افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم.
#4308[ছহীহ]
HadeethEnc · 1.16.0

উত্তম চৰিত্ৰই হৈছে নেকী, আৰু গুনাহ সেইটোক কোৱা হয় যিটোৱে তোমাৰ মনক সংশয়ৰ মাজত পেলায়, আৰু তুমি অপছন্দ কৰা যে, মানুহে সেয়া গম পাওক।

Available translations

Choose an available translation of this Hadeeth

01

Hadeeth text

নাওৱাছ বিন ছামআন আল-আনচাৰী -ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক নেকী আৰু গুনাহ সম্পৰ্কে সুধিলোঁ, তেখেতে ক'লেঃ "উত্তম চৰিত্ৰই হৈছে নেকী, আৰু গুনাহ সেইটোক কোৱা হয় যিটোৱে তোমাৰ মনক সংশয়ৰ মাজত পেলায়, আৰু তুমি অপছন্দ কৰা যে, মানুহে সেয়া গম পাওক।"
02

Explanation

নবী চাল্লাল্লাহু আলাইহি অছাল্লামক নেকী আৰু গুনাহ সম্পৰ্কে প্ৰশ্ন কৰাত, তেখেতে কৈছেঃ

আটাইতকৈ ডাঙৰ নেকী হৈছে উত্তম চৰিত্ৰ। আল্লাহৰ সৈতে উত্তম আচৰণৰ অৰ্থ হৈছে, তেওঁৰ তাক্বৱা অৱলম্বন কৰা। সৃষ্টিৰ সৈতে উত্তম আচৰণৰ অৰ্থ হৈছে, সিহঁতক কষ্ট নিদিয়া। সাধ্য অনুসৰি খং নকৰা, হাঁহিমুখে থকা, উত্তম কথা কোৱা, আত্মীয়তাৰ বন্ধন বজায় ৰখা, নেক কৰ্ম কৰা, নম্ৰতা, ভদ্ৰতা অৱলম্বন কৰা, সংগী-সাৰথিৰ সৈতে সদাচৰণ কৰা আদি।

গুনাহ সেইটোক কোৱা হয়, যিটো কৰিলে অন্তৰ কঁপে আৰু অন্তৰত অশান্তি বিৰাজ কৰে। যেতিয়া কোনো কাম সম্পৰ্কে মনত সন্দেহ হয় বা ভয় হয় যে, সেইটো চাগে গুনাহ হ’ব পাৰে, আৰু সি সেইটোক বেয়া বুলি গণ্য কৰি আনৰ আগত প্ৰকাশ কৰিব নিবিচাৰে, বিশেষকৈ সন্মানীয় মানুহৰ সন্মুখত, তেন্তে এইটোৱে প্ৰমাণ কৰে যে, সেইটো হৈছে এটা গুনাহৰ কাম। কাৰণ মানুহৰ স্বভাৱে এইটো বিচাৰে যে, মানুহে কেৱল তাৰ ভাল কামবোৰ চাওক। এতেকে যেতিয়া কোনো ব্যক্তিয়ে এইটো বিচাৰে যে, তাৰ কিছুমান কাম জনসাধাৰণৰ দৃষ্টিৰ পৰা গোপন থাকক, তেন্তে ইয়াৰ দ্বাৰা স্পষ্ট হয় যে, সেইটো হৈছে এটা গুনাহ, যিটোৰ মাজত কোনো কল্যাণ নাই।
03

Benefits

উত্তম চৰিত্ৰ অৱলম্বন কৰিবলৈ উৎসাহিত কৰা হৈছে। কাৰণ উত্তম চৰিত্ৰই হৈছে নেক আমলৰ আটাইতকৈ ডাঙৰ পৰিচয়।
হক আৰু বাতিল কেতিয়াও মুমিনৰ ক্ষেত্ৰত একত্ৰিত হ'ব নোৱাৰে। বৰং মুমিনে তেওঁৰ অন্তৰত থকা নূৰৰ জৰিয়তে সত্যক চিনি পায়, ফলত তেওঁ বাতিলৰ পৰা আঁতৰি যায় আৰু ইয়াক অস্বীকাৰ কৰে।
গুনাহৰ এটা অন্যতম আলামত হৈছে অন্তৰৰ অস্থিৰতা আৰু মানুহে গম পোৱাৰ আশংকা।
ছিন্ধী ৰাহিমাহুল্লাহে কৈছেঃ "এইটো হৈছে সন্দেহজনক বিষয়ৰ ক্ষেত্ৰত, যিটো ক্ষেত্ৰত মানুহে কোনো এটা পক্ষক নিশ্চিতভাৱে সুনিৰ্দিষ্ট কৰিব নোৱাৰে; অন্যথা যিটো চৰীয়তত স্পষ্টভাৱে নিৰ্দেশ দিয়া হৈছে আৰু যাৰ কোনো স্পষ্ট বিৰোধিতা নাই, সেইটো হৈছে নেক কাম। এইদৰে যিটো স্পষ্টভাৱে নিষিদ্ধ কৰা হৈছে, সেইটো হৈছে পাপকৰ্ম। এই ক্ষেত্ৰত অন্তৰৰ পৰা ফতোৱা লোৱাৰ তথা সান্ত্বনা লোৱাৰ কোনো প্ৰয়োজন নাই।"
হাদীছটোৰ দ্বাৰা সেইসকল লোকক সম্বোধন কৰা হৈছে, যিসকল সুস্থ সঠিক বিবেক তথা বিশুদ্ধ স্বভাৱৰ অধিকাৰী। আনহাতে সেইসকল লোকক সম্বোধন কৰা হোৱা নাই, যিসকলৰ অন্তৰ কলুষিত, যিয়ে সত্যক সত্য বুলি আৰু অসত্যক অসত্য বুলি চিনি নাপায়, বৰং নিজৰ প্ৰবৃত্তিয়ে যি বিচাৰে সেইটোৱে কৰে।
ত্বীবি ৰাহিমাহুল্লাহে কৈছেঃ হাদীছটোত উল্লেখিত (البر) শব্দটোৰ কেইবাটাও অৰ্থ কৰা হৈছে। এটা ঠাইত ইয়াৰ ব্যাখ্যা কৰা হৈছে, সেইবোৰ সৎকৰ্মৰ দ্বাৰা, যিয়ে হৃদয়ক প্ৰশান্তি দিয়ে আৰু সন্তুষ্ট কৰে। এঠাইত ইয়াক ঈমান বুলি ব্যাখ্যা কৰা হৈছে। আন এটা ঠাইত ইয়াৰ ব্যাখ্যা কৰা হৈছে, সেইবোৰ আমলৰ দ্বাৰা যিবোৰে আল্লাহৰ নৈকট্য অৰ্জন কৰায়। লগতে ইয়াত উত্তম চৰিত্ৰৰ অৰ্থ প্ৰকাশ কৰিছে। উত্তম চৰিত্ৰৰ ব্যাখ্যা কৰা হৈছে এনেকৈ, সৃষ্টিক কষ্ট দিয়াৰ পৰা বিৰত থকা, খং নকৰা, হাঁহিমুখে সাক্ষাৎ কৰা, ভাল কথা কোৱা আদি সকলো ইয়াৰ অন্তৰ্ভুক্ত।

Attribution

[(মুছলিম)]

Categories

Share

Share hadeeth

Sharing options · 0 Total shares

Share

← Back to encyclopedia
Shopping Basket

Loading...