افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم.
#4563[ছহীহ]
HadeethEnc · 1.16.0

“ইছলাম হৈছে- তুমি এই সাক্ষ্য দিয়া যে, আল্লাহৰ বাহিৰে আন কোনো সত্য ইলাহ নাই আৰু মুহাম্মদ (চাল্লাল্লাহু ‘আলাইহি অছাল্লাম) হৈছে আল্লাহৰ ৰাছুল, ছালাত প্ৰতিষ্ঠা কৰা, যাকাত আদায় কৰা, ৰমজান মাহৰ চওম পালন কৰা আৰু যদি সামৰ্থ থাকে তেন্তে আল্লাহৰ ঘৰৰ হজ্জ কৰা।”

Available translations

Choose an available translation of this Hadeeth

01

Hadeeth text

ওমৰ ইবনুল খাত্তাব ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত হাদীছত আহিছে, তেওঁ কৈছেঃ এদিনাখন আমি ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লামৰ ওচৰত বহি আছিলোঁ, ঠিক সেই সময়তে হঠাৎ এজন ব্যক্তি আমাৰ সন্মুখত আহি উপস্থিত হ'ল, যাৰ কাপোৰ আছিল অতিকৈ বগা, চুলিবোৰ আছিল ভীষণ ক’লা; তাৰ ওপৰত ভ্ৰমণৰ কোনো লক্ষণ পৰিলক্ষিত হোৱা নাছিল। আমাৰ মাজৰ কোনেও তেওঁক চিনিও পোৱা নাছিল। তেওঁ নবী চাল্লাল্লাহু ‘আলাইহি অছাল্লামৰ ওচৰত আহি বহিল, নিজৰ আঠু তেখেতৰ আঠুৰ লগত মিলাই নিজৰ হাত তেখেতৰ (অথবা নিজৰেই) উৰুত ৰাখি ক’লে: “হে মুহাম্মদ, মোক ইছলাম সম্পৰ্কে জ্ঞান দিয়ক”। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ক’লে: “ইছলাম হৈছে- তুমি এই সাক্ষ্য দিয়া যে, আল্লাহৰ বাহিৰে আন কোনো সত্য ইলাহ নাই আৰু মুহাম্মদ (চাল্লাল্লাহু ‘আলাইহি অছাল্লাম) হৈছে আল্লাহৰ ৰাছুল, ছালাত প্ৰতিষ্ঠা কৰা, যাকাত আদায় কৰা, ৰমজান মাহৰ চওম পালন কৰা আৰু যদি সামৰ্থ থাকে তেন্তে আল্লাহৰ ঘৰৰ হজ্জ কৰা।” তেওঁ (লোকজনে) ক’লে: “আপুনি ঠিকেই কৈছে”। (বৰ্ণনাকাৰীয়ে কৈছে) আমি বিস্মিত হ’লোঁ, তেওঁ নিজেই তেখেতক প্ৰশ্ন কৰি আছে আকৌ নিজেই তেখেতৰ উত্তৰক সঠিক বুলি সমৰ্থন কৰি আছে। তাৰ পিছত তেওঁ ক’লে, “মোক ঈমান সম্পৰ্কে জ্ঞান দিয়ক”। তেখেতে (ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে) ক’লে: “সেয়া হৈছে এই যে- আল্লাহ, তেওঁৰ ফিৰিস্তা, তেওঁৰ কিতাবসমূহ, তেওঁৰ ৰাছুলসকল আৰু আখিৰাতৰ ওপৰত ঈমান পোষণ কৰা, লগতে তাকদীৰৰ (ভাগ্যৰ) ভাল-বেয়াৰ ওপৰত বিশ্বাস স্থাপন কৰা।” তেওঁ ক’লে: “আপুনি ঠিকেই কৈছে”। তাৰ পিছত ক’লে: “মোক ইহছান সম্পৰ্কে জ্ঞান দিয়ক”। তেখেতে ক’লে: “সেয়া হৈছে এই যে- তুমি এনেকৈ আল্লাহৰ ইবাদত কৰা যেনিবা তুমি আল্লাহক দেখি আছা, আৰু যদি তুমি তেওঁক দেখিবলৈ নোপোৱা (অথবা যদি এইটো কল্পনা কৰিব নোৱাৰা) তেন্তে তুমি জানি থোৱা তেওঁ নিশ্চয় তোমাক দেখি আছে”। তেওঁ ক’লে: “মোক কিয়ামত সম্পৰ্কে জ্ঞান দিয়ক”। তেখেতে ক’লে: “যাক প্ৰশ্ন কৰা হৈছে তেওঁ প্ৰশ্নকাৰীতকৈ বেছি একো নাজানে”। তেওঁ ক’লে: “তেন্তে তাৰ লক্ষণ সম্পৰ্কে জ্ঞান দিয়ক”। তেখেতে ক’লে: “সেয়া হৈছে এই যে- দাসীয়ে নিজৰ মালিকক জন্ম দিব, সম্পদ আৰু বস্ত্ৰহীন গৰখীয়াসকলেও ওখ ওখ অট্টালিকাকলৈ দম্ভ কৰিব”। এই কথোপকথনৰ পিছত সেই ব্যক্তিজন গুচি গ’ল, কিন্তু মই আৰু কিছুসময় বহি থাকিলোঁ। তেতিয়া তেখেতে (ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে) মোক ক’লে: “হে ওমৰ! প্ৰশ্নকাৰীজন কোন আছিল, আপুনি জানেনে? মই ক'লোঁ: “আল্লাহ আৰু তেওঁৰ ৰাছুলেহে অধিক ভালকৈ জানে”। তেখেতে ক’লে: “তেওঁ আছিল জিব্ৰীল (আলাইহিচ্ছালাম)। আপোনালোকক আপোনালোকৰ দ্বীন শিক্ষা দিবলৈ আপোনালোকৰ ওচৰলৈ আহিছিল।”
02

