সকলো কামৰ ফলাফল নিৰ্ভৰ কৰে নিয়্যতৰ ওপৰত, আৰু প্ৰত্যেক ব্যক্তিয়ে সেইটোৱেই পায়, যিটো সি নিয়্যত কৰিছে।
Choose an available translation of this Hadeeth
Hadeeth text
ওমৰ ইবনুল খাত্তাব ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বর্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: “সকলো কামৰ ফলাফল নিৰ্ভৰ কৰে নিয়্যতৰ ওপৰত, আৰু মানুহে সেইটোৱেই পায়, যিটো সি নিয়্যত কৰিছে। এতেকে যি ব্যক্তিয়ে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ বাবে হিজৰত কৰিছে, তাৰ হিজৰত আল্লাহ আৰু তেওঁৰ ৰাছুলৰ ফালেই হৈছে, আৰু যাৰ হিজৰত পৃথিৱী (পাৰ্থিৱ বস্তু) আহৰণ কৰাৰ বাবে অথবা কোনো নাৰীক বিবাহ কৰাৰ বাবে হৈছে, তাৰ হিজৰত সেইমতেই বিবেচিত হ’ব, যি উদ্দেশ্যত সি হিজৰত কৰিছে।” আনহাতে বুখাৰীৰ বাক্যত আছেঃ “সকলো কামৰ ফলাফল নিৰ্ভৰ কৰে নিয়্যতৰ ওপৰত, আৰু প্ৰত্যেক ব্যক্তিয়ে সেইটোৱেই পায়, যিটো সি নিয়্যত কৰিছে।"
Explanation
ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে আমলৰ ক্ষেত্ৰত নিয়্যতৰ প্ৰভাৱ বুজাবলৈ এটা উদাহৰণ দিছে। তেখেতে কৈছেঃ যিয়ে প্ৰতিপালকৰ সন্তুষ্টি অৰ্জন কৰিবলৈ নিজৰ দেশ ত্যাগ কৰিব বা হিজৰত কৰিব, তেন্তে তাৰ সেই হিজৰতক গ্ৰহণযোগ্য হিজৰত হিচাপে মানি লোৱা হ'ব। লগতে সঠিক নিয়্যত পোষণ কৰাৰ বাবে তাক ইয়াৰ উত্তম প্ৰতিদানো দিয়া হ'ব। আনহাতে যিয়ে দুনিয়াৱী স্বাৰ্থ লাভৰ বাবে হিজৰত কৰিব, যেনে- ধন-সম্পদৰ আশাত, বা মৰ্যাদা লাভৰ আশাত, নাইবা ব্যৱসায়-বাণিজ্যৰ আশাত, অথবা বিবাহৰ উদ্দেশ্যে, তেন্তে তেওঁ সেই স্বাৰ্থই লাভ কৰিব যিটো স্বাৰ্থত তেওঁ হিজৰত কৰিছে। তাক কোনো ছোৱাব বা নেকী প্ৰদান কৰা নহয়।
Benefits
যিবোৰ আমলৰ দ্বাৰা আল্লাহৰ নৈকট্য অৱলম্বন কৰা হয়, সেইবোৰ আমল যদি অভ্যাসগত হিচাপে কোনোবাই কৰে তেন্তে সি সেইটোৰ ছোৱাব নাপাব, যেতিয়ালৈকে সি আল্লাহৰ নৈকট্য কামনা নকৰিব তথা ছোৱাব কামনা নকৰিব।
Attribution
Categories
Share hadeeth
Sharing options · 0 Total shares

