত হৈছিল। কিন্তু শুনা! মোৰ পিছত কোনো নবী নাই, কিন্তু অনেক খলীফা হ'ব।" চাহাবাসকলে সুধিলেঃ এই ক্ষেত্ৰত আপোনাৰ দিশ-নিৰ্দেশনা কি? তেখেতে ক'লেঃ "তোমালোকে ইজনৰ পিছত সিজনৰ বাইআত কৰি তেওঁলোকৰ হক আদায় কৰিবা। নিশ্চয় আল্লাহে তেওঁলোকক জবাবদিহি কৰিব সেই সকলো বিষয় সম্পৰ্কে যিবোৰৰ দায়িত্ব তেওঁলোকক অৰ্পণ কৰা হৈছিল।"
02

Explanation

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, বনী ইছৰাঈলক সিহঁতৰ নবীসকলে শাসন কৰিছিল। তেওঁলোকেই সেই যাৱতীয় দায়িত্ব পালন কৰিছিল, যিবোৰ দায়িত্ব ৰজা বাদশ্বাহসকলে পালন কৰে। যেতিয়াই সিহঁতৰ মাজত বিপৰ্যয় ঘটিছিল তেতিয়াই আল্লাহে সিহঁতৰ মাজত নবী প্ৰেৰণ কৰিছিল। যাতে সিহঁতৰ মাজত সুচাৰুৰূপে শাসন ব্যৱস্থা বাস্তৱায়ন কৰিব পাৰে আৰু সিহঁতে যিবোৰ বিধান বিকৃত কৰিছে সেইবোৰ দূৰ কৰিব পাৰে। কিয়নো মোৰ পিছত কোনো নবী নাহিব। সেয়ে সিহঁতৰ দৰে পৰিৱেশ বিনষ্ট হোৱাৰ পিছত সেইটোক সংশোধন কৰিবলৈ কোনো নবী নাহিব। কিন্তু মোৰ পিছত বহুতো খলীফা হ'ব, আৰু তেওঁলোকৰ মাজত মতানৈক্য আৰু মতভেদ দেখা দিব। এই কথা শুনি চাহাবাসকলে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক সুধিলে, এই ক্ষেত্ৰত আমাৰ বাবে আপোনাৰ নিৰ্দেশনা কি? তেতিয়া তেখেতে ক'লেঃ যদি এজন খলীফাৰ পিছত আন এজন খলীফাৰ বাইআত কৰা হয়। তেন্তে প্ৰথম খলীফাৰ বাইআত সঠিক বুলি গণ্য হ'ব, আৰু সেইটো পালন কৰা অনিবাৰ্য্য। পক্ষান্তৰে দ্বিতীয়জনৰ বাইআত বাতিল বুলি গণ্য হ'ব, আৰু এনেক্ষেত্ৰত বাইআত গ্ৰহণ কৰাও হাৰাম। তোমালোকে মোৰ পিছত অহা খলীফাসকলৰ হক আদায় কৰিবা, তেওঁলোকৰ অনুসৰণ কৰিবা, গুনাহ নোহোৱা তেওঁলোকৰ সকলো দিশ নিৰ্দেশনা মানিবা। কাৰণ আল্লাহে তেওঁলোকক জবাবদিহি কৰিব আৰু সোধ-পোচ কৰিব যে, তেওঁলোকে তোমালোকৰ সৈতে কেনেকুৱা আচৰণ কৰিছিল।
03

Benefits

নিশ্চিতৰূপে প্ৰজাৰ বাবে এজন নবী অথবা খলীফা হোৱাটো আৱশ্যক, যিয়ে তেওঁলোকৰ কামবোৰ সুচাৰুৰূপে পৰিচালনা কৰিব আৰু তেওঁলোকক সঠিক পথত পৰিচালিত হ'বলৈ উৎসাহিত কৰিব।
আমাৰ নবী মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পিছত আন কোনো নবী নাহিব।
চৰীয়তি নিয়ম পদ্ধতিত নিযুক্ত হোৱা খলীফাৰ বিৰুদ্ধে বিদ্ৰোহৰ পৰা সতৰ্ক কৰা হৈছে।
একে সময়ত দুজন খলীফাৰ বাইআত গ্ৰহণ কৰা জায়েজ নহয়।
ৰাষ্ট্ৰপ্ৰধান তথা গুৰু দায়িত্বত থকা প্ৰতিজন ব্যক্তিৰ দায়িত্ব বহুত ডাঙৰ। কিয়নো আল্লাহে তেওঁক তেওঁৰ অধীনস্থ ব্যক্তি সম্পৰ্কীয় বিষয়ত সোধ-পোচ কৰিব।
ইবনু হাজাৰে কৈছেঃ দুনিয়াৱী বিষয়ৰ ওপৰত দ্বীনি বিষয়ক অগ্ৰাধিকাৰ দিব লাগে। এইকাৰণেই নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ৰাষ্ট্ৰপ্ৰধানৰ অধিকাৰ পূৰণ কৰাৰ নিৰ্দেশ দিছে। কাৰণ ইয়াৰ ফলত দ্বীনি তৎপৰতা অগ্ৰাধিকাৰ পাব, লগতে ফিতনা তথা অনিষ্টতা দূৰ হ'ব। নিজৰ অধিকাৰ পাবলৈ পলম হোৱাত এইটো নুবুজায় যে, সেইটো আৰু পোৱা নাযাব। বৰং আল্লাহে প্ৰতিশ্ৰুতি দিছে যে, তেওঁ তাক নিশ্চিতৰূপে ন্যায় প্ৰদান কৰিব, তাৰ অধিকাৰ তাক প্ৰদান কৰিব, যদিও সেয়া আখিৰাততে নহওক কিয়?
এই হাদীছটোও হৈছে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ নুবুওৱতৰ অন্যতম এটা প্ৰতীক। কিয়নো তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামৰ মৃত্যুৰ পিছত কেইবাজনো খলীফা হৈছে, যিসকলে উম্মতৰ দায়িত্বভাৰ গ্ৰহণ কৰি কিছুমানে ভাল কাম কৰিছে আৰু কিছুমানে ত্ৰুটি কৰিছে।

Attribution

[(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})]

Categories

Share

Share hadeeth

Sharing options · 0 Total shares

Share

← Back to encyclopedia
Shopping Basket

Loading...