Explanation

ওমৰ ৰাদ্বিয়াল্লাহু আনহুৱে হাদীছটোত জনাইছে যে, চাহাবাসকলৰ সন্মুখত জিব্ৰীল আলাইহিচ্ছালাম মানুহৰ ৰূপত আহি উপস্থিত হ'ল, তেওঁৰ কাপোৰবোৰ আছিল অত্যন্ত শুভ্ৰ তথা বগা আৰু চুলিবোৰ আছিল অত্যন্ত ক'লা। কিন্তু তেওঁৰ ওপৰত ভ্ৰমণ কৰি অহাৰ কোনো চিন ছাপ নাছিল, ধুলি বালিও লগা নাছিল, চুলিবোৰো অপৰিপাটি নাছিল, পৰিধান কৰা কাপোৰখিনিতো কোনো ভ্ৰমণৰ প্ৰভাৱ নাছিল, আনহাতে উপস্থিত লোকসকলৰ কোনেও তেওঁক চিনি পোৱা নাছিল। তেওঁলোক নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰতে বহি আছিল। তেওঁ আহি নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সন্মুখত ছাত্ৰৰ দৰে বহিলে, আৰু তেখেতক ইছলাম সম্পৰ্কে প্ৰশ্ন কৰিলে, তেখেতে উত্তৰত ইয়াৰ আৰকান কেইটা উল্লেখ কৰি ক'লে যে, শ্বাহাদাতাইনৰ স্বীকৃতি দিয়া, পাঁচ ওৱাক্ত নামাজ প্ৰতিষ্ঠা কৰা, জাকাত খোৱাৰ উপযুক্ত ব্যক্তিলৈ জাকাত আদায় কৰা, ৰমাজান মাহৰ ৰোজা পালন কৰা, সক্ষম ব্যক্তিয়ে ফৰজ হজ্জ পালন কৰা।

প্ৰশ্নকাৰীয়ে ক'লেঃ আপুনি ঠিকেই কৈছে, এই শুনি চাহাবাসকলে আশ্চৰ্য্য প্ৰকাশ কৰিলে। কাৰণ প্ৰশ্ন কৰাৰ সময়ত এনেকুৱা লাগিল যেনিবা তেওঁ একো নাজানে, কিন্তু উত্তৰ শুনি উত্তৰক সঠিক বুলি কৈ সমৰ্থন কৰিছে।

