তোমালোকে ৰমাজান মাহৰ শেষ দশকৰ বিযোৰ ৰাতিসমূহত লাইলাতুল ক্বদৰ অনুসন্ধান কৰা।
Choose an available translation of this Hadeeth
Hadeeth text
আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "তোমালোকে ৰমাজান মাহৰ শেষ দশকৰ বিযোৰ ৰাতিসমূহত লাইলাতুল ক্বদৰ অনুসন্ধান কৰা।"
Explanation
Benefits
মহান আল্লাহে তেওঁৰ হিকমত আৰু ৰহমতৰ জৰিয়তে এই ৰাতিটোক গোপন ৰাখিছে, যাতে মানুহে এইটো পাবলৈ ইবাদতত অধিক মনোযোগ দিয়ে, লগতে যাতে তেওঁলোকৰ ছোৱাব বৃদ্ধি হয়।
ৰমাজানৰ শেষ দশকত আছে লাইলাতুল ক্বদৰ, বিশেষকৈ বিযোৰ ৰাতিসমূহত।
লাইলাতুল ক্বদৰ হৈছে ৰমাজানৰ শেষ দহ দিনৰ যিকোনো এটা ৰাতিত। যিটো ৰাতিত সৰ্বশক্তিমান আল্লাহে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত কোৰআন অৱতীৰ্ণ কৰিছে। সেই কাৰণে বৰকত আৰু মহত্বৰ দিশত তথা নেক আমলৰ প্ৰভাৱৰ দিশৰ পৰা এই ৰাতিটো হৈছে এহেজাৰ মাহতকৈও উত্তম।
(ليلة القدْر) এই ৰাতিটোৰ নাম হৈছে লাইলাতুল ক্বদ্ৰ, আৰবীত দাল আখৰৰ ওপৰত ছুকুনৰ সৈতে পঢ়িব লাগে। ইয়াৰ এটা অৰ্থ হৈছে সন্মানীয়, যেনে কোৱা হয় فلان عظيم القدر অমুক ব্যক্তিজন মহা সন্মানীয় ব্যক্তি। ইয়াত লাইলা শব্দটোক বিশেষণৰ সৈতে সম্পৃক্ত কৰা হৈছে, গতিকে লাইলাতুল ক্বদ্ৰৰ অৰ্থ হ'ব, সন্মানীয় ৰাতি, অৰ্থাৎ এই ৰাতিটোৰ সন্মান তথা মৰ্যাদা অনেক। যেনে পৱিত্ৰ কোৰআনত আল্লাহে কৈছেঃ ﴿ إِنَّا أَنْزَلْنَاهُ فِي لَيْلَةٍ مُبَارَكَةٍ ﴾ [الدخان: 3] অৰ্থঃ নিশ্চয় আমি এইখন অৱতীৰ্ণ কৰিছোঁ বৰকতময় ৰাতিত। (ছুৰা আদ-দুখানঃ ৩) ইয়াৰ আন এটা অৰ্থ হৈছে তাক্বদীৰ। তেতিয়া ইয়াৰ অৰ্থ হব, এনেকুৱা এটা ৰাতি যি ৰাতিত বছৰটোত হ'বলগীয়া অৱস্থা তথা কাৰ্যপন্থা নিৰ্ধাৰণ কৰা হয়। ﴿ فِيهَا يُفْرَقُ كُلُّ أَمْرٍ حَكِيمٍ ﴾ [الدخان: 4] অৰ্থঃ "সেই ৰাতিত প্ৰত্যেক চূড়ান্ত সিদ্ধান্ত স্থিৰ কৰা হয়।" (ছুৰা আদ-দুখানঃ ৪)
Attribution
Categories
Share hadeeth
Sharing options · 0 Total shares