ইয়াৰ পিছত তেওঁ ঈমান সম্পৰ্কে প্ৰশ্ন কৰিলে। তেখেতে উত্তৰত ঈমানৰ এই ছয়টা আৰকান উল্লেখ কৰিলে। আল্লাহৰ অস্তিত্ব আৰু তেওঁৰ গুণাৱলীসমূহৰ প্ৰতি ঈমান পোষণ কৰা, সকলো ক্ষেত্ৰতে তেওঁক একক বুলি স্বীকাৰ কৰা, যেনে- সৃষ্টি কৰাৰ ক্ষেত্ৰত, ইবাদত আদিৰ ক্ষেত্ৰত। এইদৰে ফিৰিস্তাসকলৰ প্ৰতি ঈমান পোষণ কৰা যিসকলক আল্লাহে নূৰেৰে সৃষ্টি কৰিছে, তেওঁলোক আল্লাহৰ সন্মানীয় বান্দা, তেওঁলোকে কেতিয়াও আল্লাহৰ অবাধ্যতা নকৰে, আল্লাহে যি আদেশ দিয়ে সেইটোৱে পালন কৰে। এইদৰে আল্লাহে ৰাছুলসকলৰ ওপৰত অৱতীৰ্ণ কৰা কিতাবসমূহৰ প্ৰতি ঈমান পোষণ কৰা। যেনে- কোৰআন, তাওৰাত, ইঞ্জীল আদি। এইদৰে ৰাছুলসকলৰ প্ৰতি ঈমান পোষণ কৰা, যিসকলে আল্লাহৰ ফালৰ পৰা লৈ অহা দ্বীন প্ৰচাৰ কৰিছিল। তেওঁলোকৰ মাজৰ অন্যতম হৈছে নূহ, ইব্ৰাহীম, মূছা আৰু ঈছা আলাইহিমুচ্ছালাম আৰু সৰ্বশেষ নবী তথা ৰাছুল মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম। এইদৰে অন্তিম দিৱসৰ প্ৰতি ঈমান পোষণ কৰা, মৃত্যুৰ পিছত হ'বলগীয়া কবৰৰ অৱস্থা আৰু বাৰঝাাখী জিন্দেগী ইয়াৰেই অন্তৰ্ভুক্ত। কাৰণ মানুহক মৃত্যুৰ পিছত পুনৰুত্থিত কৰা হ'ব আৰু হিচাপ-নিকাচ লোৱা হ'ব, ইয়াৰ পিছত তাৰ ঠিকনা হ'ব জান্নাত অন্যথা জাহান্নাম। লগতে ঈমান ৰাখিব লাগিব যে, আল্লাহে তেওঁৰ জ্ঞান অনুযায়ী আৰু হিকমত অনুযায়ী প্ৰতিটো বস্তুৰে পূৰ্বেই ভাগ্য নিৰ্ধাৰণ কৰি ৰাখিছে তথা লিপিবদ্ধ কৰি ৰাখিছে। সেইমতেই প্ৰতিটো বস্তু সংঘটিত হয়। ইয়াৰ পিছত তেওঁ ইহছান সম্পৰ্কে প্ৰশ্ন কৰিলে। ইয়াৰ উত্তৰত তেখেতে কৈছে, ইহছান হৈছে আল্লাহৰ ইবাদত এনেকৈ কৰা যেনিবা তুমি আল্লাহক দেখি আছা। যদি এই অনুভৱ মনলৈ নাহে তেন্তে এইটো অনুভৱ কৰিবলৈ চেষ্টা কৰা যে, আল্লাহে তোমাক দেখি আছে। প্ৰথমটো হৈছে মুশ্বাহাদা, আৰু দ্বিতীয়টো হৈছে মুৰাক্বাবাহ, মুৰাক্বাবাতকৈ মুশ্বাহাদা উচ্চপৰ্যায়ৰ।

ইয়াৰ পিছত তেওঁ প্ৰশ্ন কৰিলে, কিয়ামত কেতিয়া সংঘটিত হ'ব? উত্তৰত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ কিয়ামতৰ সঠিক জ্ঞান আল্লাহে তেওঁৰ ইল্মৰ জৰিয়তে গোপন ৰাখিছে, কোনো সৃষ্টিয়েই সেই বিষয়ে অৱগত নহয়। প্ৰশ্নকাৰীয়েও নাজানে আৰু যাক প্ৰশ্ন কৰা হৈছে তেৱোঁ নাজানে।

ইয়াৰ পিছত তেওঁ কিয়ামতৰ আলামত সম্পৰ্কে প্ৰশ্ন কৰিলে। ইয়াৰ উত্তৰত তেখেতে কৈছে যে, ইয়াৰ অন্যতম আলামত হৈছে দাসী আৰু সিহঁতৰ সন্তানৰ সংখ্যা বৃদ্ধি হ'ব, আৰু সন্তান মাকৰ অবাধ্য হ'ব আনকি মাকৰ সৈতে দাসীৰ দৰে ব্যৱহাৰ কৰিব, এইদৰে দুখীয়া দৰিদ্ৰ ছাগলী চৰোৱা ব্যক্তিয়ে শেষ জামানাত ধন-সম্পদৰ ক্ষেত্ৰত প্ৰশস্ততা লাভ কৰিব, আৰু সিহঁতে নিজৰ অট্টালিকা আদিৰ সৌন্দৰ্য্য আৰু মজবুতিকলৈ অহংকাৰ কৰিব।

ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, প্ৰশ্নকাৰী ব্যক্তিজন আছিল জিব্ৰীল আলাইহিচ্ছালাম, তেওঁ চাহাবাসকলক দ্বীন সম্পৰ্কে জ্ঞান দিবলৈ আহিছিল।
03

Benefits

এইটো নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ উত্তম চৰিত্ৰৰ প্ৰমাণ যে, তেখেতে চাহাবাসকলৰ লগত একেলগে বহিছিল আৰু তেওঁলোকেও তেখেতৰ ওচৰত বহিছিল।
প্ৰশ্নকাৰীৰ প্ৰতি নমনীয়তা পোষণ কৰা আৰু তাক কাষত বহুৱাই লোৱা, যাতে প্ৰশ্নকাৰীয়ে কোনো ধৰণৰ ভয় আৰু দ্বিধা নোহোৱাকৈ প্ৰশ্ন কৰিব পাৰে।
শিক্ষকৰ লগত উত্তম শিষ্টাচাৰ অৱলম্বন কৰিব লাগে, যেনেকৈ জিব্ৰীল আলাইহিচ্ছালামে কৰিছে। কাৰণ, তেওঁ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সন্মুখত শিক্ষা গ্রহণ কৰিবলৈ ভদ্রলোকৰ দৰে বহিছিল।
ইছলামৰ আৰকান হৈছে পাঁচটা আৰু ঈমানৰ মৌলিক বিষয় হৈছে ছয়টা।
ইছলাম আৰু ঈমান একেলগে ব্যৱহাৰ হ’লে, ইছলামৰ দ্বাৰা বাহ্যিক বিষয়বোৰক বুজোৱা হয় আৰু ঈমানৰ দ্বাৰা গায়েবী বিষয়বোৰক বুজোৱা হয়।
এই কথাৰ প্ৰমাণ পোৱা গ'ল যে, দ্বীনৰ কেইবাটাও পৰ্যায় আছে। প্ৰথম পৰ্যায় হৈছে, ইছলাম, দ্বিতীয়টো হৈছে ঈমান আৰু তৃতীয়টো হৈছে ইহছান, আৰু এইটোৱে হৈছে সৰ্বোচ্চ পৰ্যায়।
প্ৰশ্ন কৰাৰ মূল কাৰণ হৈছে প্ৰশ্নকাৰীয়ে বিষয়টো নাজানে, কোনো বিষয়ে নজনাৰ কাৰণেই সচৰাচৰ মানুহে প্ৰশ্ন কৰে। কিন্তু তেওঁ প্ৰশ্ন কৰাৰ পিছত উত্তৰ শুনি সেইটোক আকৌ সত্যায়নো কৰিছিল, সেয়ে চাহাবাসকলে বিষয়টোক আশ্চৰ্য্য হিচাপে লৈছিল।
প্রথমে সর্বাধিক গুৰুত্বপূর্ণ বিষয়টো উল্লেখ কৰিব লাগে, তাৰ পাছত তাতকৈ কম গুৰুত্বপূর্ণ বিষয়টো উল্লেখ কৰিব লাগে। সেইকাৰণেই, তেখেতে ইছলামৰ ব্যাখ্যাত প্রথমে শ্বাহাদাতাইন আৰু ঈমানৰ ব্যাখ্যাত প্রথমে আল্লাহৰ প্রতি ঈমান পোষণ কৰাৰ বিষয়টো উল্লেখ কৰিছে।
কোনো বিষয়ে অৱগত থকাৰ পিছতো কোনো জ্ঞানী ব্যক্তিক এই উদ্দেশ্যত প্ৰশ্ন কৰা যে, যাতে উপস্থিত লোকসকলে বিষয়টো শিকিব পাৰে।
কিয়ামাতৰ জ্ঞান একমাত্ৰ আল্লাহৰ ওচৰতেই আছে।

Attribution

[(মুছলিম)]

Categories

Share

Share hadeeth

Sharing options · 0 Total shares

Share

← Back to encyclopedia
Shopping Basket

Loading...